অজয় কুমাৰ দত্ত | |
---|---|
জন্ম | অসম, ভাৰত |
পেচা | সমাজ সেৱক |
জনা যায় | সমাজ সেৱা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী |
অজয় কুমাৰ দত্ত (ইংৰাজী: Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী।[1] তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।[2]
অজয় কুমাৰ দত্ত অসমৰ গুৱাহাটীৰ বাসিন্দা। তেওঁ গুৱাহাটী মিউনিচিপালিটিৰ কাউন্সিলৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৭৮ চনত তেওঁ জনতা দলৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কমিউনিষ্ট দলৰ নন্দেশ্বৰ তালুকদাৰক পৰাস্ত কৰে[3][4] আৰু পূব গুৱাহাটী সমষ্টিক প্ৰতিনিধিৰূপে নিৰ্বাচিত হয়।[5]
ভাৰত চৰকাৰে ২০১৬ চনত অজয় কুমাৰ দত্তৰ সমাজসেৱাৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[6]