আলমাবট্ৰিব

বেড ক্লেইনকিৰ্চহাইমলৈ গৰু-ম’হৰ যাত্ৰা

আলমাবট্ৰিব (Almabtrieb, ছুইজাৰলেণ্ডত: আলপাবজুগ, আলপাবফাৰ্ট, বা ফৰাচী ভাষীত চুইজাৰলেণ্ড: ডেছালপেছ; জাৰ্মান ভাষা আক্ষৰিক অৰ্থত: পাহাৰীয়া চৰণীয়া পথাৰৰ পৰা ঘূৰি অহা) ইউৰোপ ৰ আলপাইন অঞ্চলত বাৰ্ষিক অনুষ্ঠান, ছেপ্টেম্বৰৰ শেষৰ ফালে বা অক্টোবৰৰ আৰম্ভণিতে হোৱা গৰু-ম’হৰ ঘৰলৈ ঘূৰি অহা বুজায় ।

যেতিয়া দিনবোৰ চুটি হয় আৰু ৰাতিবোৰ ঠাণ্ডা হয়, তেতিয়া গৰু-ম’হ আৰু পশুপালকসকলে আলপচ এৰি উপত্যকালৈ উভতি যোৱাৰ সময় হয়৷ তলৰ পথাৰলৈ জাকবোৰ ঘূৰি অহাটো চুইজাৰলেণ্ডৰ অন্যতম উদযাপিত আলপাইন উৎসৱ – আৰু গৰু, ভেড়া আৰু ছাগলীক ডাল-পাত আৰু ফুলেৰে কলাত্মকভাৱে সজাই তোলাৰ বাবে অন্যতম সুন্দৰ উৎসৱ।[1]

আলমাবট্ৰিব অবেৰমাইজেলষ্টেইন ২০১৩
শ্ব'ৱাৰ্জেনবাৰ্গ গৰু-ম’হৰ যাত্ৰা

গ্ৰীষ্মকালত সমগ্ৰ আলপাইন অঞ্চলত গৰুৰ জাকে পাহাৰৰ ওখ ঠাইত চৰণীয়া পথাৰত ( অষ্ট্ৰিয়া বা জাৰ্মানী ৰ আলমেন, চুইজাৰলেণ্ডৰ আলপাইন)ঘাঁহ খায়, যিটো প্ৰথাক ট্ৰেন্সহুমেন্স বুলি জনা যায়। সংখ্যাত ইয়াৰ পৰিমাণ অষ্ট্ৰিয়াত প্ৰায় ৫ লাখ, ছুইজাৰলেণ্ডত ৩ লাখ ৮০ হাজাৰ আৰু জাৰ্মানীত ৫০ হাজাৰ হয়।

পৰম্পৰা

[সম্পাদনা কৰক]

গ্ৰীষ্মকালত আলম বা আলপাইন অঞ্চলত প্ৰায়ে গৰু-ম’হৰ অহা যোৱা হয় আৰু সাধাৰণতে শৰৎকালত গৰু-ম’হবোৰক উপত্যকাত থকা নিজৰ ঘৰবিলাকৰ গোহালীলৈ নমাই আনোতে গৰুৰ ডিঙিৰ ঘণ্টাৰ ধ্বনিৰে গৰু-ম’হৰ যাত্ৰা হয় । যদি গৰমৰ দিনত আল্পচত কোনো দুৰ্ঘটনা নহয়, তেন্তে বহু অঞ্চলত গৰু-ম’হবোৰ সুন্দৰকৈ সজাই তোলা হয়, আৰু গৰু-ম’হৰ যাত্ৰাটো চহৰ-গাঁৱত সংগীত, ভোজ-ভাত আৰু নৃত্যৰ অনুষ্ঠানেৰে উদযাপন কৰা হয়। উপত্যকাত উপস্থিত হোৱাৰ লগে লগে ভিয়েহশ্বেইডত একাধিক কৃষকৰ যৌথ জাকক ভাগ কৰা হয় আৰু প্ৰতিটো প্ৰাণীক মালিকক ঘূৰাই দিয়া হয়।

আলমাবট্ৰিবৰ কেইবাঠাইতো মদ্যপানৰে ৰাজহুৱা উৎসৱত কৃষি আৰু শিল্পীৰ[2] সামগ্ৰী বিক্ৰীৰ বাবে বুথ স্থাপন কৰা হৈছে। এই আলপাইন প্ৰথাৰ বাবে আজি এই চহৰ কেইখন এক প্ৰধান পৰ্যটনস্থলীলৈ পৰিণত হৈছে ।

বসন্ত কালত গৰু-ম’হৰ যাত্ৰা উপত্যকাৰ পৰা আল্পলৈ (চুইজাৰলেণ্ডত: আলপাউফজুগ, আলফাহৰ্ট, আলপাফফাৰ্ট; জাৰ্মানী/অষ্ট্ৰিয়াত: আলমাউট্ৰিব)ওলোটা গতি কৰে। চুইজাৰলেণ্ডত ইয়াক উদযাপন কৰা হয়। ১৮৯৬ চনত চুইজাৰলেণ্ডত নিৰ্মিত প্ৰথম ছবিসমূহৰ ভিতৰত এখনত আলপাউফজুগ দেখুওৱা হৈছিল।[3] জাৰ্মানী আৰু অষ্ট্ৰিয়াত অৱশ্যে ইয়াক পালন কৰা নহয়।

একেধৰণৰ পৰিঘটনা, পোলেণ্ডত ৰেডিক আৰু আইডাহ'ত গৰুৰ সলনি ভেড়াৰ ক্ষেত্ৰত, হয়।

বেড ক্লেইনকিৰ্চহাইমলৈ গৰু-ম’হৰ যাত্ৰা
আইডাহৰ ২০১৮ চনৰ ভেড়াৰ যাত্ৰা

ট্ৰেইলিং অৱ দ্য শ্বীপ হৈছে আইডাহ’ৰ কেচাম আৰু হাইলীৰ ছান ভেলীত বাৰ্ষিক অক্টোবৰ উৎসৱ আৰু পেৰেড। প্ৰতিটো শৰতৰ সময়ত ইয়াক পাহাৰৰ পৰা জাকবোৰক শীতকালীন চৰণীয়া ঘৰলৈ লৈ যোৱা হয়। ই অষ্ট্ৰিয়াৰ আলমাবট্ৰিবৰ দৰেই, আৰু ইয়াৰ উদ্দেশ্য হৈছে পশ্চিম আমেৰিকাৰ ভেড়া পালনৰ ইতিহাস আৰু পৰম্পৰাৰ উদযাপন।[4]

এলম (জি এল, চুইজাৰলেণ্ড)ত আলপাবজুগ ২০১৯

গৰু-ম’হৰ প্ৰতিটো উভতি অহাৰ আকৰ্ষণীয় দিশ হ’ল গৰু-ম’হবোৰে পিন্ধা ৰঙীন ফুলৰ মুকুট। পশুপালকসকলে সযতনে সেই জীৱ-জন্তুবোৰ বাছি লয় যিবোৰে নামিবলৈ মুকুট পিন্ধিব পাৰে। বিশেষকৈ যিবোৰ গৰু বেছিকৈ গাখীৰ দিছিল বা জাকক নেতৃত্ব দিয়া গৰুবোৰক যত্নৰে সজাই তোলা হয়। তথাকথিত ‘tschäppl’ ফুলৰ মুকুটৰ ডিজাইন ফাৰ্মভেদে বেলেগ বেলেগ। সজ্জাৰ বাবে বেছিভাগেই ঋতুভিত্তিক ফুল আৰু ডাল-পাত যেনে সূৰ্য্যমুখী, ক্ৰাইচেন্থেমম বা ডালিয়া ব্যৱহাৰ কৰা হৈছে। ডাঙৰ ডাঙৰ ব্যৱস্থাৰ ওজন কম কৰিবলৈ টিছু ফুল ব্যৱহাৰ কৰা হয়। অঞ্চল আৰু প্ৰথাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ক্ৰছ, কাঠৰ পেনেল, ষ্টাইৰ’ফ’মৰ মুকুট, ওলোটাকৈ গাখীৰ খীৰোৱা টুল বা পোনপটীয়াকৈ গৰুৰ শিং সজাই তোলা হয়।[5]


https://www.youtube.com/watch?v=XzXtPVV_9WM

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. https://www.myswitzerland.com/en-ca/experiences/summer-autumn/autumn/cattle-descent-from-alpine-pastures/
  2. "Alpaufzug / Alpabzug". Lucerne Convention Bureau (in Swiss High German). Retrieved 2022-11-26.
  3. Eugster, David (19 November 2022). "Blindendelegierter, Seifenverkäufer und Filmpionier". Swissinfo (in German). Retrieved 2022-11-26.
  4. https://en.wikipedia.org/wiki/Trailing_of_the_Sheep
  5. https://www.myswitzerland.com/en-ca/experiences/summer-autumn/autumn/cattle-descent-from-alpine-pastures/