কুকুৰা যুঁজ (ইংৰাজী: Cockfight) অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। বিশেষকৈ মাঘ বিহুৰ সময়ত এই খেল অসমৰ বহু ঠাইত সামূহিকভাৱে অনুষ্ঠিত কৰা হৈছিল। এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়।[1][2]
২০১৪ চনত এটা ৰায়ৰ জৰিয়তে ভাৰতৰ উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।[3]
এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়। এনে যুঁজত হৰা কুকুৰাটো প্ৰায়ে মৃত্যুমুখত পৰে।[4]
কুকুৰা যুঁজৰ ইতিহাস প্ৰাচীন। সিন্ধু সভ্যতাৰ সময়তো আমোদ-প্ৰমোদৰ বাবে এই যুঁজ অনুষ্ঠিত কৰাৰ প্ৰমাণ পোৱা গৈছে। প্ৰাচীন ভাৰতত ১১৭৮ চনত অন্ধ্ৰপ্ৰদেশত সংঘটিত হোৱা পালনাডু যুদ্ধ (Battle of Palnadu)-ৰ পৰিণাম কুকুৰা যুঁজেৰে নিৰ্ণয় কৰাৰ তথ্য পোৱা যায়।[5][6][7]
২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।[8]