ঘিলা

ঘিলা (Entada rheedii)[1]
Pod at Talakona forest, in Chittoor District of Andhra Pradesh, India.
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
গণ: Entada
প্ৰজাতি: E. rheedii
বৈজ্ঞানিক নাম
Entada rheedii
Spreng.[2]
সমাৰ্থক

E. monostachya DC.
E. pursaetha DC.

ঘিলা(ইংৰাজী: Bean ) এবিধ বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ। ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাবে জনাজাত। ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয়। ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায়। সৰু ল’ৰা-ছোৱালীয়ে ইয়াৰ গুটিৰে "ঘিলা খেল" খেলে।[3]

ঘিলা তিনি প্ৰকাৰৰ। বৰঘিলা,মাকৰি ঘিলা বা ৰামজখলা আৰু ভাতঘিলা।

বৈজ্ঞানিক নাম - Entada scandens,প্ৰতিনাম - E: phaseoloides,গোত্ৰ - Leguminosae শকত লতা গছ,বহুত ওপৰলৈ বগাই উঠে,বহুত দিন থাকে।

ঔষধিগুণ - ঘিলাৰ ভিতৰৰ বীজ গুৰি কৰি চুলি ধোৱা হয়। ইয়াক পানীৰ সৈতে মিহলাই প্ৰসূতি মাতৃক খাবলৈ দিয়া হয়,বিষ উপশম হয়। ভিতৰৰ কোমল বীজ খাব পাৰি। ছালৰ ৰস খজুৱতিৰ ঔষধ,বাকলিৰপৰা এবিধ আঁহ আহৰণ কৰি সূতা কৰা হয়। ইয়াৰে ৰছী,জাল,নাৱৰ পাল কাপোৰ বোৱা হয়,বহুত দিন যায়। উজনি অসমত পোৱা যায়। সাঁচিপাত প্ৰস্তুত কৰিবলৈ ঘিলাটো ব্যৱহাৰ কৰা হয়। বীজৰ (ঘিলা) বাকলি বৰ টান আৰু চকলেট ৰঙৰ,গ্লাছৰ দৰে নিমজ। সাঁচিপাতবিলাক এই ঘিলাৰে ঘঁহি ঘঁহি লিখিবৰ বাবে নিমজ কৰি লোৱা হয়। ঘিলা খেল খেলা হয়।

মাকৰিঘিলা

[সম্পাদনা কৰক]

Bauhinia macrostachya গোত্ৰ - Leguminosae। পাত সৰাল পাত। গছ পাকি খাই খাই ওপৰলৈ উঠি যোৱা শকত আৰোহী লতা গছ। ফলৰ বীজ খৰ-খজুৱতি আদিত ব্যৱহাৰ কৰা হয়।

ভাতঘিলা

[সম্পাদনা কৰক]

Oxoxylum indicum প্ৰতিনাম - Calosanthes indica,গোত্ৰ - Bignoniaceae সৰাল পাতৰ মজলীয়া আকাৰৰ থিয় গছ। ৬-৮ মিটাৰ ওখ হয়। পাত যৌগিক ৯০ -১৫০ ছেণ্টিমিটাৰ দীঘল,মূল পক্ষল ৫ - ৭ যোৰ, মাখিপাত অসংখ্য,পুষ্প দুৰ্গন্ধযুক্ত,পাতল হালধীয়া,দলমণ্ডল নলাকাৰ ৫ - ৭ ছেণ্টিমিটাৰ দীঘল,গৰ্ভমুণ্ড থালাকাৰ,ফল ৬০ - ৮০ ছেণ্টিমিটাৰ দীঘল,৭ - ৯ ছেণ্টিমিটাৰ বহল,চেপেটা,আৰু ৩ -৫ ছেণ্টিমিটাৰ ডাঠ,খণ্ডাকাৰ,বীজ অসংখ্য,চেপেটা আৰু চাৰিওফালে পাখিৰ দৰে পাতল বস্তুৰে ঘেৰি থকা। ইয়াৰ সহায়ত বীজ বতাহত বহুত দূৰলৈ যায়।

ঔষধি গুণ - কোমল ফল সংকোচক,বায়ু নি:সাৰক,ক্ষুধাকাৰক,শিপাৰ ছালৰ ৰস গ্ৰহণী,পেটচলা ৰোগৰ ঔষধ। গছৰ ছালৰ ক্কাথ ঘৰ্মকাৰক আৰু বাতবিষ উপশমকাৰক। ছালৰপৰা ৰং প্ৰস্তুত কৰা হয়।

লোকবিশ্বাস

[সম্পাদনা কৰক]

অসমীয়া মানুহৰ এটা জনবিশ্বাস আছে যে ভাতে বুকুত ধৰা লোকৰ ভাত খোৱা ঠাইৰ ওপৰত ভাতঘিলা ফল এটা আঁৰি থ'লে বা ঘৰৰ চালত খুচি থ'লে ভাতে বুকুত নধৰা হয়।

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

"ভাতঘিলা প্ৰসংগ" আনন্দ তত্ত্ব "প্ৰান্তিক" ২০১৩ (১৬ - ৩০ নৱেম্বৰ) ৩২ শ বছৰ (২৪ শ সংখ্যা) পৃষ্ঠা ২২