ইনছুলিন (Latin insula-ৰ পৰা, অৰ্থ- দ্বীপ) অগ্ন্যাশয়ৰ বিটা কোষসমূহে তৈয়াৰ কৰা এক পেপ্টাইড হৰম'ন। ইয়াৰ দেহৰ প্ৰধান শক্তিদায়ক (anabolic) হৰম'ন হিচাপে গণ্য কৰা হয়।[1] মূলতঃ গ্লুক'জক যকৃৎ, চৰ্বি আৰু মাংসপেশীলৈ শোষণ কৰি ই শৰ্কৰা, স্নেহ পদাৰ্থ আৰু প্ৰ'টিনৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।[2] এই কলাবোৰত পৰিশোষিত গ্লুক'জ গ্লাইক'জেনেছিছৰ জৰিয়তে গ্লাইক'জেনলৈ বা লিপ'জেনেছিছৰ জৰিয়তে স্নেহ পদাৰ্থলৈ ৰূপান্তৰিত হয়।[2] যকৃতত গ্লুক'জৰ উৎপাদন আৰু নিঃসৰণ কাৰ্যত তেজত ইনছুলিনৰ উচ্চ মাত্ৰাই বাধা দিয়ে।[3] ইনছুলিনে বহু কলাত প্ৰ'টিনৰ সংশ্লেষণতো প্ৰভাৱ পেলায়। তেজৰ সৰু অণুবোৰক কোষৰ ভিতৰত ডাঙৰ অণুলৈ পৰিৱৰ্তন কৰা বাবে ইয়াক শক্তিদায়ক হৰম'ন বুলি কোৱা হয়। তেজত ইনছুলিনৰ নিম্ন মাত্ৰাই ওলোটা প্ৰভাৱ পেলায় আৰু ঘাইকৈ চৰ্বিৰ ক্ষয় কৰে।
বিটা কোষসমূহ তেজত শৰ্কৰাৰ মাত্ৰাৰ প্ৰতি অতি সংবেদনশীল। গ্লুক'জৰ মাত্ৰা বেছি হ'লে বিটা কোষে তেজলৈ ইনছুলিন নিঃসৰণ কৰে; গ্লুক'জ মাত্ৰা কমিলে ইনছুলিনৰ নিঃসৰণ প্ৰতিহত হয়।[4] কাষৰীয়া আলফা কোষসমূহে বিটা কোষৰ পৰা তথ্য লাভ কৰি[4] তেজলৈ ওলোটা ধৰণে গ্লুকাগ'ন নিঃসৰণ কৰে। তেজত গ্লুক'জৰ মাত্ৰা কমিলে গ্লুকাগ'ন নিঃসৰণ বাঢ়ে আৰু গ্লুক'জ বাঢ়িলে গ্লুকাগ'ন নিঃসৰণ কমে।[2][4] যকৃতত গ্লাইক'জেন'লাইছিছ আৰু গ্লুক'নিঅ'জেনেছিছৰ জৰিয়তে গ্লুকাগ'নে ইনছুলিনৰ বিপৰীত কাম কৰে।[2][4] তেজত গ্লুক'জৰ মাত্ৰা অনুসৰি ইনছুলিন আৰু গ্লুকাগ'নৰ নিঃসৰণ গ্লুক'জ ভাৰসাম্যতাৰ প্ৰাথমিক পদ্ধতি।[4]
নিজ-অনাক্ৰম্য (autoimmune) প্ৰক্ৰিয়াই বিটা কোষসমূহ ধ্বংস কৰিলে ইনছুলিনৰ উৎপাদন আৰু নিঃসৰণ ব্যাহত হয়। ইয়াৰ ফলত প্ৰথম প্ৰকাৰৰ ডায়েবিটিছ মেলিটাছৰ সৃষ্টি হয় য'ত তেজৰ গ্লুক'জৰ পৰিমাণ অস্বাভাৱিকভাৱে বাঢ়ে আৰু শৰীৰ ক্ষীণকায় হয়।[5] দ্বিতীয় প্ৰকাৰৰ ডায়েবিটিছ মেলিটাছ নিজ-অনাক্ৰম্যতাৰ বাবে নহয় আৰু ইয়াত বিটা কোষৰ ক্ষতিৰ পৰিমাণো কম। এই ৰোগত অগ্ন্যাশয়ত এমাইলয়ড জমা হৈ কলাবোৰৰ ক্ষতি কৰে।[4] ৰোগীসকলৰ গাত অগ্ন্যাশয়ৰ বিটা কোষ কমি যায়, বাছি থকা বিটা কোষৰ নিঃসৰণ কমে আৰু প্ৰান্তীয় কলাত ইনছুলিন প্ৰতিৰোধ গঢ় লৈ উঠে।[1] তেজৰ গ্লুক'জৰ পৰিমাণ নিৰ্বিশেষে গ্লুকাগ'নৰ নিঃসৰণ বাঢ়ে। গ্লুক'জৰ মাত্ৰা অনুসৰি কমকৈ হ'লেও ইনছুলিনৰ নিঃসৰণ অব্যাহত থাকে।[4] বিভিন্ন মুখেৰে খোৱা ঔষধেৰে ইয়াৰ চিকিৎসা কৰা হয়। অগ্ন্যাশয়ৰ ইনছুলিন নিঃসৰণ ক্ষমতা কমি আহিলে ৰোগীক ইনছুলিনৰ বেজী দিবলগীযা হয়।[6]
মানুহৰ ইনছুলিন প্ৰ'টিন ৫১টা এমিন' এচিডেৰে গঠিত আৰু আণৱিক ভৰ ৫৮০৮ ডেল্টন। ইয়াত ডাইছালফাইড বন্ধনীয়ে জোৰা লগোৱা A-chain আৰু B-chain নামৰ দুডাল শৃংখল থাকে। প্ৰজাতি অনুসৰি ইনছুলিনৰ গঠন সামান্য পৃথক। সেইবাবে অন্য প্ৰাণীৰ ইনছুলিনৰ প্ৰভাৱ মানুহৰ ইনছুলিনতকৈ কম। গাহৰিৰ ইনছুলিন মানুহৰ ইনছুলিনৰ লগত প্ৰায় একে আৰু সেইবাবে আগতে ইয়াক প্ৰথম প্ৰকাৰৰ ডায়েবিটিছ মেলিটাছৰ চিকিৎসাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। পাছলৈ অৱশ্যে ৰিকম্বিনেণ্ট ডি এন এ প্ৰযুক্তিৰে মানৱ ইনছুলিনৰ তৈয়াৰ কৰিব পৰা হ'ল।[7][8][9][10]
কঠিন অৱস্থাত ইনছুলিনৰ স্ফটিক গঠন ডৰ'থী হজ্কিনে প্ৰমাণ কৰিছিল। ইনছুলিনক স্বাস্থ্য ৰক্ষাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকাত স্থান দিয়া হৈছে।[11]