আগ্ৰা ফ'ৰ্ট

ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
আগ্ৰা ফ’ৰ্ট
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম

আগ্ৰা ফ’ৰ্টৰ প্ৰৱেশদ্বাৰ

দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি iii
উদ্ধৃতি ২৫১
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল দক্ষিণ এছিয়া
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৩ (৭তম অধিবেশন)

আগ্ৰা ফ'ৰ্ট (হিন্দী: आगरा का किला, ইংৰাজী: Agra Fort) বা আগ্ৰাৰ লালকিল্লা মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন। এই কিল্লা ১৯৮৩ চনত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাবে (iii) নং বিভাগত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ অন্তৰ্ভুক্ত হয়। দুৰ্গটো ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশআগ্ৰাযমুনা নদীৰ তীৰত অৱস্থিত। মোগল স্থাপত্যৰ অন্যতম নিদৰ্শন তাজমহল আগ্ৰা কিল্লাৰ পৰা মাত্ৰ ২.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

আগ্ৰা ফ'ৰ্ট ৰঙা বেলেপাথৰেৰ তৈয়াৰী। দুৰ্গ প্ৰাংগনৰ আয়তন ২.৫ কি.মি.। দুৰ্গটিৰ অভ্যন্তৰত অনেক প্ৰাসাদ, মিনাৰ আৰু মছজিদ আছে। এইসমূহ ষোড়শ শতাব্দীৰ পৰা অষ্টাদশ শতাব্দীৰ প্ৰথমাৰ্ধৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত হয়। নিৰ্মাণকাৰ্য ষোড়শ শতাব্দীত আকবৰৰ ৰাজত্বকালত আৰম্ভ হয় আৰু অষ্টাদশ শতাব্দীত ঔৰঙ্গজেৱৰ ৰাজত্বকালত শেষ হয়। জাহাঙ্গীৰৰ আৰু শাহজাহানৰ ৰাজত্বকালত দুৰ্গৰ বহু কেইটা স্মাৰক নিৰ্মিত হৈছিল। দুৰ্গ-অভ্যন্তৰৰ উল্লেখযোগ্য দৰ্শনীয় স্থানসমূহ হ'ল খাচ মহল, শীশ মহল, মুহাম্মান বুৰ্জ (এটি অষ্টভূজাকৃতিৰ মিনাৰ), দিৱান-ই-খাচ (১৬৩৭), দিৱান-ই-আম, মোতি মছজিদ (নিৰ্মাণকাল ১৬৪৬-৫৩) আৰু নাগিনা মছজিদ (১৬৫৮-১৭০৭)। এই স্মাৰকসমূহত 'তিমুৰিদ পাৰসিক' শিল্পকলা আৰু 'ভাৰতীয় শিল্পকলা'ৰ এক আশ্চৰ্য মিশ্ৰণ পৰিলক্ষিত হয়।[1][2]


১৫২৬ চনৰ পানিপথৰ প্ৰথম বিশ্ব যুদ্ধৰ পিছত বাবৰে আব্ৰাহম লোদিৰ প্ৰসাদৰ কিলাত থাকিব লৈছিল। তেখেতৰ উত্তৰাধিকাৰি হূূূূমায়ুনক ১৫৩০ চনত কিলাৰ তাজ পিন্ধোৱা হয়। পিছত ১৫৪০ চনত ছেৰ ছাহ সুৰিৰ হাতত পৰাজিত হয়। দুৰ্গটো ১৫৫৫ চন পৰ্যন্ত সুৰিৰ হাতত থাকে,পিছত হূমায়ুনে পুনৰ দখল কৰে। আদিল শাহ সুৰিৰ সেনাপতি হিমুৱে ১৫৫৬ চনত আগ্ৰা পুনৰ দখল কৰে আৰু তেখেত দিল্লি আহি পায়,তাতেই তেখেতৰ তুগলকাবাদৰ যুদ্ধত মোগল সকলৰ লগত সাক্ষাত হয়। নিজৰ কেন্দ্ৰীয় স্থিতিৰ মহত্ত্ব বুজি আকবৰে ইয়াক নিজৰ ৰাজধানী বনাই আৰু ১৫৫৮ চনত আগ্ৰালৈ আহে। ইতিহাসবিদ আবুলফজলে লিপিবদ্ব কৰিছে যে ইয়াত এটা ইটাৰ কিলা আছিল যাক "বাদল গড়" নামেৰে জনা যায়। ইয়াৰ এটা অংশ বিধস্ত অৱস্থাত আছিল আৰু আকৱৰে ৰাজস্থানৰ ধৌলপুৰ জিলাৰ বড়ৌলি অঞ্চলৰ পৰাই ৰঙাবেলে পাথৰেৰে পুনৰ নিৰ্মাণ কৰে। প্ৰায় ৪০০০ শ্ৰমিকেৰে ৮বছৰ কাম কৰি ১৫৭৩ চনত সম্পূৰ্ণ কৰে। এই দূৰ্গটো ১৩বছৰ ধৰি ভৰতপুৰৰ জাট শাসকৰ অধিনত আছিল ১৮ শতাব্দীৰ আৰম্ভণিত মাৰাঠা সকলে আক্ৰমণ কৰি মাৰাঠা সকলৰ অধিনত আনে। ইয়াৰ পিছতো মাৰাঠা আৰু মোগল সকলৰ মাজত সাম্ৰাজ্যৰ হাত-বদল হৈছিল। ১৭৬১ খ্ৰীষ্টাব্দত আহমদশাহ আবদালীৰ দ্বাৰা হোৱা পানীপথৰ তৃতীয় যুদ্ধত ভয়াৱহ পৰাজয়ৰ পিছত মাৰাঠা সকল পৰৱৰ্তী দশক পৰ্যন্ত এই অঞ্চলৰ পৰা দূৰত থাকে। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত দূৰ্গটো যুদ্ধৰ স্থান আছিল। এই যুদ্ধৰ সময়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনৰ অৱসান ঘটে, আৰু বৃটেনৰ দ্বাৰা ভাৰতত এক শতাব্দীৰ প্ৰত্যক্ষ শাসনৰ দিশে পৰিচালিত হয়।

আগ্ৰাৰ কিল্লাৰ ভিতৰৰ কিছু ঐতিহাসিক স্থল

[সম্পাদনা কৰক]
  • জাহাংগীৰৰ প্ৰসাদ
  • শাহজাহানী মহল
  • গজনীন গেট
  • জাহাংগীৰৰ ন্যায়ালয়
  • মুঠামানৰ বুৰ্জ (শাহবুৰ্জ) আৰু ঝাড়োখা
  • শিশ মহল

চিত্ৰ বিথিকা

[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "World Heritage List no. 251" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/251.pdf। আহৰণ কৰা হৈছে: 2010-10-02. 
  2. "Agra Fort". UNESCO. http://whc.unesco.org/en/list/251। আহৰণ কৰা হৈছে: 2010-10-02. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

স্থানাংক: 27°10′46″N 78°01′16″E / 27.179542°N 78.021101°E / 27.179542; 78.021101