Caribbean Hindustani | |
---|---|
कैरेबियाई हिंदुस्तानी (Devanagari script) 𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲 (Kaithi script) کَیریبئائی ہندوستانی (Perso-Arabic script) | |
Caribbean Hindustani written in the Latin, Devanagari, Kaithi, and Perso-Arabic scripts | |
অঞ্চল | Caribbean |
জাতীয়তা | *Indo-Caribbeans |
স্থানীয় ভাষিক |
সাঁচ:Sigfig in Suriname (2018)e25 15,633 in Trinidad and Tobago[1] 299,400 in all countries (2006–2019)[2] |
ভাষা পৰিয়াল |
|
উপভাষা | *Trinidadian Hindustani |
লিখন প্ৰণালী | |
ভাষা সংকেত | |
ISO 639-3 | hns |
কেৰিবিয়ান হিন্দুস্তানী (Devanagari: कैरेबियाई हिंदुस्तानी; Kaithi: 𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲; Perso-Arabic: کَیریبئائی ہندوستانی) এটি ভাৰতীয়-আৰ্য ভাষা যি ভাৰতীয়-কেৰিবিয়ান লোকে ব্যৱহাৰ কৰা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। ই বিহাৰী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই এটি ক'ইনে ভাষা যি ভোজপুৰী আৰু অৱধী ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হৈছে। শ্ৰমিক হিচাপে কেৰিবিয়ানলৈ ভাৰতৰ পৰা যোৱা সৰহ সংখ্যক লোকে এই দুই ভাষাই ব্যৱহাৰ কৰিছিল। এই ভাষাৰ ফিজি হিন্দী আৰু মৰিচিয়াছ তথা দক্ষিণ আফ্ৰিকাত ব্যৱহৃত ভোজপুৰী-হিন্দুস্তানীৰ সৈতে মিল আছে।
যিহেতু কেৰিবিয়ানলৈ যাত্ৰা কৰা প্ৰায়বোৰ লোকেই বিহাৰ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত বিয়পি থকা ভোজপুৰ অঞ্চলৰ তথা উত্তৰ প্ৰদেশৰ অৱধ অঞ্চলৰ আছিল, সেয়ে কেৰিবিয়ান হিন্দুস্তানী মুখ্যতঃ ভোজপুৰী আৰু অৱধীৰৰ দৰে পূৰ্বী-হিন্দী আৰু বিহাৰী ভাষাৰ পৰা অনুপ্ৰাণিত। পাছলৈ বলিউড চিনেমাৰ প্ৰভাৱত মানক হিন্দীয়েও এই ভাষাক প্ৰভাৱিত কৰিলে। তদুপৰি, কম পৰিমাণে, তামিল আৰু অন্যান্য দ্ৰাৱিড় ভাষাৰ প্ৰভাৱো কেৰিবিয়ান হিন্দুস্তানীত দেখা যায়।[6] চুৰিনামত ডাছ আৰু ইংৰাজী আৰু ট্ৰিনিডাড আৰু টোবাগোত ইংৰাজী আৰু ফঁৰাচী ভাষায়ো এই ভাষাক প্ৰভাৱিত কৰিছে। কেৰিবিয়ান হিন্দুস্তানীৰ নতুন শব্দসমূহে ঘাইকৈ কেৰিবিয়ান-ভাৰতীয়সকলে অনুভৱ কৰা নতুন বাস্তৱতাক প্ৰকাশ কৰে। কেৰিবিয়ানত মানক হিন্দীৰ প্ৰৱেশৰ পাছত অনেকে এই ভাষাক হিন্দীৰ এটি ভঙা ৰূপ জ্ঞান কৰিবলৈ লৈছিল। পিচে পাছলৈ গৱেষণাই দেখুৱাইছে যে ই হিন্দীৰ ভঙা উপ-ভাষা নহয়, বৰং এক স্বকীয় পূৰ্বী ভাৰতীয়-আৰ্য ভাষাহে, যি ভোজপুৰী আৰু অৱধীৰ দ্বাৰাহে প্ৰভাৱিত, মানক হিন্দী বা খড়ী বোলীৰ দ্বাৰা নহয়। সেয়ে ই শুনিবলৈ মানক হিন্দীতকৈ বেলেগ।[7]
ধৰ্মৰ ভেদ পৰিহাৰ কৰি প্ৰায় সকলো ভাৰতীয়-কেৰিবিয়ান লোকে কেৰিবিয়ান হিন্দুস্তানীক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। কিন্তু হিন্দুসকলে সংস্কৃতৰ পৰা অহা শব্দ আৰু মুছলিমসকলে ফাৰ্চী, আৰবী তথা তুৰ্কীৰ পৰা অহা শব্দ ব্যৱহাৰ কৰে, ঠিক সেইদৰেই যিদৰে হিন্দুস্তানী ভাষাত হিন্দী আৰু উৰ্দু পৃথক। লিখিত ৰূপত, হিন্দুসকলে ঘাইকৈ দেৱনাগৰী লিপি ব্যৱহাৰ কৰে, আৰু কোনো কোনো মুছলমান লোকে নাস্তালিক ৰূপত ফাৰ্চী-আৰবী লিপি ব্যৱহাৰ কৰে, উৰ্দুৰ দৰে। ঐতিহাসিকভাৱে কৈথী লিপিও ব্যৱহাৰ কৰা হৈছিল।[5] পিচে ভাষাটোৰ ব্যৱহাৰৰ নিম্নগমনৰ লগে লগেই এই লিপিসমূহৰ ব্যৱহাৰ কমি আহিছে। তাৰ স্থান লৈছে লেটিন লিপিয়ে, যি সকলোৰে মাজত সহজবোধ্য।
চাটনী সংগীত, চাটনী চোকা, চাটনী পৰংগ, বৈঠক গানা, লোক সংগীত, শাস্ত্ৰীয় সংগীত, কিছু হিন্দু আৰু মুছলিম ধাৰ্মিক গীত, আনকি কিছু কিছু খ্ৰীষ্টান ধাৰ্মিক গীতো কেৰিবিয়ান হিন্দুস্তানীত উপলব্ধ, কেতিয়াবা কেতিয়াবা ইংৰাজী বা ডাছ ভাষাৰ সৈতে সংমিশ্ৰিত ৰূপত।
যি কেৰিবিয়ান হিন্দুস্তানী গুয়ানাত কোৱা হয়, তাক গুয়ানীজ হিন্দুস্তানী, গুয়ানীজ ভোজপুৰী, পুৰণীয়া হিন্দী বা ঐলী গৈলী নামেৰে জনা যায়। ই প্ৰায় ৩০০০০০ ভাৰতীয়-গুয়ানীজ লোকৰ দ্বাৰা ব্যৱহৃত, প্ৰায় বৃদ্ধ বয়সৰ লোকৰ দ্বাৰা।[8] নিকেৰিয়ান-বাৰ্বিচিয়ান হিন্দুস্তানী ইয়াৰ এটি উপভাষা যি গুয়ানাৰ পূৰ্বী বাৰ্বিচ-কৰেণ্টাইন আৰু চুবুৰীয়া চুৰিনামৰ পশ্চিমীয়া নিকেৰিত কোৱা হয়।[9]
ট্ৰিনিডাড আৰু টোবাগোত ব্যৱহৃত প্ৰকাৰক ট্ৰিনিডাডীয় হিন্দুস্তানী, ট্ৰিনিডাডীয় ভোজপুৰী, ট্ৰিনিডাডীয় হিন্দী, ভাৰতীয় বাগানীয়া হিন্দুস্তানী বা গাওঁ কী বোলী (গাৱঁলীয়া বচন) নামেৰে জনা যায়।[10] সেই অঞ্চললৈ সৰ্বপ্ৰথমে যোৱা প্ৰায়বোৰ ভাৰতীয় শ্ৰমিকেই ভোজপুৰী বা অৱধী কৈছিল, যি পাছলৈ ট্ৰিনিডাডীয় হিন্দুস্তানীৰ ৰূপ ল'লে। ১৯৩৫ চনৰ পৰা কেৰিবিয়ানত ভাৰতীয় চিনেমা সম্প্ৰচাৰ হ'ব ধৰিলে। সেই চিনেমাৰ সৰহসংখ্যকেই আছিল মানক হিন্দুস্তানী (হিন্দী-উৰ্দু) ভাষাৰ। এই ঘটনাই ট্ৰিনিডাডীয় হিন্দুস্তানীক প্ৰভাৱিত কৰিলে আৰু অলপ অলপ মানক হিন্দী আৰু উৰ্দু শব্দ আৰু বাক্যও এই ভাষাত সোমাল। হিন্দী চিনেমাই ট্ৰিনিডাড আৰু টোবাগোৰ ভাৰতীয়-মূলৰ লোকৰ মাজত হিন্দুস্তানী পুনৰ্জীৱিত কৰাতো ভূমিকা পালন কৰিছিল।[11] ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰ তথা বাগানৰ মালিকে হিন্দুস্তানী অৰু অন্য ভাৰতীয় ভাষাক পচন্দ নকৰিছিল। সেয়ে বহুতো ভাৰতীয়ই ইয়াক এটি ভঙা ভাষা হিচাপে চাবলৈ ল'লে, যিয়ে তেওঁলোকক দাৰিদ্ৰ্য় আৰু বাগানৰ সৈতে বান্ধি ৰাখিছিল। সেয়ে বহু লোকে হিন্দুস্তানীক মাতৃভাষা হিচাপে নিজৰ সন্তানক নিশিকোৱা হ'ল, আৰু ইয়াক এটি ঐতিহ্য ভাষা হিচাপেহে আগুৱাই লৈ গ'ল, কাৰণ নিজৰ পৰিস্থিতিৰ পৰা মুক্তিৰ বাবে তেওঁলোকে ইংৰাজী ভাষা শিকাতহে গুৰুত্ব দিলে।[12] ১৯৬০ৰ দশকৰ পৰা ভাৰতীয়-ট্ৰিনিডাডীয় আৰু টোবাগোনীয়সকলৰ মাজৰ সংযোগী ভাষা ট্ৰিনিডাডীয় হিন্দুস্তানীৰ ঠাইত হৈ পৰিল ইংৰাজীৰ এটি হিন্দীকৃত ৰূপ। বৰ্তমানে ট্ৰিনিডাডীয় হিন্দুস্তানী জীয়াই আছে ভজন, ভাৰতীয় শাস্ত্ৰীয় সংগীত, ভাৰতীয় লোক সংগীত, ফিল্মী, পিচকাৰী, চাটনী, চাটনী চোকা আৰু চাটনী পৰংগ আদি সাংগীতিক ৰূপত। ২০০৩ চনত প্ৰায় ১৫৬৩৩ ভাৰতীয় মূলৰ লোকে ট্ৰিনিডাডীয় হিন্দুস্তানী ব্যৱহাৰ কৰিছিল। ২০১১ চনত প্ৰায় ১০০০০এ মানক হিন্দী ব্যৱহাৰ কৰিছিল। বহুতো ট্ৰিনিডাডীয় আৰু টবাগোনীয় লোকে এক প্ৰকাৰৰ হিংলিছ (হিন্দী আৰু ইংৰাজীৰ মিশ্ৰ ভাষা) ব্যৱহাৰ কৰে, য'ত সেই অঞ্চলৰ ইংৰাজীৰ সৈতে ভালেমান হিন্দুস্তানী শব্দ আৰু বাক্য মিহলি থাকে। তদুপৰি, অনেকে হিন্দুস্তানীত কবিতা বা ধাৰ্মিক গীত আদি গায়। বহু ঠাইৰ বৰ্তমানে হিন্দুস্তানী মূলৰ নাম আছে। এনে বহু শব্দই সেই দেশৰ মূল সূতীৰ ইংৰাজী আৰু ক্ৰেয়'ল ইংৰাজিতো স্থান পাইছে।[13][14][15][10][1] .জাতীয় ভাৰতীয় সংস্কৃতি সংস্থা, হিন্দী নিধি ফাউণ্ডেচন, ভাৰতীয় উচ্চায়োগ, মহাত্মা গান্ধী প্ৰতিষ্ঠান আৰু সনাতন ধৰ্ম মহা সভা আদিয়ে প্ৰতি বছৰে ১০ জানুৱাৰীত সেই দেশত বিশ্ব হিন্দী দিৱস পালন কৰে।[16]
চাৰনামী বা চাৰনামী হিন্দুস্তানী হ'ল চুৰিনামত ব্যৱহৃত হিন্দুস্তানী ভাষা। ই দেশখনৰ তৃতীয় আটাইতকৈ অধিক ব্যৱহৃত ভাষা ডাছ আৰু চ্ৰানান টংগ'ৰ পাছতে।[17] ই বিহাৰী আৰু পূৰ্বী হিন্দী ভাষাসমূহৰ মিশ্ৰণ, বিশেষকৈ ভোজপুৰী, অৱধী আৰু কম পৰিমাণে মগহী ভাষাৰ। গড়িষ্ঠসংখ্যক গৱেষকে এই মত পোষণ কৰে যে ভোজপুৰীৰ অৱদানেই অধিক।[18] এই ভাষা মুখ্যতঃ চুৰিনামৰ ভাৰতীয়-চুৰিনামী লোকে ব্যৱহাৰ কৰে আৰু সেয়ে ডাছ আৰু চ্ৰানান টংগ'ৰ বিপৰীতে ইয়াক দেশখনৰ লিংগুৱা ফ্ৰেংকা গণ্য কৰা নহয়। এই ভাষা ঘাইকৈ অনানুষ্ঠানিকভাৱেহে ব্যৱহাৰ কৰা হয়, দৈনন্দীন বাৰ্তালাপত। তাৰ বিপৰীতে ভাৰতীয় মূলৰ লোকৰ মাজত সন্মানৰ ভাষা মানক হিন্দী বা উৰ্দুহে। ঠিক সেইদৰেই যিদৰে জামাইকান পাটোৱা অনানুষ্ঠানিকভাৱে ব্যৱহাৰ হয়, আৰু সন্মানৰ ভাষা জামাইকান মানক ইংৰাজী বা কুইন্স ইংৰাজী বুলি গণ্য কৰা হয়।[18] বৈঠক গানা চাৰনামী হিন্দুস্তানী ভাষাত গোৱা আটাইতকৈ জনপ্ৰিয় গীতৰ শৈলী।
নিকাৰিয়ান-বাৰ্বিচিয়ান হিন্দুস্তানী বা নিকাৰিয়ান চাৰনামী বা বাৰ্বিচিয়ান হিন্দুস্তানী হ'ল চাৰনামী আৰু গুয়ানীজ ভোজপুৰী-হিন্দুস্তানীৰ এটি অনন্য উপভাষা। ই চুৰিনামৰ নিকাৰি আৰু গুয়ানাৰ বাৰ্বিচ জিলাত বিকশিত উপভাষা, যি ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ প্ৰথমাংশত বিকশিত হৈছিল। যদিও এই দুই চুবুৰীয়া জিলা দুখন পৃথক দেশত আছে চাৰ মাজেৰে কৌৰেণ্টাইন নৈ বয়, দুয়ো অঞ্চলৰ ভাৰতীয় মূলৰ শ্ৰমিকসকল আগৰে পৰাই এটি মাথো গোষ্ঠীৰ দৰে বসবাস কৰি আহিছে, আৰু দুয়ো ঠাইৰ ভাৰতীয়সকলৰ মাজত বিবাহ আদিও প্ৰায় দেখা যায়। দুয়ো দেশৰ স্বাধীনতাৰ পাছত চুৰিনামৰ নিকাৰিবাসী ভাৰতীয়সকলে এই ভাষা বচাই ৰাখিব পাৰিলে যদিও চুবুৰীয়া গুয়ানাৰ বাৰ্বিচত এই ভাষা লাহে লাহে মৰিব ধৰিছে। পিচে গুয়ানাৰ মানক ইংৰাজী ক্ৰেয়'লত এই ভাষাৰ বহুতো শব্দ আৰু বাক্য অন্তৰ্ভুক্ত কৰা হৈছে।[19][9]
এই ভাষাৰ ওপৰত প্ৰাৰম্ভিক গৱেষণা কৰিছিল চুৰিনামৰ মতিলাল ৰাজবংশী মৰ্হে আৰু ট্ৰিনিডাড আৰু টোবাগোৰ পেগি মোহন আৰু নূৰ কুমাৰ মহাবীৰ, তথা গুয়ানাৰ সুৰেন্দ্ৰ কুমাৰ গম্ভীৰে।[20][21][22][23][7] এই ভাষাৰ সংৰক্ষণৰ প্ৰচেষ্টা কৰিছে বিশম ভিমূলৰ নেতৃত্বত কেৰিবিয়ান হিন্দুস্তানী ইংক আৰু ৰাজসিংহ ৰমঞ্জুলুৰ চাৰনামী বোলে চুৰিনামত। তদুপৰি, ট্ৰিনিডাড আৰু টোবাগোত কেৰেণ দাস আৰু গুয়ানাৰ হেৰী হেৰ্গাশে কেনেডা আদিত। [24][25][26][27][28][29][30]
<ref>
টেগ;
e25
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই