কথা কবিতা(ইংৰাজী: prose poetry) ঊনৈশ শতিকাত জন্ম লাভ কৰা সৃষ্টিশীল লেখনিৰ এক প্ৰকাৰ। কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই কথা কবিতা। কথা কবিতাত কেৱল এটা কেন্দ্ৰস্থ ভাৱৰ সমাবেশ ঘটে। কথা কবিতাত ৰূপকৰ সমাবেশ ঘটে। এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক কথা কবিতাৰ জনক হিচাপে জনা যায়।[1]
কথা-কবিতা অন্য সাধাৰণ কবিতাতকৈ কিছু পৃথক৷ কথা কবিতা গদ্য হিচাপে লিখা হয় কিন্তু কবিতাৰ ভাব সম্পৃক্ত শাৰীবোৰৰ বিচ্ছেদ নোহোৱাকৈ। ইয়াত কাব্যৰচনাৰ কৌশল, যেনে খণ্ডিতকৰণ, সংকোচন, পুনৰাবৃত্তি, ছন্দ,[2]উপমা, চিত্ৰকল্প আদিৰ সমাৱেশ ঘটোৱা হয়৷[3] ১৭ শতিকাত জাপানত “মাটছুও বাশ্বো’’য়ে হাইবুন, গদ্যৰ সৈতে হাইকুৰ সংমিশ্ৰণ ঘটাই কথা কবিতাৰ সৃষ্টি কৰিছিল। ইয়াৰ সৰ্বোত্তম উদাহৰণ তেওঁৰ গ্ৰন্থ “অ’কু নো হোছোমিছি’’ (Oku no Hosomichi) নামৰ গ্ৰন্থ,[4] য’ত তেওঁ বহুমাত্ৰিক লেখাৰ দ্বাৰ কথা-কবিতা ৰচনাৰ সাহিত্যিক শৈলী ব্যৱহাৰ কৰিছিল।[5]
ড॰ বাণীকান্ত কাকতিৰ মতে, “কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলা। কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা। কথা-কবিতাত এটি মাথোঁ কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কবিতা এবিধ কবিতাই। কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোঁন। ' বাণীকান্ত কাকতিয়ে কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ' বুলি কোৱা কথাৰ লগতে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ। তেওঁ কথা কবিতাক নোহোৱা নোপজা কবিতা বুলি কোৱাৰ লগতে বালিৰ নিজৰা বুলিও কৈছিল।
যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া। ৰুচ লেখক আইভান টুৰ্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল। আলেকজেণ্ডাৰ ছলঝেনিৎছিনেও কথা-কবিতা লিখিছে। লেবাননৰ কবি খলিল জিব্ৰানৰ কিছুমান কথা-কবিতা ইংৰাজীলৈ অনূদিত হৈছে। ফৰাচী কবি বডলেয়াৰৰ (Baudelair,১৯২১-৬৭) Petit poems on fore কথা কবিতাৰ আন এক নিদৰ্শন।[6][পৃষ্ঠা নং প্ৰয়োজন]
প্ৰথম অসমীয়া কথা কবিতা ৰচনা কৰিছিল বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাই। তেওঁ "কথা-কবিতা" নামেৰে এখন কবিতা পুথি ৰচনা কৰি অসমীয়া ভাষাত কথা কবিতাৰ দ্বাৰ মুকলি কৰিছিল। আইভান টুৰ্গেনিভৰ 'Poems in Prose' আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰ নাথ দুৱৰাই 'কথা কবিতা' ৰচনা কৰিছে।[7]