প্ৰাগৈতিহাসিক কালৰ পৰাই পৰম্পৰাগত চিকিৎসাত ঔষধি উদ্ভিদ বা ভেষজ উদ্ভিদৰ আবিষ্কাৰ আৰু ব্যৱহাৰ হৈ আহিছে। উদ্ভিদে পোক-পতংগ, ভেঁকুৰ, ৰোগ আৰু তৃণভোজী স্তন্যপায়ী প্ৰাণীৰ প্ৰতিৰোধ তথা অন্য বিভিন্ন কাৰ্যৰ বাবে বহুতো ৰাসায়নিক যৌগ সংশ্লেষণ কৰে। সম্ভাব্য বা প্ৰতিষ্ঠিত জৈবিক ক্ৰিয়াকলাপত জড়িত এনে বহুতো উদ্ভিদজাত ৰাসায়নিক যৌগ চিনাক্ত কৰা হৈছে। যদিও এজোপা উদ্ভিদত এনে বহুতো উদ্ভিদজাত ৰাসায়নিক যৌগ থাকে, সেয়ে ঔষধ হিচাপে গোটেই উদ্ভিদজোপা ব্যৱহাৰৰ প্ৰভাৱ সুনিশ্চিত নহয়। তথাপি কোনো উদ্ভিদৰ চিকিৎসাজনিত গুণাগুণ আছে যদিও কাৰ্যকাৰিতা আৰু সুৰক্ষা নিৰ্ধাৰণৰ খাতিৰত ইয়াৰ অধিক বৈজ্ঞানিক গবেষণাৰ প্ৰয়োজন আছে।[1]
আধুনিক ঔষুধৰ তুলনাত সহজলভ্য আৰু সস্তা হোৱা বাবে অ-উদ্যোগীকৃত সমাজত ঔষধি উদ্ভিদ ব্যাপকভাবে ব্যবহৃত হয়। ২০১২ চনত বিশ্বজুৰি বহু হাজাৰ প্ৰকাৰৰ সন্দেহজনক ঔষধি গুণৰ উদ্ভিদৰ বাৰ্ষিক ৰপ্তানি মূল্য ২.২ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছিল।
সমগ্ৰ বিশ্বজুৰি ঔষধি উদ্ভিদ বিস্তৃতভাবে ব্যৱহাৰ কৰা হয়।[2]উন্নয়নশীল বিশ্বৰ বেছিভাগ অঞ্চল, বিশেষকৈ গ্ৰামাঞ্চলত ব্যক্তিৰ স্বাস্থ্য ৰক্ষাৰ মূল হৈছে পৰম্পৰাগত ঔষধ,অন্যহাতে উন্নত ৰাষ্ট্ৰসমূহত খাদ্যজ পৰিপূৰকৰ দৰে বিকল্প চিকিৎসাসমূহো পৰম্পৰাগত ঔষধ বুলি দাবী কৰা হয়। ২০১৫ চন পৰ্যন্ত, ঔষধি গছ পৰা তৈয়াৰী বেছিভাগ ঔযধৰ সুৰক্ষা আৰু কাৰ্যকাৰিতাৰ পৰীক্ষা কৰা হোৱা নাছিল, আৰু যিবোৰ ঔষধ উন্নত অৰ্থনীতিত বিপণন কৰা হৈছিল আৰু পৰম্পৰাগত নিৰাময়কাৰীসকলৰ দ্বাৰা অনুন্নত বিশ্বত সৰবৰাহ কৰা হৈছিল, সেইবোৰৰ গুণো উন্নত মানৰ নাছিল, কেতিয়াবা কেতিয়াবা সেইবোৰত বিপজ্জনক দূষক পদাৰ্থ থকাৰো অনুমান কৰা হৈছিল।[3]
যিহেতু পৰম্পৰাগত ঔষধবোৰ কৃষি কৰাৰ সলনি বনাঞ্চলৰ পৰা সংগ্ৰহ কৰা হয়, সেয়ে এনে কাৰ্যই উদ্ভিদ প্ৰজাতিক সাধাৰণ আৰু নিৰ্দিষ্ট সংকটৰ গৰাহলৈ ঠেলি দিয়ে। সাধাৰণ সংকটৰ ভিতৰত উন্নয়ন আৰু কৃষিৰ বাবে জলবায়ুৰ পৰিবৰ্তন আৰু আবাসৰ ক্ষতিসাধন আদি অন্তৰ্ভুক্ত। নিৰ্দিষ্ট সংকট হৈছে ঔষধৰ চাহিদা পূৰাবৰ বাবে কৰা অতিৰিক্ত সংগ্ৰহ।[4] কিছুমান ঔষধি উদ্ভিদৰ খেতি কৰি অতিৰিক্ত সংগ্ৰহৰ সমস্যা সমাধান কৰিব পাৰি।[4]