অষ্ট লক্ষ্মী (সংস্কৃত: अष्टलक्ष्मी, "আঠগৰাকী লক্ষ্মী") বা অষ্টলক্ষ্মী হৈছে সম্পদৰ হিন্দু দেৱী লক্ষ্মীৰ আঠটা স্বৰূপ। তেওঁ সম্পদৰ আঠটা উৎসক প্ৰতিনিধিত্ব কৰে।[1] অষ্ট লক্ষ্মীৰ পৰিপ্ৰেক্ষিতত "সম্পদ"ৰ অৰ্থ হৈছে সমৃদ্ধি, উৰ্বৰতা, সৌভাগ্য, সুস্বাস্থ্য, জ্ঞান, ধৈৰ্য, সন্তান আৰু শক্তি।[2]
"শ্ৰী অষ্ট লক্ষ্মী স্ত্ৰোতম" শীৰ্ষক প্ৰাৰ্থনাত অষ্ট লক্ষ্মীৰ প্ৰতিগৰাকীৰে বৰ্ণনা আছে[1] য'ত আটাইকেইগৰাকী অষ্ট লক্ষ্মীক পদুমত বহি থকা বুলি দেখুওৱা হৈছে।
আদি লক্ষ্মী বা মহা লক্ষ্মী ("প্ৰথম / প্ৰাথমিক লক্ষ্মী" বা "মহান লক্ষ্মী") হৈছে লক্ষ্মীৰ এক প্ৰাচীন ৰূপ।[3][2] তেওঁ চতুৰ্ভূজা। এই চাৰিখন হাতৰ দুখন হাতত পদুম আৰু বগা পতাকা, আৰু আন দুখন অভয়া মুদ্ৰা আৰু বৰাদা মুদ্ৰাত থাকে। 'আদি'ৰ অৰ্থ হৈছে উৎস। আদি লক্ষ্মী হৈছে সম্পদ হিচাপে ঐশ্বৰিক নীতি যি এজন সন্ধানকাৰীক তেওঁলোকৰ উৎস অৰ্থাৎ 'আত্মা' বা চেতনাত উপনীত হোৱাত সহায় কৰে। যদি এজন ব্যক্তিয়ে আদি লক্ষ্মীক পূজে, তেওঁ অনায়াসে ধ্যানৰ গভীৰতালৈ যাব পাৰে আৰু পৰম নীৰৱতা, আনন্দ আৰু শান্তিৰ অৱস্থা উপলব্ধি কৰিব পাৰে। আদি লক্ষ্মীৰ অবিহনে এজন সন্ধানকাৰীয়ে তেওঁলোকৰ বিচলিত মনক শান্ত কৰাত ব্যৰ্থ হয়। অষ্ট লক্ষ্মীৰ ভিতৰত এই বিশেষ দিশটো আধ্যাত্মিক সম্পদক আগবঢ়োৱাৰ বাবে দায়বদ্ধ।
ধন লক্ষ্মী, সম্পদৰ দেৱী।[3] দেৱী ষড়ভূজা। তেওঁ ৰক্তবৰ্ণ পোছাক পৰিধান কৰে। তেওঁৰ চাৰিখন হাতত সুদৰ্শন চক্ৰ, শংখ, কলহ (আমৰ পাত আৰু নাৰিকলৰ সৈতে পানীৰ কলহ) বা অমৃত কলহ, ধনু-কাড়, এপাহ পদুম আৰু এখন হাত অভয় মুদ্ৰাত থাকে আৰু ইয়াৰ পৰা সোণৰ মুদ্ৰা সৰি থাকে। ধন লক্ষ্মী, সম্পদৰ দেৱী।[3]
ধন্য লক্ষ্মী ("শস্য লক্ষ্মী") হৈছে কৃষি সম্পদৰ দেৱী। [3] তেওঁ অষ্টভূজা। সেউজীয়া বস্ত্ৰ পৰিহিতা দেৱীৰ দুখন হাতত দুটা পদুম, আৰু আনকেইখন হাতত গদা, ধানৰ থোক, কুঁহিয়াৰ, কল থাকে আৰু দুখন হাত অভয় মুদ্ৰা আৰু বৰদা মুদ্ৰা ভঙ্গীত থাকে। ধন্য লক্ষ্মী হৈছে সম্পদৰ নীতি যিয়ে সেৱন কৰা বা জড়িত হোৱাৰ সামৰ্থ্য প্ৰদান কৰে।
গজলক্ষ্মী এগৰাকী হিন্দু দেৱী। তেওঁ সম্পত্তি হিচাপে জন্তুৰ বাবে আশীৰ্বাদ দিয়ে [4] হাতীৰ সৈতে থকা এইগৰাকী লক্ষ্মী, হিন্দু দেৱী লক্ষ্মীৰ অষ্টলক্ষ্মী ৰূপ বোৰৰ ভিতৰত এটা। এই দিশত, দেৱীক পদুমৰ ওপৰত বহি থকা আৰু তেওঁৰ দুয়োফালে দুটা হাতীৰে চিত্ৰিত কৰা হৈছে। তেওঁক পদ্মাসনেৰে যোগিক ভঙ্গীত বহি থকা বুলি দেখুওৱা হয়, ইয়াৰোপৰি তেওঁ চতুৰ্ভূজা। দেৱীয়ে ওপৰৰ দুয়োখন হাতৰে দুটা পদুম ধাৰণ কৰে, আৰু তলৰ হাত দুখন সাধাৰণতে অভয় আৰু বৰদা মুদ্ৰা ভঙ্গীত পৰিৱেশিত হয়। দেৱীৰ কাষত থকা হাতী দুটাই দেৱীক শুদ্ধিকাৰণ কৰে। হাতী দুটাই দেৱীৰ ওপৰত শুঁড়ৰে পানী ঢালি থাকে। লক্ষ্মীৰ অন্যান্য দিশৰ দৰে এই দিশটোৱে সমৃদ্ধি, সৌভাগ্য আৰু প্ৰাচুৰ্যৰ প্ৰতিনিধিত্ব কৰে। গজলক্ষ্মীৰ এই স্বৰূপ হিন্দু আৰু বৌদ্ধ মূৰ্তিবিদ্যাত সচৰাচৰ দেখা যায়।
সন্তান লক্ষ্মী হৈছে সন্তান প্ৰদান কৰাৰ দেৱী।[3] তেওঁ ষড়ভূজা। দুটা কলহ (আমৰ পাত আৰু নাৰিকলৰ সৈতে পানীৰ কলহ), তৰোৱাল, ঢাল, আৰু দেৱীৰ কোলাত এটা শিশু, অভয় মুদ্ৰাত এখন হাত আৰু আনটোৱে শিশুটোক ধৰি আছে। দেৱীৰ হাতত থকা তৰোৱাল আৰু ঢালে এগৰাকী মাতৃৰ নিজৰ সন্তানক বচাবলৈ কাৰোবাক হত্যা কৰাৰ সামৰ্থ্যৰ প্ৰতীক। শিশুটোৱে এটা পদুম ধৰি ৰাখে।
বীৰ লক্ষ্মী বা ধৈৰ্য লক্ষ্মী ("সাহস লক্ষ্মী") হৈছে সেই গৰাকী দেৱী যি যুদ্ধৰ সময়ত বীৰত্ব প্ৰদান কৰে[3] আৰু জীৱনৰ অসুবিধাবোৰ অতিক্ৰম কৰাৰ বাবে সাহস আৰু শক্তি প্ৰদান কৰে। [2] দেৱী অষ্টভূজা। ৰঙা পোছাকৰে দেৱীয়ে তেওঁৰ হাতত চক্ৰ, শংখ, ধনু, তীৰ, ত্ৰিশূল (বা তৰোৱাল), তাল পাতৰ শাস্ত্ৰ ধাৰণ কৰে, আন দুখন হাত অভয় মুদ্ৰা আৰু বৰদামুদ্ৰা ভঙ্গীমাত থকা দেখুওৱা হয়।
বিজয় লক্ষ্মী বা জয় লক্ষ্মী হৈছে বিজয় দাতা দেৱী।[4] কেৱল যুদ্ধতেই নহয়[3] সফলতা অৰ্জনৰ বাবে বাধা জয় কৰাৰ বাবেও তেওঁ আশীৰ্বাদ দিয়ে।[2] তেওঁ অষ্টভূজা। ৰঙা পোছাকৰে দেৱীয়ে হাতত চক্ৰ, শংখ, তৰোৱাল, ঢাল, পদুম, পাশা ধাৰণ কৰে আৰু আন দুখন হাত ক্ৰমে অভয় মুদ্ৰা আৰু বৰদা মুদ্ৰা ভংগীমাৰে দেখুওৱা হয়।
বিদ্যা লক্ষ্মী ("জ্ঞান লক্ষ্মী") হৈছে কলা আৰু বিজ্ঞানৰ জ্ঞানৰ দেৱী। তেওঁ বগা বস্ত্ৰ পৰিধান কৰে আৰু সৰস্বতী দেৱীৰ সৈতে তেওঁৰ সাদৃশ্য আছে। দেৱীয়ে বেদ, কলম হিচাপে এটা ময়ূৰৰ পাখি ধাৰণ কৰে, আন দুখন হাত বৰদা মুদ্ৰা আৰু অভয় মুদ্ৰাত থাকে। [4]
কিছুমান অষ্ট লক্ষ্মী তালিকাত, লক্ষ্মীৰ অন্যান্য প্ৰকাৰ অন্তৰ্ভুক্ত কৰা হৈছে,