কিণ্টচুগি


কিণ্টচুগি শৈলীৰে মেৰামতি কৰা মাটিৰ পাত্ৰ

কিণ্টচুগি বা কিণ্টচুকুৰই (ইংৰাজী: Kintsugi)[1] ভঙা মৃৎশিল্প লাৰে জোৰা লগাই সোণ, ৰূপ বা প্লেটিনামৰ দৰে মূল্যবান ধাতুৰ গুৰি মিহলি কৰি মেৰামতি কৰা একপ্ৰকাৰৰ জাপানী কলা। মেৰামতি কৰা এই পদ্ধতিটো লা ব্যৱহাৰ কৰা জাপানী মাকি-ই পদ্ধতিৰ দৰে একে।[2][3][4] দৰ্শন হিচাপে ই ভঙা আৰু মেৰামতি কৰা কোনো বস্তুৰ ইতিহাসৰ অংশ হিচাপে গণ্য কৰে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]