অল্লা ৱৰ্দি | |
---|---|
জন্ম | ১৯৮৭ ৰিয়াধ, চৌদি আৰৱ |
সংগীতৰ প্ৰকাৰ | a capella |
পেচা | সুৰকাৰ, গীতিকাৰ, গায়ক আৰু শব্দ অভিযন্ত্ৰা |
বাদ্যযন্ত্ৰ | সংগীত শিল্পী |
ৱেবছাইট | অল্লাৱৰ্দি.কম |
অল্লা ৱৰ্দি (ইংৰাজী: Alaa Wardi, আৰৱী: علاء وردي) (জন্ম ১৯৮৭) এজন চৌদী সংগীত শিল্পী।[1]
ৱৰ্দিৰ জন্ম হৈছিল চৌদি আৰৱৰ ৰিয়াধ মহানগৰত আৰু তাতেই তেওঁ ডাঙৰ দীঘল হৈছিল। ৱৰ্দিয়ে জৰ্দানৰ আম্মানত সংগীত আৰু শব্দ অভিযন্ত্ৰণ (ইংৰাজী: sound engineering)ৰ শিক্ষা লাভ কৰিছিল। বৰ্তমান তেওঁ ৰিয়াধ মহানগৰৰ বাসিন্দা। তেওঁ এগৰাকী সুৰকাৰ, গীতিকাৰ, গায়ক আৰু শব্দ অভিযন্ত্ৰা (ইংৰাজী:audio engineer)।[1]
অল্লা ৱৰ্দিৰ সংগীতৰ একক বৈশিষ্ট্য হৈছে যে, তেওঁৰ গীতসমূহত বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ পৰিৱৰ্তে সংগত কৰা সকলো সাংগীতিক শব্দ মানৱ অংগৰ তালেৰে সৃষ্ট কৰা হয়। এই শৈলীক a capella নামেৰে জনা যায়। আনকি ড্ৰাম ইত্যাদি বাদ্যযন্ত্ৰৰ শব্দও শিল্পীৰ মুখ, ওঁঠ, জিভাৰে কৰা বিভিন্ন শব্দ অথবা শৰীৰৰ অংশবিশেষত কৰা আঘাতৰ দ্বাৰা সৃষ্টি কৰা হয়। বলিউডৰ অতি জনপ্ৰিয় গীত পেহলা নশা... আৰু জিয়া ৰে... ৰ অদ্বিতীয় শৈলীৰ পৰিৱেশনৰ জৰিয়তে তেওঁ বিশ্বব্যাপী খ্যাতি লাভ কৰে। [2] তেওঁৰ সংগীতৰ শ্ৰাৱ্য আৰু দৃশ্য ৰূপসমূহ ইন্টাৰনেটত স্বেচ্ছা মূল্যৰ বিনিময়ত উপলদ্ধ।
২০১১ চনত ৱল্লা ৱৰ্দিয়ে জৰ্দানৰ চাৰিজন সংগীতজ্ঞ ক্ৰমে Odai Shawagfeh, Mohammed Idrei, Amjad Shahrouh আৰু Hakam Abu Soud ৰ সৈতে হয়াজান (ইংৰাজী:Hayajan)নামৰ এটা সংগীত গোষ্ঠী গঠন কৰে। ২০১৩ চনৰ মে' মাহত তেওঁলোকৰ আৰৱী শ্ৰাৱ্য সফুঁৰা Ya bay মুক্তি পায়।
২০১৩ চনৰ অক্টোবৰ মাহত তেওঁ হাস্য অভিনেতা Hisham Fageeh আৰু Fahad Albutairi ৰ সহযোগত "No Woman, No Drive" শীৰ্ষক ইংৰাজী ভাষাৰ এটা বিদ্ৰুপাত্মক সাংগীতিক ভিডিঅ' সৃষ্টি কৰে। চৌদি আৰৱত মহিলাৰ গাড়ীচালনৰ ওপৰত জাৰী কৰা নিষেধাজ্ঞাক বিদ্ৰুপ কৰি এই হাস্যাত্মক ভিডিঅ'টো ৰচিত হৈছে। a capella শৈলীৰ এই গীতটোত কণ্ঠ দিছে Fageeh-য়ে আৰু লগত সহযোগ কৰিছে ৱৰ্দি আৰু Albutairi য়ে। এই গীতটোৰ সুৰ বব মাৰ্লিৰ বিখ্যাত "No Woman, No Cry" গীতটিৰ পৰা লোৱা হৈছে। ইউটিউবত মুক্তি দিয়াৰ পিছৰে পৰা ৱৰ্দিৰ এই ভিডিঅ'টো অত্যন্ত জনপ্ৰিয় হৈ পৰে।