কাছাক্ | |
---|---|
![]() উলুৱাটুৰ কাছাক্ নৃত্যশিল্পী | |
স্থানীয় নাম | Tari Kecak (Indonesian) |
শৈলী | পৰম্পৰাগত নৃত্য |
বাদ্যযন্ত্ৰ | গামলন, গং, কেনধাং |
উৎপত্তিমূল | ইণ্ডোনেছিয়া |
কাছাক্, ইণ্ডোনেছিয়ান ভাষাত Tari kecak নামেৰে জনাজাত, বালিৰ হিন্দু নৃত্য আৰু সংগীত নাটকৰ এটা প্ৰকাৰ, যি ১৯৩০ চনত ইণ্ডোনেছিয়াৰ বালিত বিকশিত হৈছিল। সৃষ্টিৰ পিছৰে পৰা ইয়াক প্ৰধানকৈ পুৰুষে পৰিবেশন কৰি আহিছিল, ২০০৬ চনত প্ৰথম মহিলা কাছাক্ গোট আৰম্ভ হয়।[1] ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত এই নৃত্য পৰম্পৰাগতভাৱে সমগ্ৰ বালিৰ মন্দিৰ আৰু গাঁৱত পৰিৱেশন কৰা হয়।[2]
ৰামায়ণ বানৰ জপ বুলিও জনাজাত এই নৃত্যটো কঁকালত চেক থকা কাপোৰ পিন্ধি ১৫০ জনীয়া এটি দলে বৃত্তাকাৰে বহি মুখেৰে চক শব্দ জপ কৰি হাত আৰু বাহু সঞ্চালন কৰে। এই অভিনয়ত ৰামায়ণৰ এখন যুদ্ধৰ চিত্ৰণ কৰা হৈছে, য’ত হনুমানৰ নেতৃত্বত বানৰ সেনাসকলে ৰাজকুমাৰ ৰামক দুষ্ট ৰজা ৰাৱণৰ সৈতে যুঁজিবলৈ সহায় কৰে। কাছাকৰ মূল সংঘ্যাং নামৰ এটা নৃত্যৰ পৰা উদ্বুদ্ধ।[3]
১৯৩০ চনত জাৰ্মান চিত্ৰশিল্পী আৰু সংগীতজ্ঞ ৱালটাৰ স্পাইছে বালিত বসবাস কৰি এই অনুষ্ঠানৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁ ইয়াক হিন্দু ৰামায়ণৰ আধাৰিত নৃত্য-নাটিকা হিচাপে অভিযোজিত কৰিছিল, যিটো পশ্চিমীয়া পৰ্যটকৰ আগত প্ৰদৰ্শনৰ বাবে উদ্দেশ্য কৰা হৈছিল।
ৱালটাৰ স্পাইছে ইণ্ডোনেছিয়ান নৃত্যশিল্পী ৱায়ান লিম্বাকৰ সৈতে কাম কৰিছিল, যিয়ে বালিৰ সাংস্কৃতিক গোটসমূহক আন্তঃৰাষ্ট্ৰীয় ভ্ৰাম্য অনুষ্ঠানৰ ব্যৱস্থা কৰি নৃত্যটোক জনপ্ৰিয় কৰি তুলিছিল। এই ভ্ৰমণসমূহে ’কেচাক’ক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰাত সহায় কৰিছিল।
এইটো জেমছ ক্লিফৰ্ডে "আধুনিক শিল্প-সংস্কৃতি ব্যৱস্থা"[4]ৰ অংশ হিচাপে বৰ্ণনা কৰা উদাহৰণৰ অংশ, য’ত "পশ্চিম বা কেন্দ্ৰীয় শক্তিয়ে 'শিল্প" নিৰ্মাণৰ বাবে অ-পশ্চিমীয়া বা আন কাষৰীয়া সাংস্কৃতিক উপাদানসমূহ গ্ৰহণ কৰে, ৰূপান্তৰিত কৰে আৰু উপভোগ কৰে, যি একে সময়ত সামগ্ৰিক সংস্কৃতিৰ মাজত নিহিত হৈ থাকে এটা সুকীয়া সত্ত্বাত"।[5] ইয়াৰ বিপৰীতে নৃত্যশিল্পী, নৃত্য-নিৰ্দেশক, পণ্ডিত আই ৱায়ান ডিবিয়াই কৈছে যে, অনুসন্ধানকাৰীসকল দ্বীপটোত উপস্থিত হোৱাৰ আগতেই বালিবাসীয়ে নৃত্যৰ এই ৰূপটো গঢ়ি তুলিছিল।[6]
উদাহৰণস্বৰূপে, ১৯২০ চনৰ সময়ছোৱাত লিম্বকে ছাক দলপতিৰ ভূমিকাক বাৰিছ মুভমেণ্টত অন্তৰ্ভুক্ত কৰিছিল। "অনুসন্ধানকাৰীসকলে এই উদ্ভাৱনটো ভাল পাইছিল" আৰু তেওঁলোকে লিম্বকক "ৰামায়ণৰ ওপৰত ভিত্তি কৰি এটা দৃশ্য উদ্ভাৱন কৰিবলৈ" পৰামৰ্শ দিছিল, যাৰ লগত খাপ খাব পৰাকৈ গমেলানৰ পৰিৱৰ্তে ছাক কোৰাছ থাকিব।[3]
কাছাক নৃত্য[7] সাধাৰণতে প্ৰায় পঞ্চাশৰ পৰা এশজন মানুহে কেৱল কঁকালত কাপোৰ পিন্ধি পৰিৱেশন কৰে; তেওঁলোকৰ শৰীৰৰ ওপৰৰ অংশ উদং কৰি ৰখা হয়। তেওঁলোকে সমকেন্দ্ৰিক বৃত্ত গঠন কৰে, যাৰ মাজত বালিৰ পৰম্পৰাগত নাৰিকল তেলৰ চাকি বা লেম্প জ্বলোৱা থাকে। প্ৰথমে তেওঁলোকে নিজৰ শৰীৰটো বাওঁফালে আৰু সোঁফালে ছন্দময়ভাৱে লৰচৰ কৰে, "ছক কে-ছক কে-ছক কে-ছক" শব্দ দুটা অবিৰতভাৱে সমন্বিত স্পন্দনত আৰু লাহে লাহে মৃদু লয়ত জপ কৰে। লাহে লাহে ছন্দৰ গতি বাঢ়ি যায় আৰু পাল পাতি শিল্পীসকলে কঁপি কঁপি হাত দুখন বতাহত তুলি লয়। কাছাক শব্দক বিশুদ্ধভাৱে কোনো বাদ্যযন্ত্ৰ নোহোৱাকৈ মানুহৰ কণ্ঠৰ ব্যৱহাৰেৰে "সংগীত" পৰিৱেশন হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি। নৃত্য-নাটিকাৰ বাবে পৰিৱেশন কৰা এই নৃত্যত উপস্থাপন কৰা কাহিনীটো হিন্দু মহাকাব্য ৰামায়ণৰ পৰা লোৱা হৈছে। উদং বুকুৰ পুৰুষ কাছাক্ জপকাৰীসকলে ৰামৰ সৈন্য বানৰ(বান্দৰ) আৰু ৰাৱণৰ ৰক্ষস(দানৱ) সৈন্যৰ ভূমিকা পালন কৰে ৷
পৰিৱেশনৰ সময়সীমা প্ৰায় এঘণ্টা। সীতা আৰু ৰামৰ দণ্ডকাৰণ্যত নিৰ্বাসনৰ পৰা আৰম্ভ কৰি ৰামায়ণৰ কাহিনী চিত্ৰিত কৰা হৈছে। সোণৰ হৰিণৰ আবিৰ্ভাৱ, ৰাৱণৰ দ্বাৰা সীতাক অপহৰণ, ৰাৱণ আৰু জটায়ুৰ যুদ্ধ, হনুমানৰ দ্বাৰা সীতাৰ সন্ধান আৰু ৰাম আৰু ৰাৱণৰ যুদ্ধৰ সৈতে ইয়াৰ সামৰণি পৰে। কাছাক গায়কসকলে কাহিনীৰ আমেজ আৰু পৰিৱেশ অনুসৰি জপ কৰে আৰু গায়।
বালিত কাছা্ক নৃত্য প্ৰদৰ্শন সাধাৰণতে দৈনিক সন্ধিয়া(বালিৰ সময় অনুসৰি সন্ধিয়া ৬ বজাত) বালিৰ হিন্দু মন্দিৰ, যেনে উলুৱাটু মন্দিৰ আৰু তানাহ লটত অনুষ্ঠিত হয়। বালিৰ উবুদ, গৰুদা উইছনু কেনকানা, বাটু বুলান, পাণ্ডোৱা বিল আৰু অন্যান্য স্থানত একান্তভাৱে কাছাক প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা নৃত্য মঞ্চও আছে। কাছাক অনুষ্ঠান আন আন অনুষ্ঠানতো অনুষ্ঠিত হয়, যেনে সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানত। সাধাৰণতে নৃত্যশিল্পীসকল নৃত্যস্থলীৰ আশে-পাশে থকা অঞ্চলৰ স্থানীয় গাঁৱৰ পৰা আহে; সাধাৰণতে তেওঁলোকৰ নৃত্যৰ বাহিৰে আন এটা মূল কাম থাকে, যিটো তেওঁলোকে কাছাক নৃত্য প্ৰদৰ্শন কৰাৰ আগতে শেষ কৰে। সাধাৰণতে দৰ্শকক বিক্ৰী কৰা টিকটৰ পৰাই নৃত্যশিল্পীসকলৰ উপাৰ্জন আহে। কাছাক নৃত্য প্ৰদৰ্শনৰ বাবে আটাইতকৈ জনপ্ৰিয় গন্তব্যস্থান হৈছে উলুৱাটু মন্দিৰ।[8]
নৃত্যশিল্পী দুই প্ৰকাৰৰ: কাছাক পুৰুষ-সহকাৰী জপ কৰোঁতা আৰু সীতা, ৰাম, লক্ষ্মণ, ৰাৱণ, হনুমান, জটায়ু আদিৰ চৰিত্ৰত অভিনয় কৰা প্ৰধান ৰামায়ণ নৃত্যশিল্পী৷ পৰিৱেশনৰ সময়ত সকলোৰে নিজৰ নিজৰ কাম থাকে। এজন ব্যক্তিয়ে "পো-পো-পো-পো" জপ কৰি জপৰ স্পন্দন বজাই ৰখাৰ দায়িত্ব লয়। আন এজন মানুহে কোৰাছৰ নেতা হিচাপে কাম কৰে, আন শিল্পীসকলক "দিইহ!", "চিয়াআট!", আদি আদেশসূচক মাত দি চিঞৰি চিঞৰি জপ বন্ধ কৰিবলৈ বা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নৃত্যৰ পৰিস্থিতি অনুসৰি সুৰীয়া বা ছন্দময় সুৰত গায়। ডালাং নামেৰে পৰিচিত আন এজন ব্যক্তিয়ে সাধাৰণতে বালি আৰু সংস্কৃত ভাষাত নৃত্যৰ সময়ত কাহিনীটো বৰ্ণনা কৰে। এই কামবোৰৰ বাবে নিৰ্বাচিত পুৰুষসকল সাধাৰণতে জ্যেষ্ঠ পুৰুষ নৃত্যশিল্পী। বাকী জপ-কাৰীসকলে অবিৰতভাৱে আৰু একেলগে সমন্বয়ৰে "চক-চক-চক" জপ কৰে।