অনিতা গোয়েল | |
---|---|
জন্ম | ৱৰচেষ্টাৰ,মাচাছুছেটছ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
জাতীয়তা | আমেৰিকান |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞানী চিকিৎসক |
কৰ্মস্থান | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় এমআইটি ষ্টেনফৰ্ড বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | ডুডলেই ৰবাৰ্ট হাৰ্ছবেখ |
জনা যায় | আণৱিক মটৰ নেন'জৈৱপদাৰ্থবিজ্ঞান নেন'প্ৰযুক্তিবিদ্যা |
অনিতা গোয়েল (ইংৰাজী: Anita Goel) হৈছে এগৰাকী আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰু চিকিৎসক। নেন'জৈৱপদাৰ্থবিজ্ঞান, বিশেষকৈ আণৱিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে তেখেতে সমগ্ৰ বিশ্বতে পৰিচিতি লাভ কৰিছে।[1]
অনিতা গোয়েলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ন'বেল বঁটাপ্ৰাপ্ত বিজ্ঞানী ডুডলেই আৰ. হাৰ্ছবেখৰ তত্ত্বাৱধানত তেখেতে গৱেষণাকাৰ্য সমাপ্ত কৰে। তেখেতৰ গৱেষণাপত্ৰৰ শিৰোনাম আছিল-Single Molecule Dynamics of Motor Enzymes Along DNA.(। ) বিশ্বখ্যাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞানত ডিষ্টিংছনসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাত তেখেতৰ তত্ত্বাৱধায়ক আছিল ন'বেল বঁটা বিজয়ী ষ্টিভেন ছু। হাৰ্ভাৰ্ড-এমআইটিৰ স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ(Health Sciences and Technology, HST) যুটীয়া শাখাৰ পৰা তেখেতে এটা এম.ডি.(ডক্তৰ অৱ মেডিছিন) ডিগ্ৰীও লাভ কৰে। [2][3][4]
ৱিকিমিডিয়া কমন্সত Anita Goel সম্পৰ্কীয় মিডিয়া ফাইল আছে। |