কৰুণা বেনাৰ্জী | |
---|---|
পথেৰ পাঁচালীৰ এটি দৃশ্যত কৰুণা বেনাৰ্জী (১৯৫৫) | |
জন্ম | কৰুণা বন্দোপধ্যায় ২৫ ডিচেম্বৰ, ১৯১৯[1] কলিকতা, বেংগল প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৩ নৱেম্বৰ, ২০০১ (৮১ বছৰ) কলিকতা, পশ্চিম বংগ, ভাৰত |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
পেচা | অভিনেত্ৰী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | মনোনীত অপৰাজিতত কৰা অভিনয়ৰ বাবে দ্বাদশ ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা (বাফটা বঁটা)ৰ শ্ৰেষ্ঠ অভিনেত্ৰী |
কৰুণা বেনাৰ্জী (বঙালী: কৰুণা ব্যানাৰ্জী) (২৫ ডিচেম্বৰ, ১৯১৯ – ১৩ নৱেম্বৰ, ২০০১) এগৰাকী বাংলা অভিনেত্ৰী। তেওঁ সত্যজিৎ ৰায়ৰ অপু ত্ৰিলজী (১৯৫৫-১৯৫৯)ত দীৰ্ঘদিনীয়া ৰোগগ্ৰস্তা মাতৃ সৰবাজায়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ দ্য অপু ত্ৰিলজীৰ দ্বিতীয় অংশ অপৰাজিতত কৰা অভিনয়ৰ বাবে দ্বাদশ ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা (বাফটা বঁটা)ত মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছত তেওঁ আন কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰে, যাৰ ভিতৰত আছে ৰায়ৰ দেৱী (১৯৬০) আৰু কাঞ্চনজংঘা (১৯৬২)।
কৰুণা বেনাৰ্জীৰ জন্ম ব্ৰিটিছ ভাৰতৰ সন্তল পৰগণাৰ মহেশপুৰত হৈছিল। তেওঁৰ পৈতৃক ঘৰ আছিল বৰ্তমানৰ বাংলাদেশৰ খুলনাৰ পয়োগ্ৰামত। তেওঁৰ দেউতাকৰ নাম শচীন্দ্ৰনাথ সেন আৰু তেওঁৰ মাতৃ হৈছে সুধা সেন। তেওঁৰ স্বামী সুব্ৰত বেনাৰ্জী এগৰাকী কমিউনিষ্ট আছিল। তেওঁ যোগমায়া দেৱী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল, যি হৈছে কলিকতা বিশ্ববিদ্যালয়ৰ এক অনুমোদিত মহিলা মহাবিদ্যালয়।[2] কৰুণা মহাবিদ্যালয় জীৱনত কোনো ছাত্ৰ আন্দোলনৰ সৈতে জড়িত নাছিল। তেওঁ ১৯৪১ চনত এম এ উত্তীৰ্ণ হৈছিল। ১৯৪৩ চনত চব্বিশ বছৰ বয়সত কৰুণাই সহপাঠী আৰু বন্ধু সুব্ৰত বেনাৰ্জীক বিয়া কৰায়। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। কৰুণাৰ কথাত, এই বিবাহসম্পৰ্কে তেওঁলোকৰ ঘৰৰ পৰা উত্থাপিত আপত্তিবোৰ মুখ্যতঃ ৰাজনৈতিক আদৰ্শগত পাৰ্থক্যৰ বাবে হৈছিল। কৰুণাৰ পৰিয়াল এজন গোঁড়া কংগ্ৰেছী আছিল আৰু সুব্ৰত এজন মাৰ্ক্সবাদী আছিল। অৱশ্যে, কৰুণাৰ ভায়েক আৰু সমালোচক, সম্পাদক আৰু অধ্যাপক শমীক বেনাৰ্জীয়ে পঞ্চম সমৰেন্দ্ৰ সেনগুপ্তা স্মাৰক বক্তৃতাত 'পৰিয়াল, অ-পৰিয়াল' দয়াসম্পৰ্কে কয়, "জাতিৰ প্ৰশ্নত দুয়োটা ঘৰৰ পৰা আপত্তি আছিল। তেওঁলোক বৈদ্য, আমি বামুণ। তাত বাধা আছিল। অৱশ্যে, দুয়োটা ঘৰৰ দুয়োগৰাকী মাতৃৰ মাজত এক অদ্ভুত বন্ধুত্ব গঢ়ি উঠিছিল আৰু তেওঁলোক দুয়োএই বাধা আৰু বিপদবোৰ অতিক্ৰম কৰিবলৈ আগবাঢ়ি গৈছিল।" ৰাজনৈতিক কাৰণত সুব্ৰত বেনাৰ্জী ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ কাৰাগাৰত আছিল। সেই সময়ত কৰুণা বেনাৰ্জীয়ে গণনাট্য সংঘত যোগ দান কৰে।
বেনাৰ্জীৰ অভিনয় জীৱন পশ্চিম বংগৰ চিনেমাত দুই দশকতকৈও অধিক সময় ধৰি সম্প্ৰসাৰিত হৈছিল। বাংলা চিনেমা আৰু থিয়েটাৰ অৱ ইণ্ডিয়া তেওঁ সত্যজিৎ ৰায়ৰ 'অপু ত্ৰিলজী'ৰ প্ৰথম দুটা অংশত মাতৃ সৰবাজায়া ৰ স্মৰণীয় অভিনয়ৰ বাবে সৰ্বাধিক জনাজাত: পথেৰ পাঁচালী (১৯৫৫) আৰু অপৰাজিত (১৯৫৬)। অপৰাজিতত তেখেতেৰ অভিনয়ৰ বাবে তেখেতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ দ্বাদশ ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা(বাফটা বঁটা)ৰ মনোনয়ন লাভ কৰিছিল। তেওঁ আৰু কেইখনমান চলচ্চিত্ৰত অভিনয় কৰিছিল, যাৰ ভিতৰত আছে ৰায়ৰ দ্বাৰা পৰিচালিত আৰু দুখন ছবি,মৃণাল সেন আৰু ঋত্বিক ঘটকৰ দ্বাৰা পৰিচালিত একোখন ছবি যিবোৰ কেতিয়াও আনুষ্ঠানিকভাৱে মুক্তি লাভ নকৰে। তেওঁ দীৰ্ঘদিন ধৰি গণনাত্য সংঘত আছিল। তাত আছে "সংকেত", "জনান্তিক", তেওঁৰ নাটক। তেওঁ সলিল চৌধুৰী |সলিল চৌধুৰী] নাটকত অভিনয় কৰিছে। তেওঁ লিটল থিয়েটাৰ গ্ৰুপ আৰু আন কেইবাটাও সংগঠনতো অভিনয় কৰিছে।
তেওঁ "সৰ্বজায়া", "এন এক্ট্ৰেছ ইন হাৰ টাইম" শীৰ্ষক গ্ৰন্থ এখনো ৰচনা কৰিছে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ চিঠি আৰু ডায়েৰীৰ সংগ্ৰহ "আন এক সৰ্বজয়া" প্ৰকাশ হয়।