কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় | |
---|---|
মূলমন্ত্ৰ | सर्वे सन्तु निरामयाः |
স্থাপিত | ২০২৩ |
ধৰণ | চিকিৎসা মহাবিদ্যালয় |
অধ্যক্ষ | ডাঃ অতুল চন্দ্ৰ বড়ো[1] |
স্নাতক শিক্ষাৰ্থী | ১০০ |
স্থান | ৰঙালীখাতা, কোকৰাঝাৰ, অসম, ভাৰত |
চৌহদ | উপ-চহৰাঞ্চল |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ |
ৱেবছাইট | kokrajharmch |
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Kokrajhar Medical College and Hospital) অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2] ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।[3]
২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ অৰ্থাৎ এন এম চিৰ অধীনৰ মেডিকেল এছেচমেণ্ট এণ্ড ৰেটিং বোৰ্ডে চিঠি নম্বৰ NMC/UG/2023-24/000023/005791 জৰিয়তে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী ছাত্ৰ অধ্যয়ন কৰিব পাৰিব বুলি আনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদান কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চাংসাৰিত নিৰ্মিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী লগতে আন তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[4][5] এই তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় অন্যতম। ই বড়োলেণ্ড অঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। ডাঃ অতুল চন্দ্ৰ বড়ো মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।[6]
২০২৩-২৪ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।[7]
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ চহৰৰ ৰাঙলীখাতাত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰা ই ৮ কিঃমিঃ আৰু ৰূপসী বিমানবন্দৰৰ পৰা ৬৭ কিঃমিঃ নিলগত অৱস্থিত। কোকৰাঝাৰ চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।