colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | কাউৰী | |
---|---|
পাতিকাউৰী (Corvus splendens) | |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | প্ৰাণীজগৎ |
পৰ্ব: | কৰ্ডাটা |
শ্ৰেণী: | পক্ষী |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Corvidae |
গণ: | Corvus লিনিয়াস, ১৭৫৮ |
কাউৰী ( ইংৰাজী: Crow ) কৰ্ভিডে পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি চৰাই। কাউৰী সকলো গ্ৰীষ্মমণ্ডলীয় মহাদেশত ( দক্ষিণ আমেৰিকাৰ বাহিৰে) আৰু কেইবাটাও দ্বীপ অঞ্চলত বিস্তৃত। কৰ্ভাছ প্ৰজাতিৰ প্ৰায় ৪০টা ভিন্ন প্ৰজাতিৰ কাউৰী আছে। কৰ্ভিডে প্ৰজাতিৰ প্ৰায় এক তৃতীয়াংশ বিভিন্ন প্ৰজাতিৰ কাউৰীৰে গঠিত। বেছিভাগ কাউৰীৰ ৰং ক’লা। কাউৰীৰ উৎপত্তি মধ্য এছিয়াত হৈছিল। তাৰ পৰাই উত্তৰ আমেৰিকা, আফ্ৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়ালৈ বিয়পি পৰে।
কাউৰীক পৃথিৱীৰ আটাইতকৈ চতুৰ চৰাই বুলি গণ্য কৰা হয়। কেৱল সেয়াই নহয়, ইহঁতক প্ৰাণী জগতৰ অন্যতম চতুৰ প্ৰাণী বুলি গণ্য কৰা হয়। [1] আধুনিক গৱেষণাই দেখুৱাইছে যে কাউৰীয়ে কেৱল যন্ত্ৰপাতি ব্যৱহাৰ কৰাই নহয়, যন্ত্ৰ নিৰ্মাণতো পাকৈত।