কিট্টুৰ চেন্নাম্মা | |
---|---|
![]() ৰাণী চেন্নাম্মাৰ প্ৰতিমূৰ্তি, বেলাগাভি | |
জন্ম | চেন্নাম্মা ২৩ অক্টোবৰ, ১৭৭৮ বেলেগাম জিলা, মহীশূৰ ৰাজ্য |
মৃত্যু | ২১ ফেব্ৰুৱাৰী, ১৮২৯ (৫০ বছৰ) বেইলহোঙ্গল, মহীশূৰ দেশীয় ৰাজ্য, ইষ্ট ইণ্ডিয়া কোম্পানী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | ৰাণী চেন্নাম্মা, কিট্টুৰ ৰাণী চেন্নাম্মা |
জনা যায় | ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ১৮২৪ চনৰ বিদ্ৰোহ |
কিট্টুৰ চেন্নাম্মা (ইংৰাজী: Kittur Chennamma ২৩ অক্টোবৰ ১৭৭৮- ২১ ফেব্ৰুৱাৰী ১৮২৯ চন) বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী আছিল। ১৮২৪ চনত, চিপাহী বিদ্ৰোহৰ তেইশ বছৰ আগতে স্বত্ববিলোপ নীতিৰ প্ৰতিবাদকল্পে আৰু কিট্টুৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামত লিপ্ত হৈছিল। কিন্তু তেওঁ পৰাজিত হৈছিল আৰু কাৰাৰুদ্ধ অৱস্থাতে ম়ত্যু হৈছিল। তেওঁ আছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম প্ৰৰ্যায়ৰ মহিলা শাসকসকলৰ অন্যতম। তেওঁ কৰ্ণাটকৰ লোককথাৰ এগৰাকী বীৰঙ্গনা ৰূপে প্ৰতিপন্ন হোৱাৰ উপৰিও তেওঁ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতীক স্বৰূপ।[1]
কিট্টুৰ চেন্নাম্মাৰ জন্ম ১৭৭৮ চনৰ ২৩ অক্টোবৰত কৰ্ণাটকৰ বেলাগাভি জিলাৰ এখন সৰু গাঁও কাকতিত হয়। তেওঁ লিঙ্গায়ত সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত আছিল। তেওঁ কম বয়সতে অশ্বাৰোহন, তৰোৱাল চালনা আৰু ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ লাভ কৰে। ১৫ বছৰ বয়সত দেশাই পৰিয়ালৰ ৰাজা মল্লাচাৰ্যৰ সৈতে বিবাহ হয়।[2]
চেন্নাম্মাৰ স্বামী তথা তাৰ কেই বছৰমান পিছত একমাত্ৰ পুত্ৰ সন্তানৰো মৃত্যু হোৱাত ৰাজ্যখনত এক অস্থিৰ অৱস্থাৰ সৃষ্টি হয়। তেওঁ ১৮২৪ চনত শিৱলিংগাপ্পাক তোলনীয় পুত্ৰ হিচাপে গ্ৰহণ কৰে আৰু তেওঁক সিংহাসনৰ উত্তৰাধিকাৰ ঘোষণা কৰে। ইয়াৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানী অসন্তুষ্ট হয়। তেওঁলোকে শিৱলিংগাপ্পাক আঁতৰ কৰি স্বত্ববিলোপ নীতি অনুসৰণ কৰিবলৈ কয়। এই নীতি অনুসৰি যদি কোনো দেশীয় ৰাজ্যৰ শাসক নিঃসন্তান অৱস্থাত মৃত্যু হয় বা তেওঁৰ যদি কোনো সন্তান উত্তৰাধিকাৰী হ’বলৈ জীৱিত নাথাকে, তেন্তে সেই ৰাজ্যখন কোম্পানীয়ে অধিগ্ৰহণ কৰিব।[2]
ইয়াৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজ্যখন অধিগ্ৰহণ কৰে আৰু নিজৰ প্ৰতিনিধি নিয়োগ কৰে। ৰাণী চেন্নাম্মাই বিষয়টোৰ শান্তিপূৰ্ণ সমাধানৰ বাবে বোম্বে প্ৰেচিডেঞ্চিৰ তৎকালীন লেফেটেনেণ্ট গৱৰ্ণৰ মাউণ্টষ্টুৱাৰ্ট এলফিনষ্টোনলৈ আবেদন পঠিয়ায়। কিন্তু দুয়োপক্ষ বুজাবুজিলৈ নহাত যুদ্ধ অৱশ্যাম্ভাৱী হৈ পৰিল।[2]
২০,৭৯৭ জন সৈন্য আৰু ৪৩৭টা বন্দুকেৰে, ব্ৰিটিছে কিট্টুৰ ৰাজ্যৰ সেনাবাহিনীৰ ওপৰত আক্ৰমণ চলায়। প্ৰথমে ব্ৰিটিছসকলৰ শোচনীয় পৰাজয় হয়। ব্ৰিটিছৰ ৰাজনৈতিক এজেণ্ট চেইণ্ট জন থেকাৰে যুদ্ধত নিহত হয়। ৰাণী চেন্নাম্মাৰ বীৰ লেফটেনেণ্ট আমাতুৰ বালাপ্পাই অসাধাৰণ ৰণ নৈপুন্য প্ৰদৰ্শন কৰে। চাৰ ৱাল্টাৰ এলিয়ট আৰু ষ্টিভেনচন বন্দী হয়। পিছত তেওঁলোকক চেন্নাম্মাৰ নিৰ্দেশত মুক্তি দিয়া হয়।[3][4]
দ্বিতীয় যুদ্ধত চোলাপুৰৰ ব্ৰিটিছ চাব-কালেক্টৰ মুনৰো নিহত হয়। দুৰ্ভাগ্যজনক ভাবে কিট্টুৰ চেন্নাম্মা বন্দী হয় আৰু বেইলহোঙ্গল দুৰ্গত আৱদ্ধ কৰি ৰখা হয়। তাতেই ১৮২৯ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু ঘটে।[5][2]
ৰাণী বন্দী হোৱাৰ পিছতো তেওঁৰ লেফটেনেণ্ট চঙ্গোলী ৰায়ান্নাই গেৰিলা যুদ্ধ চলাই যায়। কিন্তু ৰায়ান্না আৰু লগতে তোলনীয় পুত্ৰ শিৱলিংগাপ্পাও বন্দী হয়। ৰাণী চিন্নাম্মাৰ স্মৃতি কৰ্ণাটকৰ মানুহে পাহৰি যোৱা নাই। তাৰে স্মৃতিত, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিজয় উপলক্ষ কৰি প্ৰতি বছৰে ২২ৰ পৰা ২৪ অক্টোবৰলৈ কিট্টুৰত ‘কিট্টুৰ উৎসৱ’ উদযাপন কৰা হয়।[2]