ইব্ৰাহিমীয় ধৰ্ম বা আব্ৰাহামিক ধৰ্ম (ইংৰাজী: Abrahamic Religions) বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি[1] অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান।[2][3][4] এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল। ভাৰত, চীন, জাপান ইত্যাদি দেশৰ উপজাতিয় অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। তুলনামূলক ধৰ্মতত্ত্বত যি তিনিটা ধৰ্মগত শ্ৰেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্ৰাহিমীয় ধৰ্ম এটা শ্ৰেণী; অন্য দুটা শ্ৰেণী হৈছে ভাৰতীয় ধৰ্ম (উদাহৰণ- হিন্দু ধৰ্ম) আৰু পূৰ্ৱ এচিয় ধৰ্ম।[5]
সূচনালগ্ন অণুসৰি ক্ৰমবিন্যাস কৰিলে পোৱা প্ৰধান তিনিটা ইব্ৰাহিমীয় ধৰ্ম হৈছে- ইহুদী ধৰ্ম বা জুডাইজম, খ্ৰীষ্টান ধৰ্ম, আৰু ইছলাম।[6]
ইহুদী ধৰ্ম অনুসৰি সকলে নিজক ইব্ৰাহিমৰ পুত্ৰ জ্যাকব (বা ইয়াকুব)-ৰ উত্তৰপুৰুষ বুলি ভাবে। এই ধৰ্ম কঠোৰভাৱে একেশ্বৰবাদত বিশ্বাসী। সিহঁতৰ মূল ধৰ্মীয় বিধান অনুসৰি এই ধৰ্মৰ অন্তৰ্গত সকলো শাখাৰ মূলগত ধৰ্মগ্ৰন্থ এটাই- তোৰাহ বা তানাখ বা তাওৰাত বা হিব্ৰু বাইবেল। ইহুদীসকলৰ ইতিহাসজুৰি বিভিন্ন ধৰ্ম সংশ্লিষ্ট পন্ডিত ব্যক্তি ইহুদী ধৰ্মৰ মূল মত নিৰ্দিষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস প্ৰস্তাৱ কৰে, যিবোৰৰ সকলো বোৰেই বিভিন্ন আলোচনা-সমালোচনাৰ মাজেদি যায়। আটাইতকৈ গ্ৰহণযোগ্য ব্যৱস্থা বুলি Maimonides প্ৰদত্ত "বিশ্বাসৰ তেৰটা নীতি" স্বীকৃত, যিটো দ্বাদশ শতকত প্ৰদত্ত হয়। অৰ্থোডক্স ইহুদী আৰু ৰক্ষণশীল ইহুদীৰ মতে, মুছা বা মোজেছ সম্পৰ্কিত ভৱিষ্যতবাণী সত্য; তেখেত পূৰ্ৱ বা পৰৱৰ্ত্তী সকলো নবী তথা প্ৰেৰিত পুৰুষৰ নেতৃত্বস্থানীয়।
খ্ৰীষ্টান ধৰ্ম সূচিত হয় ইহুদী ধৰ্মৰ এটা শাখা হিচাপে। ইয়াৰ উৎপত্তি ভূমধ্যসাগৰীয় খ্ৰিষ্টীয় প্ৰথম শতকত। পৰৱৰ্তীত এটা পৃথক বিশ্বাস আৰু ধৰ্মাচাৰণ যুক্ত বেলেগ ধৰ্ম হিচাপে বিস্তৃত হয়। খ্ৰীষ্টানধৰ্মৰ কেন্দ্ৰীয় চৰিত্ৰৰ নাম যিশু বা জিযাছ বা ঈছা- প্ৰায় সকলোৰৰ বিশ্বাস যে তেখেত ঐশ্বৰিক আছিল। খ্ৰিষ্টিয় ত্ৰিত্ব বা ট্ৰিনিটি মতানুযায়ী যিশু ঐশ্বৰিক তিনিটা চৰিত্ৰৰ এজন। খ্ৰিষ্টিয় বাইবেল খ্ৰীষ্টান ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ হিচাপে বিবেচিত; কিন্তু এইক্ষেত্ৰত ঐতিহ্যগত কিছু মতপাৰ্থক্য পৰিলক্ষিত হয়, যেনেকৈঃ- লোমান ক্যাথলিকৰ মত আৰু পূৰ্ৱস্থিতি অৰ্থোডক্স মত।
পৃথিৱীৰ প্ৰথম মানৱ হজৰত আদম আঃ ৰ পৰাই ইছলাম ধৰ্মত আৰম্ভনি। হজৰত আদম (এডাম) ইছলামৰ প্ৰথম নবী আৰু 570 খ্ৰিষ্টাব্দত জন্ম লয় এই ধৰ্মৰ সৰ্ৱশেষ নবী হজৰত মুহাম্মাদ (ছাঃ), পূৰ্ৱৰ সকলী ধৰ্মপ্ৰচাৰক আল্লাহ (ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সতৰ্ককাৰী হিচাপে মানি লয় আৰু মুহাম্মদ(ছাঃ)য়েই সতৰ্ককাৰী ৰূপে ইছলাম ধৰ্ম প্ৰচাৰ কৰে বুলি মুছলিম সকলে বিশ্বাস কৰে। ইছলাম ধৰ্মৰ মূল বিশ্বাস হ'লঃ- আল্লাহ'ৰ কোনো অংশীদাৰ নাই আৰু মুহাম্মাদ (ছাঃ) আল্লাহৰ বাৰ্তাবাহক। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ কোৰআন, আৰু কোৰআন ব্যাখ্যাত সহায় ল'ব লগা হয় হাদিছ সংকলন সমূহৰ উপৰত। এই ধৰ্মৰ উল্লেখযোগ্য দিশ হ'ল, জীৱনযাত্ৰাৰ সৰ্ৱত্ৰ, যেনেকৈঃ ৰাজনীতি, সমাজনীতি, পোছাক, খাদ্য, মিলাপ্ৰীতি ইত্যাদিত এই ধৰ্মই নিজেক জৰিত কৰি আত্মপ্ৰকাশ কৰে। এই ধৰ্মই মুছলিম জাতিৰ পূৰ্ৱপুৰুষ হিচাপে ইব্ৰাহিম (আঃ) ক উল্লেখ কৰি থাকে। ইয়াৰ উপৰিও অন্যান্য নবীসকলকোও আল্লাহ'ৰ প্ৰেৰিত পুৰুষ হিচাপে স্বীকাৰ আৰু সম্মান কৰে। ইছলাম শব্দৰ অৰ্থ আত্মসমৰ্পণ কৰা।