এৰী ৰেচম (ইংৰাজী: Eri silk) উত্তৰ-পূৱ ভাৰত আৰু চীন তথা জাপানৰ কিছু অঞ্চলত পোৱা ছেমিয়া ৰিচিনি নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা হয়। এৰী নামটো অসমীয়া 'এৰা' শব্দটোৰ পৰা আহৰণ কৰা হৈছে; এৰা হৈছে এবিধ গুল্মজাতীয় উদ্ভিদ (castor plant), ইয়াৰ পাত এৰী পলুৰ প্ৰধান খাদ্য। চীন দেশত বৰকেচেৰু (Ailanthus excelsa) গছৰ পাত খোৱা বাবে এৰী পলুৰ ইংৰাজীত ইয়াৰ খাদ্য-উদ্ভিদজোপাৰ নামেৰে এৰীক 'এইলান্থাছ চিল্ক মথ' বুলিও কোৱা হয়। ভাৰতত এৰী ৰেচমক এণ্ডী অথবা ইৰাণ্ডী বুলিও জনা যায়। এই কাঠ-বগা ৰেচম বিধক অহিংসা ৰেচম বা শান্তিৰ সূতা বুলিও কোৱা হয়। পাটপলুBombyx moriক বাদ দি এৰীয়েই হৈছে সম্পূৰ্ণৰূপে পোহনীয়া কৰা একমাত্ৰ ৰেচম পলু।
কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।[1][2] শুৱালকুছিৰ ৯৯ শতাংশ বাসিন্দাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাট-মুগাৰ সৈতে জড়িত হৈ আছে[3]। ২০১০ চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদন হোৱা ৮৮ শতাংশ পাট-মুগা বস্ত্ৰ কেৱল শুৱালকুছিতেই উৎপাদন হৈছিল[3]। ১৯৩৯ চনত শুৱালকুছিত তিনিশখন তাঁতশাল আছিল যদিও এতিয়া সেই সংখ্যা বাঢ়ি ২৫,৫৩৮খন হৈছেগৈ [3]।
আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে।
কেচেৰু আৰু এৰা গছকে আদি কৰি এৰী পলুৱে বিভিন্ন গছৰ পাত খায়। ভাৰতৰ ভিতৰত মেঘালয়, অসম, নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ছত্তীছগঢ়, ওড়িশা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আদিত এৰী পলু পালন কৰা হয়। থাইলেণ্ডৰ প্ৰায় ২৮খন প্ৰদেশত ১৯৭৪চনৰ পৰাই এৰী পালন কৰি অহা হৈছে।[4] ইয়াৰ প্ৰচুৰ বৰষুণ আৰু আদ্ৰ জলবায়ু এৰী পালনৰ বাবে উপযুক্ত। লেটাৰ পৰা কটা সূতাবোৰ বমবেক্স ৰেচমতকৈ যথেষ্ট কপাহী। আনহাতে কোনো কোনো এৰী সূতা বৰ মোলায়ম আৰু উজ্জ্বল। সাধাৰণতে পলুবোৰে জন্মৰ পৰা ৩০-৩২ দিনৰ পিছতে লেটা বান্ধিবলৈ আৰম্ভ কৰে।
এৰী পলু বছৰত ৫-৬ বাৰ পুহিব পৰা যায়। এৰী পলুৰ যথেষ্ট ৰোগ প্ৰতিবোধ ক্ষমতা আছে। উন্নত প্ৰযুক্তি জ্ঞান তথা প্ৰয়োজনীয় সা-সৰঞ্জামৰ সহায়ত এৰী পালন কৰি পলু পালক সকল স্বাৱলম্বী হ'ব পাৰে।
পলু পালনৰ বাবে ভালদৰে বতাহ চলাচল কৰা আৰু চাৰিওকাষে বাৰাণ্ডাযুক্ত আছুতীয়া গৃহৰ প্ৰয়োজন। পলু পালনৰ গৃহ আৰু সঁজুলিসমূহ ৫% ব্লিচিং পাউদাৰৰ দ্ৰৱণেৰে পলু পালনৰ ৩ দিনৰ পূৰ্বেই ভালদৰে ধুব লাগে। পলু পালন গৃহৰ চাৰিওকাষে ২৪ঃ৯৮ অনুপাতত ব্লিচিং পাউদাৰ আৰু চুণৰ মিশ্ৰণ ছটিয়াব লাগে। পলু পালনৰ পিছত ততালিকে পলু পালন গৃহ আৰু সঁজুলিসমূহ একে ধৰেণেৰে পৰিশোধন কৰিব লাগে। বীজাণুমুক্ত কৰোঁতে বীজাণুমুক্তকৰণ মাস্ক, এপ্ৰন আৰু হাতমোজা ব্যৱহাৰ কৰিব। সঁচৰ খোলা বিলাক গৃহলৈ নিয়াৰ আগতে বীজাণুমুক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা উচিত।
উচ্চ উৎপাদনক্ষম সঁচ যেনে “বৰদুৱাৰ” আৰু “তিতাবৰ” জাত পালনৰ বাবে উপযুক্ত। বৰ্ণসংকৰ জাত যেনে (YZxGBS) আৰু (GBS x GBZ) পালন কৰি অধিক লাভৱান হ'ব পাৰি। ২৫° - ২৬° ছে. গ্ৰে. উষ্ণতা আৰু ৮০-৮৫% আপেক্ষিক আৰ্দ্ৰতা এৰী পলুৰ কণী উমনি দিবৰ বাবে উপযুক্ত। C2 নামৰ এৰী পলুৰ এটা ব্ৰীড কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিজ্ঞানী সকলে উদ্ভাৱন কৰি উলিয়াইছে। বৰদুৱাৰ আৰু গেনাং নামৰ দুটা Ecorace মাজত সংযোগ ঘটাই এই বৰ্ণসংকৰ ব্ৰীড তৈয়াৰ কৰা হৈছে। ইয়াৰ উৎপাদন ক্ষমতা সচৰাচৰ ১০০জনী চকৰীৰ কনী পুহি ৬-৭ কিলোগ্ৰামৰ ব্যতিৰকে ১০-১৩ কিলোগ্ৰাম পোৱা যায়। কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ স্বীকৃতি প্ৰাপ্ত প্ৰথম এৰী পলুৰ বৰ্ণসংকৰ প্ৰজাতি।
খোলা উৎপাদনৰ পিছত, সফল পলু পালনৰ বাবে সঁচৰ খোলাৰ সঠিক বাছনি কৰিব লাগে। কেৱল সুগঢ়িত আৰু পূৰঠ খোলা বাছনি কৰিব লাগে। নিম্নতম ০.৪ গ্ৰাম খোলাৰ ওজন আৰু নিম্নতম ২.৩ গ্ৰাম লেটাৰ ওজনৰ সৈতে সঁচৰ খোলাবোৰ ভাল। এই সঁচৰ খোলাৰ সঠিক ভাৱে ৰখাতো সফল পলু পালনৰ মাপকাঠি। চকৰা চকৰী ওলাবলৈ সহজ কৰাৰ বাবে চকৰী পেৰাত মাত্ৰ এটা স্তৰত খোলা বোৰ ৰাখিব লাগে।
চকৰী জগা ৰাতিপুৱাৰ সময়ত আৰম্ভ হৈ আৰু সন্ধিয়াৰ সময়লৈকে থাকে। চকৰা চকৰীক ৮-১০ ঘণ্টাৰ বাবে সংগম হ'বলৈ দিব লাগে। ৰাতিপুৱা স্বাস্থ্যৱান, সুগঢ়ি চকৰী বিলাকক চুটি কপাহৰ সূতাৰে খৰিকাত বান্ধি দিব লাগে।
খৰিকা বিলাক ৬-৮ ইঞ্চি দূৰত্বত এটা শীতল ছায়াযুক্ত ঠাইত ওলোমাই ৰাখিব লাগে। প্ৰথম তিনিদিনত দিয়া কণীবোৰ পোহাৰ বাবে ব্যৱহাৰ কৰা হয়। নিৰোগী কনী প্ৰস্তুত কৰাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। সঁচ উৎপাদনৰ বাবে চকৰী খুন্দা যতনত ১:৪ অনুপাতত ০.৫% পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে গুৰি কৰাৰ পিছত প্ৰতিটো চকৰী অণুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰিব লাগে। মূল সঁচ উৎপাদন বাবে উন্নত চেণ্ট্ৰিফিউজ পদ্ধতি অনুসৰণ কৰা হয়। ফুটুকা বেমাৰ থকা আৰু বিকল চকৰী বিলাক জ্বলাই পেলাব লাগে। ৰোগমুক্ত নিৰোগী কণীবোৰ ০.২% ফৰ্মেলিনত ডুবাই পানীত ধোৱা হয়।
ধোৱা কণীবোৰ সম্ভৱ হ'লে ফেনৰ সহায়ত বতাহত আৰু ছাঁত শুকুৱাই যোগান দিয়া হয় আৰু বতাহ চলাচল কৰা কোমল জালি কাপোৰৰ দ্বাৰা গঠিত কণীৰ বাকচত ৰখা হয়। এই কনীৰ সঁচ বিলাক বিভিন্ন ঠাইলৈ সাৱধানতা অৱলম্বন কৰি যোগান ধৰা হয়।
প্ৰয়োজনীয় পাতৰ ব্যৱস্থা থাকিলে এৰী পলু গোটেই বছৰ ধৰি পালন কৰিব পাৰি। আগষ্ট-চেপ্তেম্বৰ -অক্টোবৰ (ভাদ-আহিন কাতি) মাহ পলু পালনৰ বাবে উপযুক্ত সময়।
কণী ফুটি ওলোৱা সদ্যোজাত পলুবিলাক চৰাইৰ পাখি বা কোমল ব্ৰাচেৰে কুমলীয়া পাতত দিব লাগে। পাউদাৰ বিহীন ৰঙা জাতৰ NBR-1, NBR-2 অথবা NBR-3 জাতীয় এৰা পাত খাবলৈ দিব লাগে। কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰ দ্বাৰা উদ্ভাৱিত এই এৰা পাত চালুকীয়া অৱস্থাত (১ম, ২য় আৰু ৩য় স্তৰ) প্ৰতিদিনে অন্ততঃ ৩-৪ বাৰ আৰু শেহতীয়া অৱস্থাত (৪ৰ্থ আৰু ৫ম স্তৰ) পলুক ৫ বাৰ কৈ পাত যোগান ধৰিব লাগে। ১ম আৰু ২য় স্তৰৰ পলুক কুমলীয়া, ৩য় স্তৰৰ পলুক মধ্যমীয়া আৰু ৪ৰ্থ ও ৫ম স্তৰৰ পলুক পূৰঠ পাত খাবলৈ দিব লাগে। ১ম স্তৰত এবাৰ, ২য় স্তৰত দুবাৰ, ৩য় স্তৰত তিনিবাৰ আৰু ৪ৰ্থ আৰু ৫ম স্তৰৰ পলুৰ ক্ষেত্ৰত প্ৰতিদিনেই পলুৰ ডলা পৰিষ্কাৰ কৰিব লাগে। এখন ১ মি. ব্যাসাৰ্ধৰ ডলাত ৫ম স্তৰৰ প্ৰায় ৩০০ পলুহে ৰাখিব লাগে। ৩য় পৰা ৫ম স্তৰ পলু প্ৰয়োজন সাপেক্ষে সমান্তৰালভাৱে বাহ বা কলৰ শুকান পাতৰ মুঠি আৰি দি পলু পালন কৰিব পাৰি।
এৰী পলুৱে মুঠ চাৰিবাৰ মোট সলায় বা ছাল কাটে। বতৰ আৰু পলুৰ স্তৰ বিশেষে ২৪-২৮ ঘণ্টাৰ ভিতৰত পলুৱে মোট সলোৱা সম্পূৰ্ণ কৰে। ছালকটা অৱস্থাত পলুপালন গৃহত ভালদৰে বায়ু চলাচলৰ ব্যৱস্থা কৰি ডলাবোৰ পাৰ্য্যমানে শুকান কৰি ৰাখিব লাগে। যেতিয়া প্ৰায় ৯৫% পলুৱে ছালকটা সম্পূৰ্ণ কৰে, তেতিয়াহে পলুক পুনৰ খাদ্যৰ যোগান ধৰিব লাগে।
পকা পলু সংগ্ৰহ কৰি বাঁহৰ চন্দ্ৰকীত খোলা বান্ধিবলৈ দিলে ভাল লেটা পোৱা যায়। খোলা বন্ধা গৃহত ২৪-২৬°ছে, উষ্ণতা আৰু ৮০ শতাংশ আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰিব পাৰিলে উন্নত মানৰ খোলা পোৱা যায়। খোলা বন্ধাৰ সময়ত বায়ু চলাচলৰ সু-ব্যৱস্থা থাকিব লাগে। কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিজ্ঞানী সকলে পৰিশোধিত বাঁহ অথবা কাঠেৰে নিৰ্মিত উন্নত খোলা বন্ধাৰ যতন ব্যৱহাৰ কৰি লাভৱান হ'ব পাৰি। সচৰাচৰ ৩০০ খোলা ভাঙিবলৈ আধা ঘণ্টাৰ সলনি ইয়াত মাত্ৰ ২-৩ মিনিট লাগে। ইয়াৰ বিশেষত্ব এই যে, খোলা বন্ধাৰ উপৰিও মাজত থকা কাঠি বিলাক খুলি পলু পোহাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।
এৰী পলুৰ বেমাৰ আজাৰ আৰু অনিষ্টকাৰী কীট-পতঙ্গ:[5]
পেব্ৰিন বা ফুটুকা বেমাৰ :- ই এবিধ এককোষী জীৱৰ দ্বাৰা সৃষ্ট অতি মাৰাত্মক বেমাৰ। এই বেমাৰ হ’লে গোটেই পলুবাহ নষ্ট হয়। ফুটুকা বেমাৰ কণীৰ যোগেদি পিছৰ বাহলৈ সংক্ৰমিত হয়। এই ৰোগ হ'লে- পলুৰ গাত কলা কলা ফুট বা দাগ পৰে, পলুৰ ভোজন স্পৃহা কমি যায় আৰু ছাল কটা অনিয়মীয়া হয়।
প্ৰতিকাৰঃ-
ফ্লেচাৰি বা মুখলগা বেমাৰঃ মুখ লগা এবিধ অতি মাৰাত্মক বেমাৰ। এই 'বেমাৰ হ'লে পলুবাহ কেতিয়াবা সম্পূৰ্ণৰূপে নষ্ট হয়। সাধাৰণতে গ্ৰীষ্মকালত উষ্ণতা আৰু আদ্ৰতাৰ তাৰতম্য ঘটিলে এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়। এই বেমাৰ হ'লে পলুবোৰ দুৰ্বল আৰু মন্থৰ হয়, পলুবোৰ মৰাৰ পিছত ক'লা বৰণীয়া হয়, পলুৰ বিষ্ঠাৰ গাত পাতল চামনি লাগি থাকে তথা পলুৰ মলদ্বাৰ বাহিৰ ওলাই আহে।
প্ৰতিকাৰঃ-
উজী মাখিঃ বছৰৰ প্ৰতিটো মাহতে উজী মাখিয়ে কম বেছি পৰিমাণে আক্ৰমণ কৰে যদিও ইয়াৰ আক্ৰমণ ডিচেম্বৰৰ মাৰ্চ মাহৰ ভিতৰত অত্যধিক হয়। এই মাখিয়ে সাধাৰণতে ৩য়-৫ম বৰ পলুৰ ওপৰত কণী পাৰে আৰু কণীবোৰ ফুটি এৰী পলুৰ কলাবোৰ খায় আৰু পৈণত হ'লে এৰী পলুৰ গাৰ পৰা ওলাই আহি মাটিত লেটা বান্ধে।
প্ৰতিকাৰঃ-
অনুকূল বাতাৱৰণ তথা পয্যাৰ্প্ত পৰিমাণে পোৱা খাদ্য বৃক্ষৰ কাৰণে এৰী পলু পালনত উত্তৰ-পূব্বাৰ্ঞ্চল সমগ্ৰ পৃথিবীৰ ভিতৰতে অগ্ৰণী। কিন্তু প্ৰণালীবদ্ধ খেতি নথকাৰ বাবে এই শিল্পই ব্যৱসায়িক ৰূপত গা কৰি উঠিব পৰা নাই। এই এৰাগছৰ খেতি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত তেল উৎপাদনৰ বাবে প্ৰচুৰ ভাবে কৰা হয়। এই এৰাগছৰ খেতিৰ পৰা শতকৰা ২৫-৩০ ভাগ পাত সংগ্ৰহ কৰি লাভজনক ভাবে এৰী পলু পালন কৰা হয়। অসমৰ বিটিচিৰ ওদালগুৰি, কাৰ্বিআংলঙৰ ডিফু আদি জনজাতি অধ্যুষিত অঞ্চলত এৰী শিল্প বহুল ৰূপত কৰা দেখা যায়। এৰী পলু এবিধ বহুভক্ষী ৰেচম প্ৰজাতি। প্ৰধান খাদ্য এৰা আৰু কেচেৰু গছৰ উপৰিত্ত ই শিমলু আলু, বৰপাত, বৰকেচেৰু, পায়াম, গোলঞ্চ, গমাৰী, কঢ়া আদি বহু গছৰ পাত ভক্ষণ কৰে। এৰা গছৰ পাত মুখ্যতে ভক্ষণ কৰা বাবে ই এৰী পলু নামেৰে বিখ্যাত। এই অসমীয়া নামকৰণৰ বাবে এৰী পলু অসমত উৎপতি হোৱা বুলি গণ্য কৰা হয়।[6]
মাটি নিৰ্বাচন : অম্ল অথবা ক্ষাৰযুক্ত যিকোনু ধৰণৰ মাটীত এৰা খেতি কৰিব পাৰি। কিন্তু জৈৱিক সাৰযুক্ত মাটীত এৰা কৰিবলৈ উত্তম। পানী জমা হোৱা মাটীত এৰা খেতি কৰিব নোৱাৰি। পানী জমা নহবলৈ নলা কাটি দিব লাগে।
ৰোপণৰ সময় : বাৰিষাৰ আগত বা পাচত এৰা খেতি কৰিব পাৰি। চত- বহাগ অথবা আহিন- কাতি মাহ এৰা খেতিৰ বাবে উত্তম।
এৰা খেতিৰ ব্যৱধান : এৰা খেতিৰ বাবে মাটী ডোখৰ ভালকৈ হাল বাই ১ মি x ১ মি ব্যৱধানত ২৫x২৫x২৫ ছে.মি. জোখত গাঁত খান্দি প্ৰতিতো গাঁতত ১ কি.গ্ৰাম পঁচা গোবৰ বা কেচুসাৰ মিহলাই দিব লাগে।
এৰা বীজ সংগ্ৰহ আৰু পৰিশোধন : ফৰকাল বতৰত পুৰঠ নিৰোগী এৰা বীজ সংগ্ৰহ কৰিব লাগে। তাৰপিচত প্ৰতি কিঃগ্ৰাঃ গুটিত ২-৩ গ্ৰাম ভেঁকুৰনাশক দৰব মিহলাই প্ৰতিটো গাঁতত দুটাকৈ গুটি সিঁচিব লাগে। ডাঙৰ হলে এটা পুলি উভালি দিব লাগে। ৭-১০ দিনৰ পাচত বীজ অংকুৰিত হয়। নিয়মিয়াকৈ ঘাঁহ বন নিৰাই দিব লাগে।
এৰা বীজ নিৰ্বাচন : পাউদাৰ বিহিন ৰঙা জাতৰ এৰা, এন.বি.আৰ-১ পলু পোহাৰ বাবে উত্তম। সম্প্ৰতি এন.বি.আৰ-২ আৰু এন.বি.আৰ-৩ নামৰ আৰু দুটা অধিক উৎপাদনক্ষম প্ৰজাতি অনুমোদন কৰা হৈছে।
সাৰ প্ৰয়োগ : জৈৱিক সাৰ কম থকা মাটীত এৰা খেতি কৰিলে প্ৰতি জোপা এৰা গছত এন.পি.কে প্ৰয়োগ প্ৰথম কিস্তি বীজ অংকুৰণৰ এমাহ পাচত ইউৰীয়া ১৩ গ্ৰাম,ফচফেট ২৫ গ্ৰাম আৰু পটাচ ৩ গ্ৰাম প্ৰয়োগ কৰা হয়। তিনিমাহৰ পাচত ২য় কিস্তি সাৰ ইউৰীয়া ৭ গ্ৰাম প্ৰয়োগ কৰিব লাগে।
পাত সংগ্ৰহ : এৰা খেতিৰ পৰা প্ৰতি একৰত (জেঠ-আহাৰ, শাওন-ভাদ,আহিন- কাতি,আঘোন- পুহ) চাৰিবাৰ পাত ছিঙি মুঠ ৪৮০০ কি.গ্ৰাম পাত উৎপাদন কৰিব পাৰি। ইয়াৰ পৰা ৪০০জনী চকৰী পুহিব পাৰি।
কীট পতংগ নিয়ন্ত্ৰণ : এৰা গছক কীট পতঙ্গৰ ভড়াল আখ্যা দিয়া হয়। বিছা, চেমিলুপাৰ আদি উল্লেখযোগ্য। ভেকুঁৰ জাতীয় ৰোগ চাৰকচপৰা লিফ স্পট, অলটাৰনেৰীয়া লিফ ব্লাইট ৰোগ হোৱা পাত ছিঙি জলাই দিব লাগে। বেছি হলে ০.৩% কপাৰ অক্সিক্লৰাইদঅথবা ০.২৫% মেনকজেব ২-৩ বাৰ ছটিয়াই দিব লাগে। ফিউজেৰিয়াম উই্লট প্ৰতিৰোধৰ বাবে প্ৰতি কি.গ্ৰা. বীজত ২-৩ গ্ৰাম থাইৰাম অথবা ২ গ্ৰাম কাৰবনদেজিম মিহলাব লাগে। চেমিলুপাৰ অথবা বিছা জাতীয় কীট আক্ৰান্ত পাত ছিঙি জলাই দিব লাগে। পৰম্পৰাগত ভাৱে জৈৱিক গুণসম্পন্ন এৰীপালনত কীট নাশক দ্ৰব্য পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল।
কেচেৰু এৰা গছৰ পাছতে এৰী পলুৰ মুখ্য খাদ্য বৃক্ষ। বহুবৰ্ষী হোৱা কাৰণে ই অধিক জনপ্ৰিয় আৰু চৰকাৰী আচঁনিত ৰোপণৰ বাবে ব্যৱহৃত হয়। কেচেৰু গছ ৰোপণ পদ্ধতিত দুটা বিষয় জড়িত হয় আছে। প্ৰথমতে পুলি উৎপাদনৰ বাবে নাৰ্চাৰী কৰি তাৰ পাচত পুলি ৰোপণ কৰা হয়।[6]
কেচেৰু নাৰ্চাৰী : কেচেৰু নাৰ্চাৰীৰ বাবে পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম। ফাগুন-চতমাহত ইয়াৰ নাৰ্চাৰী কৰা হয়। নাৰ্চাৰীৰ বীজতলি প্ৰস্তুতকৰণঃ কেচেৰু বৃক্ষৰ নাৰ্চাৰীৰ বীজতলি ২-৩ বাৰ হালবাই সমান কৰি লব লাগে। ৬ x ২ মিটাৰ জোখৰ বীজতলী তৈয়াৰ কৰি ১৫ ছে.মি ওখকৈ ৰাখিব লাগে। প্ৰতিখন বীজতলিত ৬ চি এফ টি গোবৰ প্ৰয়োগ কৰি 2 সপ্তাহ ৰাখিথব লাগে। খেৰৰ অথবা এগ্ৰ জালিৰ চালি তৈয়াৰ কৰিলে সুফল পাব পাৰি। বীজ অংকুৰণ ভালকৈ হয়।
বীজ সংগ্ৰহ : চৰাই চিৰিকতিয়ে খাব নোৱাৰাকৈ কেচেৰু গছৰ গুটি জালেৰে ঢাকি দিব লাগে। ফাগুন- চত মাহত পূৰঠ গুটি সংগ্ৰহ কৰি এৰাতি পানীত জুবুৰিয়াই ৰাখিব লাগে। পিচদিনাখন গুটিবোৰ বস্তা এখনত ঘঁহি বাকলি গুচাই লব লাগে। মাত্ৰ পনীত ডুবযোৱা গুটি সিঁচিবৰ বাবে লব লাগে। নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে। ০.০৫ % ৰগৰ ০.১ % ইন্দফিল এম ৪৫ সহ ছটিয়াই কীট পতংগ, ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
কেচেৰু গছৰ ৰোপণ : পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম। বাৰিষাৰ পাচত কেচেৰু ভাদ- আহিন মাহত ২মি ২মি অথবা ৩ মি ৩মি দূৰত্ব ব্যৱধান ৰাখি কেচেৰু খেতি কৰা হয়। ৩ মি x ৩মি দূৰত্ব ব্যৱধান ৰাখিলে অন্তঃবৰ্তীকালীন খেতি আদা, হালধি, কচু, জলকীয়া আদি কৰিবলৈ সুবিধা হয় আৰু অধিক উপাৰ্জন কৰিব পাৰি।
কেচেৰু গছৰ উন্নতজাত : পূ্ৰ্বতে মিশ্ৰ জাতৰ কেচেৰু কৃষকে ৰোপণ কৰিছিল। বৰ্তমান HF ০০৫ আৰু HF ০০৮ দুটা উচ্চ উৎপাদনক্ষম মজলীয়া আৰু সৰু পাতৰ দুটা প্ৰজাতি চিনাক্ত কৰি কৃষকৰ বাবে আনুমোদন কৰা হৈছে।
কেচেৰু গছত সাৰপ্ৰয়োগ: প্ৰথম বছৰত বাৰিষাৰ পাচত প্ৰতিজোপা গছৰ চাৰিওফালে ঘূৰণীয়াকৈ নলা কাটি আধা চি.এফ. টি. জোখত মাত্ৰ গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে। ২য় বছৰৰ পৰা গোবৰ সাৰৰ উপৰিত্ত এন.পি.কে সাৰ বছৰিহেক্টৰত ১৫০:৭৫:২৫ কিলোগ্ৰাম হাৰত দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে প্ৰতিটো কিস্তিত বাৰিষাৰ আগত আৰু পাচত প্ৰতি জোপা গছত ইউৰীয়া ৫০ গ্ৰাম ফচফৰাচ ৯০ গ্ৰাম পটাচ ১০ গ্ৰাম লাগে।
কেচেৰু গছৰ কলমপদ্ধতি: পাঁচবছৰ বয়স হোৱাৰ পাচত গা-গছ জোপা শকত হলে ১.৭৫ মিটাৰ অথবা ৬ ফুটমান উচ্চতাত কলম দিব লাগে। প্ৰয়োজন অনুসৰি পাঁচবছৰ অন্তৰে অন্তৰে এখাপ ওখ এখাপ তলত কলম দিব লাগে।
পাতৰ উৎপাদন: প্ৰতি একৰত ২x২ মিটাৰ ব্যৱধানত কেচেৰু ৰোপণ কৰিলে বছৰি বহাগ-জেঠ, ভাদ-আহিন আৰু কাতি- আঘোন এই তিনিটা সময়ত ১০,০০০ কিঃগ্ৰাম পাত উৎপাদন কৰি ১০০০জনী চকৰীৰ কনী পুহিব পাৰি।
|