ঐৰাৱত

ঐৰাৱতৰ ওপৰত বহি দেৱৰাজ ইন্দ্ৰ আৰু তেওঁৰ পত্নী শচী দেৱী৷

ঐৰাৱত (সংস্কৃত: ऐरावत, ৰোমানীকৃত: airāvata, আক্ষৰিক অৰ্থ: 'ইৰাৱতীৰ সৈতে সম্পৰ্কীত') হিন্দু ধৰ্মৰ কিংবন্তিত বৰ্ণনা কৰা শুভ্ৰ বৰণৰ এটা ঐশ্বৰিক হাতী৷ ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াৰ চাৰিটা দাঁত আৰু সাত ডাল শুৰ থাকে। "হস্তীৰ ৰজা" বুলি খ্যাত এই হাতীটোৱে ইন্দ্ৰ দেৱতা মূল বাহন হিচাপে কাম কৰে।[1] ইয়াক 'অভ্ৰ-মাতংগ' বুলিও কোৱা হয়, যাৰ অৰ্থ "মেঘৰ হাতী"; 'নাগ-মল্ল', অৰ্থাৎ "যুদ্ধ কৰা হাতী"; আৰু 'আৰ্কসোদৰা', যাৰ অৰ্থ "সূৰ্য্যৰ ভাতৃ"।[2] ঐৰাৱতৰ পত্নীৰ নাম হৈছে 'অভ্ৰামু'। ঐৰাৱত ইৰাৱতীৰ তৃতীয় পুত্ৰ। মহাভাৰতত বিনতাৰ নাগ পুত্ৰসকলৰ তালিকাতো ঐৰাৱতৰ নাম পোৱা যায়।[3]

হিন্দু পৰম্পৰা

[সম্পাদনা কৰক]

বিভিন্ন হিন্দু গ্ৰন্থত ঐৰাৱতৰ ৰূপ অথবা জন্মৰ সম্পৰ্কে ভিন্ন বৰ্ণনা পোৱা যায়। ৰামায়ণৰ মতে ঐৰাৱত ইৰাৱতীৰ পুত্ৰ (ঋষি কাশ্যপৰ বংশধৰ) আনহাতে, বিষ্ণু পুৰাণত উল্লেখ কৰা হৈছে যে ঐৰাৱতৰ জন্ম সমুদ্ৰ মন্থনৰ পৰা হৈছিল।[1][4] মাতংগলীলাৰ মতে, গৰুড় জন্ম হোৱাৰ পিছত কণীৰ খোলাৰ আধা অংশৰ ওপৰত ব্ৰহ্মাই পবিত্ৰ মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত সাতটা মতা আৰু আঠটা মাইকী হাতী জন্মিছিল, তেতিয়াই ঐৰাৱতৰ জন্ম হৈছিল। পৃথুৱে ঐৰাৱতক সকলো হাতীৰ ৰজা হিচাপে নিযুক্ত কৰিলে। তেওঁৰ এটা নামৰ অৰ্থ হৈছে "ডাৱৰ বান্ধিব পৰাজন" যিহেতু কিংবদন্তি মতে ঐৰাৱতে ডাৱৰ উৎপাদন কৰিবলৈ সক্ষম বুলি কোৱা হয়। ইন্দ্ৰৰ পৌৰাণিক কাহিনী সমূহত পানী আৰু বৰষুণৰ সৈতে হাতীৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বিশ্বাস কৰা হয় যে ঐৰাৱতে ভূচুম্বকৰ এটা বিন্দু পহৰা দিয়ে।[5] ইন্দ্ৰৰ ৰাজপ্ৰসাদ স্বৰ্গৰ প্ৰৱেশদ্বাৰতো ঐৰাৱত থিয় হৈ থাকে। ইয়াৰ উপৰিও ভূচুম্বকৰ বিভিন্ন বিন্দুবোৰৰ অধিস্থাতা কৰা আঠজন ৰক্ষক দেৱতাই প্ৰত্যেকেই হাতীৰ ওপৰত বহি থাকে। এই দেৱতাৰ প্ৰত্যেকৰে একোটাকৈ হাতী থাকে প্ৰত্যেকেই নিজৰ নিজৰ বিন্দুৰ প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ কামত অংশগ্ৰহণ কৰে। এই হাতীবোৰৰ ভিতৰত মুখ্য হৈছে ইন্দ্ৰৰ ঐৰাৱত।

জৈন পৰম্পৰা

[সম্পাদনা কৰক]

জৈন পৰম্পৰাত এজন তীৰ্থংকৰৰ জন্ম হওতে ইন্দ্ৰই তেওঁৰ পত্নী শচীৰ সৈতে তেওঁলোকৰ বাহন ঐৰাৱতত উঠি এই অনুষ্ঠান উদযাপন কৰিবলৈ আহিছিল।[6]

থাইলেণ্ডত এৰাৱানৰ মূৰ্তি৷

এৰাৱান (থাই: เอราวัณ) ঐৰাৱতৰ অন্যতম থাই নাম। ইয়াক তিনিটা বা কেতিয়াবা তেত্ৰিশটা মূৰ থকা এটা বিশাল হাতী হিচাপে চিত্ৰিত কৰা হৈছে যিবোৰ প্ৰায়ে দুটাতকৈ অধিক দাঁত থকা দেখা যায়। কিছুমান মূৰ্তিত ৰজা ইন্দ্ৰক এৰাৱানত উঠি থকা দেখা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

নতুন ৰত্নাকোচিন ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা হোৱাৰ সময়ৰ পৰা ইন্দ্ৰৰ সৈতে জড়িত হৈ এই হাতীটো বেংককৰ প্ৰতীক চিহ্ন হৈ পৰে।[7] ইয়াক কেতিয়াবা পুৰণি লাও ৰাজ্য লান ছাং আৰু বন্ধ হৈ যোৱা লাওছ ৰাজ্যৰ সৈতেও জড়িত কৰা হয়, য'ত ইয়াক সাধাৰণতে "তিনি মূৰৰ হাতী" বুলি জনা গৈছিল আৰু ৰাজকীয় পতাকাত ব্যৱহাৰ কৰা হৈছিল৷[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Dalal, Roshen (2010) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 13–14. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&dq=airavata&pg=PA14. 
  2. Dowson, John (1870). A Classical Dictionary of Hindu Mythology and Religion, Geography, History, and Literature. প্ৰকাশক London: Trübner & Company. পৃষ্ঠা. 180. 
  3. Ganguli, Kishori Mohan. "SECTION XXXV". Mahabharata. Pratap Chandra Babu. http://www.sacred-texts.com/hin/m01/m01036.htm. 
  4. Williams, George M. (2008-03-27) (en ভাষাত). Handbook of Hindu Mythology. OUP USA. পৃষ্ঠা. 52. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC&dq=airavata+hindu+mythology&pg=PA52. 
  5. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 64. https://archive.org/details/indiathroughages00mada. 
  6. Goswamy 2014, পৃষ্ঠা. 245.
  7. Roy, Edward Van (2018) (en ভাষাত). Siamese Melting Pot. Flipside Digital Content Company Inc.. পৃষ্ঠা. 16–17. ISBN 978-981-4762-85-4. https://books.google.com/books?id=bh1qDwAAQBAJ&dq=airavata+erawan&pg=PT17. 
  8. Reynolds, Frank E., ed (1982). Three worlds According To King Ruang: A Thai Buddhist Cosmology. Berkeley. ISBN 0-89581-153-7.