অৰ্জুন বঁটা

অৰ্জুন বঁটা
ব্যক্তিগত বা দলীয়ভাৱে ক্ৰীড়াত অসমান্য অৱদানকাৰীলৈ অসামৰিক বঁটা
প্ৰদান কৰা হয় ভাৰতৰ ক্ৰীড়া সন্মান
পৃষ্ঠপোষক ভাৰত চৰকাৰ
দেশ ভাৰত frameless |text-top |10px |alt=Edit this on Wikidata|link=https://www.wikidata.org/wiki/Q671622?uselang=as#P17|Edit this on Wikidata
পুৰস্কাৰ ১৫,০০,০০০ ভাৰতীয় টকা[1]
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯৬১
শেষবাৰলৈ প্ৰদান কৰা হৈছিল ২০২৩
শ্ৰেষ্ঠাংশ
Total awarded 967 individuals + 1 team award
পূৰ্বৱৰ্তিতা
পৰৱৰ্তী  (উচ্চ) Major Dhyan Chand Khel Ratna
অৰ্জুন বঁটা প্ৰাপক[2]
বৰ্ষ বঁটা প্ৰাপকৰ সংখ্যা
১৯৬১–১৯৬৯
৯৫(+ ১ দলীয় বঁটা)
১৯৭০–১৯৭৯
১৩৬
১৯৮০–১৯৮৯
১৪৭
১৯৯০–১৯৯৯
১৪৭
২০০০–২০০৯
১৫১
২০১০–২০১৯
১৭৮
২০২০–২০২৯
১১৩

অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শন কৰা খেলুৱৈক দিয়া হয়। [3]ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান, ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান হৈছে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। প্ৰাচীন ভাৰতৰ সংস্কৃত মহাকাব্য মহাভাৰতৰ অন্যতম চৰিত্ৰ অৰ্জুনৰ নামেৰে এই অৰ্জুন বঁটাৰ নামকৰণ কৰা হৈছে।[4] হিন্দু ধৰ্মত তেওঁক কঠোৰ পৰিশ্ৰমী, নিষ্ঠা আৰু একাগ্ৰতাৰ প্ৰতীক হিচাপে ধৰা হয়।[5] ইয়াক বছৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা হয়। ১৯৯১–১৯৯২ চনত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰৱৰ্তনৰ পূৰ্বে অৰ্জুন বঁটাই ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান আছিল।[6][7] এই বঁটাৰ বাবে মনোনয়ন পত্ৰ সকলো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচন, ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ (এছ এ আই), ক্ৰীড়া প্ৰচাৰ আৰু নিয়ন্ত্ৰণ ব'ৰ্ড, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু বিগত বৰ্ষৰ মেজৰ ধ্যানচন্দ্ৰ খেলৰত্ন, অৰ্জুন আৰু দ্ৰোনাচাৰ্য বঁটা বিজয়ীৰ পৰা লোৱা হয়। বঁটা প্ৰাপকসকলক মন্ত্ৰালয়ে গঠন কৰা এখন সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত “চাৰি বছৰৰ সময়ছোৱাত ক্ৰীড়াৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন’’ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত “নেতৃত্ব, ক্ৰীড়াশৈলী আৰু অনুশাসনৰ গুণ’’ প্ৰদৰ্শন কৰাৰ বাবে সন্মানিত কৰা হয়। ২০২০ চনৰ হিচাপত এই বঁটাত আছে, “অৰ্জুনৰ ব্ৰঞ্জৰ মূৰ্তি, প্ৰমাণপত্ৰ, আনুষ্ঠানিক অংগবস্ত্ৰ, আৰু ১৫ লাখ টকা (১৮,০০০ মাৰ্কিন ডলাৰ) নগদ পুৰস্কাৰ। ’’

১৯৬১ চনত দেশৰ অসাধাৰণ ক্ৰীড়াবিদসকলক সন্মান জনাবলৈ সৃষ্টি কৰা,[8] বহু বছৰ ধৰি প্ৰচলিত এই বঁটাটোৰ কেইবাটাও সম্প্ৰসাৰণ, পৰ্যালোচনা আৰু যুক্তিসংগতকৰণ কৰা হৈছে। ১৯৭৭ চনত এই বঁটাটোৱে সকলো স্বীকৃতিপ্ৰাপ্ত শাখাকে সামৰি লোৱাৰ লগতে ১৯৯৫ চনত থলুৱা খেল আৰু শাৰীৰিকভাৱে অক্ষম শাখাৰো প্ৰৱৰ্তন কৰে আৰু ১৯৯৫ চনত “আজীৱন অৱদান’’ৰ শিতান প্ৰৱৰ্তন কৰি ২০০২ চনত সুকীয়া ধ্যান চান্দ বঁটাৰ সৃষ্টি কৰে।[9][10] ২০১৮ চনৰ শেহতীয়া সংশোধনীত উল্লেখ কৰা হৈছে যে, এই বঁটা কেৱল অলিম্পিক গেমছ, পেৰা-অলিম্পিক গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, বিশ্ব চেম্পিয়নশ্বিপ আৰু বিশ্বকাপৰ দৰে ইভেণ্টত অন্তৰ্ভুক্ত শাখাসমূহৰ লগতে ক্ৰিকেট, পৰম্পৰাগত খেল আৰু পেৰাস্প’ৰ্টছকহে প্ৰদান কৰা হয়। তদুপৰি বছৰত মাত্ৰ পোন্ধৰটা বঁটা দিয়াৰ কথা বিবেচনা কৰা হৈছে, তাৰ ভিতৰত বৃহৎ বহু-ক্ৰীড়া অনুষ্ঠানত উৎকৃষ্ট প্ৰদৰ্শনৰ ক্ষেত্ৰত শিথিলতা, দলীয় ক্ৰীড়া, লিংগ অনুসৰি আৰু শাৰীৰিকভাৱে প্ৰত্যাহ্বানজনক শ্ৰেণীক অন্ততঃ এটা বঁটা প্ৰদান কৰা।[3]

২০০১ চনৰ পৰা এই বঁটা কেৱল তলত উল্লেখ কৰা শাখাসমূহৰ অন্তৰ্গত শাখাসমূহতহে প্ৰদান কৰা হয়।

  • অলিম্পিক গেমছ / এছিয়ান গেমছ / কমনৱেলথ গেমছ / বিশ্বকাপ / বিশ্ব চেম্পিয়নশ্বিপ শাখা আৰু ক্ৰিকেট
  • পৰম্পৰাগত খেল
  • বিশেষভাৱে সক্ষমসকলৰ বাবে ক্ৰীড়া

প্ৰাপকৰ তালিকা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "A news website NDTV". Ndtvsports.com. https://sports.ndtv.com/othersports/national-sports-awards-2024-how-much-prize-money-do-khel-ratna-arjuna-awardees-get-4828020#:~:text=The%20awardees%20of%20the%20Arjuna,Rs%205%20lakhs%20in%202020.. 
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ArjunaAward নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. 3.0 3.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Scheme নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. Davis, Richard H. (26 October 2014) (en ভাষাত). The Bhagavad Gita. ISBN 978-0-691-13996-8. https://press.princeton.edu/books/hardcover/9780691139968/the-bhagavad-gita. 
  5. "Sports Ministry unveils new look Sports Awards" (Press release). Press Information Bureau, India. 26 August 2009. http://pibarchive.nic.in/newsite/erelease.aspx?relid=52143। আহৰণ কৰা হৈছে: 22 September 2020. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; EverestNews নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. "Vishwanathan Anand gets Rajiv Gandhi Khel Ratna Award" (Press release). Press Information Bureau, India. 18 August 1992. http://pibarchive.nic.in/archive/ArchiveSecondPhase/EDUCATION/1992-MIN-OF-YOUTH-AFFAIRS-&-SPORTS/PDF/YTH-1992-08-18_084.pdf। আহৰণ কৰা হৈছে: 22 September 2020. 
  8. Bhardwaj, D. K.. "India in Sports: Some Fabulous Achievements". Press Information Bureau, India. http://pib.nic.in/feature/feyr2000/ffeb2000/f100220001.html। আহৰণ কৰা হৈছে: 11 February 2017. 
  9. "Cash awards for Arjuna winners" (Press release). Press Information Bureau, India. 12 October 1977. http://pibarchive.nic.in/archive/ArchiveSecondPhase/DEFENCE/1977-JAN-DEC-AWARDS/PDF/DEF-1977-10-12_084.pdf। আহৰণ কৰা হৈছে: 22 September 2020. 
  10. "Arjuna Awards further expanded" (Press release). Press Information Bureau, India. 24 May 1995. http://pibarchive.nic.in/archive/ArchiveSecondPhase/EDUCATION/1995-JAN-DEC-MO-YOUTH-AFFAIRS-&-SPORTS-NO-9/PDF/YTH-1995-05-24_023.pdf। আহৰণ কৰা হৈছে: 22 September 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]