নীলাম্বৰ | |
---|---|
কমদেশ্বৰ | |
শাসন কাল | ১৪৮০–১৪৯৮ |
মৃত্যু | ১৪৯৮ |
পূৰ্বসুৰী | চক্ৰধ্বজ |
উত্তৰসূৰী | আলাউদ্দিন হুছেইন শ্বাহ |
সাম্ৰাজ্য | খেন্ বংশ |
ধৰ্ম বিশ্বাস | হিন্দু |
নীলাম্বৰ (ৰাজত্ব ১৪৮০–১৪৯৮) আছিল পশ্চিম অসম আৰু উত্তৰ বংগৰ কমতা ৰাজ্যৰ শেষ খেন্ শাসক বা কমদেশ্বৰ। তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) শাসন কৰিছিল।
নীলাম্বৰ চক্ৰধ্বজৰ (১৪৬০–১৪৮০) পুত্ৰ আছিল। পিতৃৰ মৃত্যুত তেওঁ সিংহাসন গ্ৰহণ কৰে। তেওঁ এজন সফল যোদ্ধা আছিল আৰু তেওঁক তেওঁৰ বংশৰ আটাইতকৈ শক্তিশালী ৰজা হিচাপে গণ্য কৰা হয়। তেওঁ ৰাজ্যখনৰ সম্প্ৰসাৰণ কৰি বৰ্তমানৰ পশ্চিম বংগৰ কোচবিহাৰ আৰু বাংলাদেশৰ উত্তৰ মইমেনসিংহ জিলাক সামৰি লয়।[1] তেওঁ অসমৰ অবিভক্ত কামৰূপ আৰু দৰং জিলা আৰু দিনজপুৰৰ পূৰ্বাঞ্চল দখল কৰে।
নীলাম্বৰে সমগ্ৰ ৰাজ্যতে যোগাযোগৰ প্ৰতি আগ্ৰহী আছিল আৰু পথ নিৰ্মাণৰ কাৰ্যসূচীত বিনিয়োগ কৰিছিল।[2] ইয়াৰে এটা পথ পিছলৈ কোচবিহাৰ, ৰংপুৰ আৰু বগৰাৰ মাজৰ ট্ৰাংক ৰুটৰ অংশ হিচাপে গঢ় লৈ উঠিছিল।
১৪৯৮ চনত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নীলাম্বৰক পৰাস্ত কৰে। হুছেইন শ্বাহে ২৪,০০০ পদাতিক বাহিনী, অশ্বাৰোহী বাহিনী আৰু যুদ্ধৰ বাহিনীৰে কামতা ৰাজ্য আক্ৰমণ কৰি কামতা বাহিনীক পৰাস্ত কৰি দীৰ্ঘদিনীয়া ঘেৰাওৰ অন্তত কামতাপুৰ দখল কৰে।[3] পৰম্পৰাগত বিৱৰণীত এই আক্ৰমণৰ প্ৰৰোচনা কৰিছিল শশীপাত্ৰ নামৰ এজন অসন্তুষ্ট ব্ৰাহ্মণ মন্ত্ৰীয়ে, তেওঁৰ পুত্ৰক ৰজাই অসৎ আচৰণৰ বাবে হত্যা কৰিছিল।[4] কোৱা হয় যে তেওঁ জীৱিত অৱস্থাত যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছিল আৰু পিছলৈ তেওঁৰ নাম আৰু কেতিয়াও শুনা নাযায়।[2]
নীলাম্বৰৰ পতন হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা ৰচিত এটি মহাকাব্যৰ বিষয়বস্তু। ইয়াক অসমীয়াৰ আটাইতকৈ শক্তিশালী আৰু সহজ-সৰল উকা পদ্য হিচাপে গণ্য কৰা হয়।[5]