একে লিংগৰ বিবাহ (ইংৰাজী: Same sex marriage) হল অনুষ্ঠানিকভাবে দুজন পুৰুষ বা দুগৰাকী মহিলাৰ মাজত হোৱা বিবাহ যি সমকামিতাৰ ফলত হোৱা একে লিংগৰ প্ৰেমৰ পৰিনাম হয়। একে লিংগৰ বিবাহ ভিন্ন প্ৰাচীন সভ্যতা যেনে ৰোমান আৰু চীনা ফুজিয়ানৰ মাজত প্ৰাচীন কালৰে পৰা অনুষ্ঠিত হৈ আহিছে। কিন্তু পশ্চিমীয়কৰণৰ ফেক্ট ১৯ শতিকাত এই প্ৰথা লোপ পায়।[1] আধুনিক যুগত প্ৰথম একবিংশ শতিকাৰ শেষত একে লিংগ বিবাহক মৰ্যদা প্ৰদান কৰি আইন প্ৰস্তুত কৰা হৈছিল।
একে লিংগৰ বিবাহক বৰ্তমান ৩৪খন দেশত স্বীকৃতি দিয়া হৈছে। দেশ কেইখন হ'ল:-এণ্ডোৰা, আৰ্জেন্টিনা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, বেলজিয়াম, ব্ৰাজিল, কানাডা, চিলি, কলম্বিয়া, কোষ্টাৰিকা, কিউবা, ডেনমাৰ্ক, ইকুৱেডৰ, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, আইচলেণ্ড, আয়াৰলেণ্ড, লাক্সেমবাৰ্গ, মাল্টা, মেক্সিকো, নেদাৰলেণ্ড, নিউজিলেণ্ড, নৰৱে, পৰ্তুগাল, স্লোভেনিয়া, দক্ষিণ আফ্ৰিকা, স্পেইন, ছুইডেন , চুইজাৰলেণ্ড, টাইৱান, যুক্তৰাজ্য, আমেৰিকা, আৰু উৰুগু।[2] ২০২৪ চনৰ ১ জানুৱাৰীত ইষ্ট’নিয়াত একে লিংগৰ বিবাহ বৈধ হ’ব।
আৰুবা, কুৰাচাও, চেক গণৰাজ্য,গ্ৰীচ,হণ্ডুৰাছ, ভাৰত,জাপান, লিচেনষ্টেইন, নাভাজো জাতি, দক্ষিণ কোৰিয়া, থাইলেণ্ড, আৰু ভেনিজুৱেলাত একে লিংগৰ বিবাহৰ বিষয়ে বিধায়িনী দল বা আদালতে বিবেচনা কৰি আছে।[3][4]
লিথুৱেনিয়া, পেৰু, ফিলিপাইনছ,দক্ষিণ কোৰিয়া আৰু ইউক্ৰেইনকে ধৰি কেইবাখনো দেশত নাগৰিক দাম্পত্যৰ স্বীকৃতি প্ৰদান কৰা হৈছে।[5]