কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা বা কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনী (ইংৰাজী: Cook Islands mythology) হৈছে প্ৰাচীন কুক দ্বীপপুঞ্জৰ লোকসকলৰ শ্ৰুতিকথা আৰু কিংবদন্তিৰ সম্ভাৰ। কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত সেই অঞ্চলত বহু প্ৰজন্মৰ পৰা প্ৰচাৰিত ঐতিহাসিক শ্ৰুতিকথা, কিংবদন্তি আৰু লোককথাসমূহ সন্নিবিষ্ট কৰা হৈছে। কুক দ্বীপপুঞ্জৰ বহুতো কিংবদন্তি প্ৰাচীন গীত আৰু সমস্বৰৰ জৰিয়তে আবৃত্তি কৰা হৈছিল।[1] শতিকাজুৰি নিজৰ অনন্য চৰিত্ৰ ৰূপে বিকশিত হোৱা কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা আৰু কিংবদন্তিসমূহৰ সৈতে সাধাৰণ পলিনেছিয়াৰ পৌৰাণিক কাহিনীৰ সাদৃশ্য দেখা পোৱা যায়।
কুক দ্বীপপুঞ্জৰ সৃষ্টিৰ শ্ৰুতিকথাত বিশ্বব্ৰহ্মাণ্ডক এটা বিশাল নাৰিকলৰ খোলাৰ দৰে বুলি ধাৰণা কৰা হৈছিল, এই কাল্পনিক খোলাটোৰ ভিতৰৰ অংশটো আভাইকি, তলৰ জগত আৰু খোলাৰ বাহিৰৰ ফালটো মৰ্ত্যলোকৰ ওপৰৰ জগত হিচাপে কল্পনা কৰা হৈছিল। বিভিন্ন গভীৰতাত বিভিন্ন স্তৰ থাকে, যিবোৰে ইটোৱে সিটোৰ লগত সংযোগ হৈ কৰে। এই নাৰিকলৰ খোলাটোৰ একেবাৰে তলৰ এটা বিন্দুলৈকে ক্ষীণ হৈ যোৱা এটা ডাঠ কাণ্ড থাকে, যিয়ে সকলো বস্তুৰ আৰম্ভণিক প্ৰতিনিধিত্ব কৰে। এই বিন্দুটো হৈছে “টে আকা ইয়া ৰোয়ে (Te aka ia Roe; সকলো অস্তিত্বৰ মূল) নামৰ মানৱ ৰূপবিহীন আত্মাৰ বাসস্থান। এই প্ৰাথমিক সত্তেওঁ বিশ্বব্ৰহ্মাণ্ডখন বৰ্তেওঁ ৰাখিছে।[1] এই চৰম বিন্দুৰ ওপৰত “টে টানগায়েংগায়ে” (Te tangaengae; শ্বাস) বা “টে ভায়েৰুৱা” (Te vaerua; জীৱন) নামৰ পূৰ্বৰ সত্তাৰ তুলনাত অধিক শকত আৰু শক্তিশালী আন এক সত্তা থাকে। কাণ্ডৰ আটাইতকৈ ডাঠ অংশটো হৈছে “টে মানাভা” (Te manava roa; দীৰ্ঘজীৱী) নামৰ প্ৰাথমিক, চিৰস্থায়ী, জ্ঞানশীল আত্মাৰ তৃতীয় আৰু অন্তিম সত্তা। এই তিনি সত্তেওঁ একেলগে বিশ্বব্ৰহ্মাণ্ডৰ বাকী অংশৰ ভেটি, স্থায়িত্ব আৰু মংগলৰ সৃষ্টি কৰে।[1]
এই কাল্পনিক নাৰিকলৰ খোলা সদৃশ বিশ্বব্ৰহ্মাণ্ডৰ আভাইকি নামৰ আটাইতকৈ তলৰ অংশত, য’ত খোলাটোৰ কাষবোৰ প্ৰায় লগ হয়, তাত মঙহ আৰু তেজৰ অধিপতি এগৰাকী দেৱী বাস কৰে।[2] সেই দেৱীৰ নাম হৈছে “ভাৰিমা টে টাকেৰে” (Varima te takere)। তেওঁৰ ভূখণ্ড অতি সংকীৰ্ণ, ইমানেই যে তেওঁৰ আঁঠুৱে তেওঁৰ বুকু স্পৰ্শ কৰাকৈ অৱস্থান গ্ৰহণ কৰি থাকিব লগীয়া হয়, তাত আন কোনো অৱস্থানত থকা সম্ভৱ নহয়। ভাৰিমা টে টাকেৰে বংশবৃদ্ধিৰ বাবে অতিশয় উদ্বিগ্ন হৈ পৰিছিল। এদিন তেওঁ গছৰ ফল চিঙাৰ দৰে তেওঁৰ শৰীৰৰ সোঁফালৰ এটা অংশ ছিঙি পেলালে আৰু সেয়াই প্ৰথম মানুহ “আভাটিয়া” (Avatea) বা “ভাটিয়া” (Vatea) হৈ পৰিল।[3][4] তেওঁ দেৱতা আৰু মানুহৰ পিতৃ হৈ পৰিল। আভাটিয়া যেতিয়া ডাঙৰ হ’ল তেওঁৰ শৰীৰটো মাজতে ফাটি দুফাল হৈ গ’ল আৰু সোঁ ফালৰ পৰা মানুহ আৰু বাওঁ ফালৰ পৰা মাছৰ সৃষ্টি হ’ল। মহান মাতৃয়ে আভাটিয়াক প্ৰদান কৰা ভূখণ্ডক “টে পাপাৰাইৰাই” (Te paparairai) বুলি কোৱা হৈছিল। ভাৰিমা টে টাকেৰেৰ শৰীৰৰ পৰা অধিক মাংসৰ টুকুৰা ছিঙি থাকিল, য'ৰ পৰা অধিক সন্তানৰ সৃষ্টি হ'ল, শৰীৰৰ সোঁফালৰ পৰা দেৱতাৰ সৃষ্টি হ'ল আৰু শৰীৰৰ বাওঁফালৰ পৰা দেৱীৰ সৃষ্টি কৰিলে।[1]