কিশোৰ জেনা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||
ৰাষ্ট্ৰীয়তা | Indian | |||||||||
জন্ম | ৬ ছেপ্টেম্বৰ, ১৯৯৫ (২৯ বছৰ) কোথাছাহি, পুৰী জিলা, ওড়িশা, ভাৰত | |||||||||
উচ্চতা | ১.৭৩ মি | |||||||||
ওজন | ৭০ কেজি | |||||||||
ক্ৰীড়া | ||||||||||
ক্ৰীড়া | ট্ৰেক এণ্ড ফিল্ড এথলীট | |||||||||
শিতান | জেভেলিন থ্ৰ' | |||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | ||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ৮৭.৫৪ মি (২০২৩)[1] | |||||||||
পদক অভিলেখ
|
কিশোৰ জেনা (ইংৰাজী: Kishore Jena; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৯৫) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ জেভেলিন থ্ৰ' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
তেওঁৰ ঘৰ ওড়িশাৰ পুৰী জিলাৰ কোথাছাহি গাঁৱত।[2]
২০২৩ চনৰ জুন মাহত জেনাই ভুৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে।[3] ২০২৩ চনৰ ৩০ জুলাইত তেওঁৰ শ্ৰীলংকাৰ দিয়াগামাত ৮৪.৩৮ মিটাৰ দূৰত্বৰ থ্ৰ' প্ৰতিযোগিতাখনৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ' হিচাপে পঞ্জীয়ন ভুক্ত হয়।[4]
জেনাই তেওঁৰ ৮৪.৭৭ মিটাৰৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ' ২০২৩ চনৰ আগষ্ট মাহত বুডাপেষ্টত অনুষ্ঠিত হোৱা ২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। কৰ্তৃপক্ষৰ পৰা ভিছাৰ অনুমোদন লাভৰ আৰম্ভণিৰ অসুবিধাসমূহ অতিক্ৰম কৰি তেওঁ এই প্ৰতিযোগিতাত ৫ম স্থান দখল কৰে।[5][6]
২০২৩ চনৰ ৪ অক্টোবৰত তেওঁ ২০২২ চনৰ হাংঝোত অনুষ্ঠিত এছিয়ান গেমছত ৮৭.৫৪ মিটাৰৰ ব্যক্তিগত অভিলেখ সৃষ্টিৰে ৰূপৰ পদক লাভ কৰে।[1]