কৰ হৈছে কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ ওপৰত দেশৰ প্ৰশাসনে আৰোপ কৰা এক বিত্তীয় ব্যয়ৰ ভাৰ। কৰ মূলতঃ দেশৰ সৰ্বজনীন কাৰ্যসমূহত ব্যয় কৰিবলৈ আৰোপ কৰা হয়।[1] লেটিন ভাষাৰ শব্দ টেক্স’ৰ পৰা কৰৰ ইংৰাজী প্ৰতিশব্দ টেক্সৰ উদ্ভৱ হৈছে। কৰ পৰিশোধ কৰাত অপাৰগ হোৱা আৰু কৰ ফাঁকি দিয়া কাৰ্য আইনমতে দণ্ডণীয়। বিভিন্ন প্ৰশাসনিক খণ্ডৰ যোগেদি কৰ আৰোপ কৰা হয়। কৰক মূলতঃ দুই ধৰণে ভগাব পাৰি: প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ। কৰসমূহ মুদ্ৰা নাইবা সমপৰিমাণৰ শ্ৰমৰ যোগেদি পৰিশোধ কৰা হয়। খুবেই কমসংখ্যক দেশ যেনে সংযুক্ত আৰৱ ৰাষ্ট্ৰ আৰু মোনাকো আদিয়েহে কোনো কৰ আৰোপ নকৰে।[2]
আধুনিক কৰ ব্যৱস্থাত মুদ্ৰা বা ধনৰাশিৰ ওপৰত কৰ আৰোপ কৰা হয়।
কৰৰ যোগেদি সংগ্ৰহ কৰা ধন আইন-শৃংখলা প্ৰণয়ন, সম্পত্তিৰ সুৰক্ষা, অৰ্থনৈতিক আন্তঃগাঁঠনি, সামাজিক কাম-কাজ, চৰকাৰ পৰিচালনা, যুদ্ধ বা সুৰক্ষা ইত্যাদি কাৰ্যত ব্যৱহাৰ কৰা হয়। এই কৰৰ কিছু অংশ ৰাষ্ট্ৰখনৰ দেনা আৰু দেনাৰ ওপৰত সুতৰ পৰিশোধ কৰোঁতে ব্যৱহৃত হয়। সমাজ কল্যাণ আৰু সমাজসেৱাতো চৰকাৰে কৰৰ কিছু অংশ ব্যয় কৰে। শিক্ষা, স্বাস্থ্য, বৃদ্ধলোকৰ পেঞ্চন, নিবনুৱা ভাট্টা, যাতায়ত, বিদ্যুৎ যোগান, পানী যোগান আদি এই দুই শিতানৰ অন্তৰ্ভুক্ত। সৰহসংখ্যক অৰ্থনীতিবিদৰ মতে কৰ ব্যৱস্থাই বিকৃত বজাৰৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত অৰ্থনৈতিক অসমতুলতাৰ উদ্ভৱ হয়। সেয়ে অৰ্থনীতিবিদসকলে একেবাৰে কম পৰিমাণৰ বিকৃতিৰ সৃষ্টি কৰিব পৰা কৰ ব্যৱস্থা এটা চিনাক্ত কৰাত গুৰুত্ব আৰোপ কৰিছে।[3]
একোজন ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ আয়ৰ ওপৰত আৰোপ কৰা কৰক আয়কৰ বোলে। ভাৰতীয় আয়কৰ আইন ১৯৬১ অনুসৰি কোনো ব্যক্তি বা ব্যৱসায় প্ৰতিষ্ঠানৰ আয়সমূহ নিম্নলিখিত ধৰণে ভাগ কৰি ইয়াৰ ওপৰত কৰ আৰোপ কৰা হয়।
অৰ্থনীতিত ঋণাত্মক আয়কৰ হৈছে এনে এক ব্যৱস্থা য’ত এক নিৰ্দিষ্ট পৰিমাণতকৈ কম আয় কৰা লোকক চৰকাৰে উপৰঞ্চি ধনৰাশি প্ৰদান কৰে।
প্ৰায়বোৰ প্ৰশাসনিক ব্যৱস্থাই অপৌনঃপুনিক লাভ, অৰ্থাৎ স্থাৱৰ সম্পত্তিৰ বিক্ৰীৰ পৰা হোৱা লাভৰ ওপৰত কৰ আৰোপ কৰে।[3]
ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা কৰক কৰ্প’ৰেট বা বণিক খণ্ডৰ কৰ বোলা হয়।
কোনো কোনো দেশৰ চৰকাৰে জনগণৰ পৰা আহৰণ কৰা পুঁজিৰে অৱসৰ বা স্বাস্থ্য খণ্ডৰ সুবিধাসমূহ প্ৰদান কৰে।[4] েই সন্দৰ্ভত নিয়োগকাৰী আৰু/বা নিয়োজিত লোকসকলৰ বাধ্যতামূলক বৰঙনিৰ প্ৰয়োজন হয়।[5] এই বৰঙনিসমূহ প্ৰায়বোৰ ক্ষেত্ৰতে বেতন বা স্ব-নিয়োজনৰ পৰা আৰ্জিত পুঁজিৰ ওপৰত ধাৰ্য কৰা হয়। বৰঙনিৰ হাৰ সাধাৰণতে নিৰ্ধাৰিত হয় যদিও নিয়োগকৰ্তা আৰু নিয়োজিত লোকৰ ওপৰত ভিন্ন হাৰ প্ৰযোজ্য হ’ব পাৰে।[6]
স্থাৱৰ সম্পত্তি আৰু কিছু প্ৰকাৰৰ অস্থাৱৰ সম্পত্তিৰ ওপৰতো কৰ আৰোপ কৰা হয়। বিভিন্ন প্ৰশাসনিয় ব্যৱস্থাই উত্তৰাধিকাৰ বা উপহাৰ স্বৰূপে হস্তান্তৰ কৰা সম্পত্তিৰ ওপৰত কৰ আৰোপ কৰে। ভূমিৰ বৰ্দ্ধিত নোহোৱা মূল্যৰ ওপৰতো সম্পত্তি কৰ আৰোপ কৰা হয়।[7] বহু ঠাইত ব্যক্তিগত সম্পত্তি ধাৰণ কৰা নাগৰিকসকলৰ ওপৰত কৰ আৰোপ কৰা হয়। বাহন আৰু নাৱৰ পঞ্জীয়ন ফিজ এনে কৰৰ অন্তৰ্ভুক্ত। ঘৰুৱাভাৱে ব্যৱহাৰ্য সামগ্ৰীসমূহক প্ৰায় ক্ষেত্ৰতে কৰৰ পৰা ৰেহাই দিয়া হয়।[8]
ভেল্যু এডেড টেক্স বা ভেট ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰযোজ্য হয়। এই ব্যৱস্থাত কোনো এক সামগ্ৰী অথবা সেৱাৰ মূল্য বৃদ্ধি কৰা প্ৰতিটো পৰ্যায়তে পৰ্যায়টোৰ সৈতে জড়িত ব্যক্তিজনে কৰ পৰিশোধ কৰিব লগা হয়। উদাহৰণস্বৰূপে, উৎপাদনকাৰী লোক এজনে এক যন্ত্ৰ তৈয়াৰ কৰিবৰ বাবে তীখা আমদানি কৰি আনিলে তাৰ ক্ৰয় মূল্যৰ ওপৰত চৰকাৰক ভেট দিব লগা হয়। যন্ত্ৰটো তৈয়াৰ কৰাৰ পিছত তেওঁ পাইকাৰী বিক্ৰেতাক তীখাতকৈ অধিক মূল্যত (কেঁচামাল+নিৰ্মাণ ব্যয়+লভ্যাংশ) যন্ত্ৰটো বিক্ৰী কৰে আৰু পাইকাৰী বিক্ৰেতাজনৰ পৰা ভেট আহৰণ কৰে। ফলত তেওঁ পূৰ্বতে পৰিশোধ কৰা ভেট পাইকাৰী বিক্ৰেতাজনৰ পৰা ঘূৰাই পায়। আকৌ পাইকাৰী বিক্ৰেতাই যন্ত্ৰটো খুচুৰা বিক্ৰেতাক অধিক মূল্যত বিক্ৰী কৰি ভেট আহৰ্ন কৰে আৰু একেদৰে পূৰ্বতে পৰিশোধ কৰা ভেট ঘূৰাই পায়। সৰ্বশেষত গ্ৰাহকজনে যন্ত্ৰটোৰ ওপৰত খুচুৰা বিক্ৰেতাক ভেট দিয়ে যদিও ইয়াক ঘূৰাই পাব নোৱাৰে আৰু ইয়াতেই ভেট চক্ৰটো শেষ হয়। সাধাৰণতে ব্যৱসায়িক প্ৰতিষ্ঠান এটাই আনক পৰিশোধ কৰা ভেট আৰু আনৰ ওপৰত আৰোপ কৰা ভেটৰ প্ৰতিবেদন দাখিল কৰিব লাগে আৰু অতিৰিক্ত ভেট স্থানীয় কৰ আয়োগক পৰিশোধ কৰিব লাগে।
গ্ৰাহক বা উপভোগকৰ্তাজনক বিক্ৰী কৰা সামগ্ৰীৰ ওপৰতো কৰ আৰোপ কৰা হয় আৰু ইয়াক বিক্ৰী কৰ বোলা হয়। এই কৰ খুচুৰা ব্যৱসায়ীৰ ক্ষেত্ৰত প্ৰযোজ্য।