কাদম্বিনী গাংগুলী | |
---|---|
![]() | |
জন্ম | কাদম্বিনী বসু ১৮ জুলাই ১৮৬১[1] ভগলপুৰ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩ অক্টোবৰ ১৯২৩ (৬৩ বছৰ) কলিকতা, ব্ৰিটিছ ভাৰত |
শিক্ষানুষ্ঠান | বেথুন কলেজ কলিকতা বিশ্ববিদ্যালয় |
পেচা | চিকিৎসক |
দাম্পত্যসঙ্গী | দ্বাৰকানাথ গাংগুলী |
কাদম্বিনী গাংগুলী (১৮ জুলাই ১৮৬১ – ৩ অক্টোবৰ ১৯২৩)[2] এগৰাকী ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৮৮২ চনত চন্দ্ৰমুখী বসুৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হয়। তেওঁলোকৰ ডিগ্ৰী ১৮৮৩ চনৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত তেওঁ কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ দক্ষিণ এছিয়াৰ পৰা পাশ্চাত্য চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় তথা দক্ষিণ ভাৰতীয় মহিলা।
ব্ৰাহ্ম সংস্কাৰক ব্ৰজকিশোৰ বসুৰ কন্যা কাদম্বিনীৰ ১৮৬১ চনৰ ২৮ জুলাই তাৰিখে বিহাৰৰ ভগলপুৰত জন্ম হৈছিল। তেওঁলোক মূলতঃ বাংলাদেশৰ বৰিশালৰ চান্দসীৰ মূল বাসিন্দা আছিল। তেওঁৰ পিতৃ ভাগলপুৰ স্কুলৰ প্ৰধান শিক্ষক আছিল। ব্ৰজকিশোৰ বসু অভয়চৰণ মল্লিকৰ সৈতে ভাগলপুৰত মহিলাসকলৰ অধিকাৰৰ বাবে আন্দোলন কৰিছিল। তেওঁলোকে ১৮৬৩ চনত ভাৰতত প্ৰথমবাৰৰ বাবে মহিলাসকলৰ সংগঠন ভাগলপুৰ মহিলা সমিতি স্থাপন কৰিছিল। কাদম্বিনীয়ে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা বংগ মহিলা বিদ্যালয়ত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ বেথুন স্কুলত শিক্ষা গ্ৰহণ গ্ৰহণ কৰে। ইয়াত পঢ়ি থাকোতে তেওঁ ১৮৭৮ চনত প্ৰথম মহিলা হিচাপে কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষা দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়। তেওঁৰ দ্বাৰা প্ৰভাৱিত হৈ বেথুন কলেজত প্ৰথম বাৰৰ বাবে এফ.এ আৰু তাৰপিছত অন্যান্য স্নাতক শ্ৰেণী আৰম্ভ হয়। ১৮৮৩ চনত কাদম্বিনী আৰু চন্দ্ৰমুখী বসুয়ে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বেথুন কলেজৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথম মহিলাত পৰিগণিত হয়। তেওঁলোক দুয়ো ব্ৰিটিছ সম্ৰাজ্যৰ প্ৰথম মহিলা স্নাতক।[3]
স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কাদম্বিনীয়ে চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ সিদ্ধান্ত লয়। কাদম্বিনীয়ে চূড়ান্ত পৰীক্ষাত সকলো লিখিত বিষয়ত উত্তীৰ্ণ হয় যদিও এক গুৰুত্বপূৰ্ণ ব্যৱহাৰিক বিষয়ত অকৃতকাৰ্য হৈছিল। ১৮৮৬ চনত তেওঁ গ্ৰেজুৱেট অফ বেংগল মেডিকেল কলেজ ডিগ্ৰী লাভ কৰে। তেওঁ ভাৰতৰ পাশ্চাত্য চিকিৎসা শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। ইয়াত পঢ়ি থাকোঁতে তেওঁ চৰকাৰৰ পৰা মাহিলী ২০ টকাকৈ জলপানি লাভ কৰিছিল।
তেওঁ পাঁচ বছৰ চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পিছত ১৮৯২ চনত বিলাতলৈ যায়। এবছৰ পিছত তেওঁ এল.আৰ.চি.পি. (এডিনবৰা), এল.আৰ.চি.এছ. (গ্লাছগো) আৰু ডি.এফ.পি.এছ (ডাবলিন) উপাধি লৈ দেশলৈ ঘূৰি আহে। বিলাতলৈ যোৱাৰ কিছুদিন আগতে তেওঁ ১৮৮৮ চনত লেডি ডাফৰিন মহিলা চিকিৎসালয়ত মাহিলী ৩০০ দৰমহাৰ চাকৰি কৰিছিল।
১৮৮৩ চনত তেওঁ কলিকতা চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত তেওঁৰ শিক্ষক দ্বাৰকানাথ গাংগুলীৰ লগত বিবাহপাশত আবদ্ধ হয়। দ্বাৰকানাথ গাংগুলী বিখ্যাত সমাজসংস্কাৰক আৰু মানৱদৰদী সাংবাদিক হিচাপে বিখ্যাত আছিল।
১৮৮৯ চনত বোম্বেত অনুষ্ঠিত কংগ্ৰেছৰ পঞ্চম অধিবেশনত নিৰ্বাচিত প্ৰথম ছগৰাকী মহিলাৰ তেওঁ অন্যতম এগৰাকী আছিল। তাৰ পিছৰ বছৰ তেওঁ কলিকতাত অনুষ্ঠিত কংগ্ৰেছৰ ষষ্ঠ অধিবেশনত ব্যক্তব্য ৰাখে। তেওঁ কংগ্ৰেছৰ প্ৰথম মহিলা বক্তা। কাদম্বিনী ১৯০৭ চনত কলকাতাত অনুষ্ঠিত মহিলা সন্মিলনৰ সদস্য আছিল। ১৯১৪ চনত তেওঁ কলকাতাত সাধাৰণ ব্ৰাহ্ম সমাজৰ অধিবেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল।[4] কাদম্বিনীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ শোষণৰ বিষয়ে মাত মাতিছিল আৰু তেওঁ আৰু তেওঁৰ স্বামীয়ে আদমৰ চাহ শ্ৰমিকৰ দুৰ্দশাৰ বাবে চৰকাৰক নিন্দা কৰিছিল। কবি কামিনী ৰায়ৰ সৈতে তেওঁক ১৯২২ চনত বিহাৰ আৰু ওড়িশাৰ নাৰী শ্ৰমিকৰ অৱস্থাৰ বিষয়ে তদন্ত কৰিবলৈ চৰকাৰৰ দ্বাৰা নিযুক্তি লাভ কৰিছিল।