চণ্ডীদাস (ইংৰাজী: Chandidas) মধ্যযুগীয় ভাৰতৰ এজন বাংলা কবি আছিল অথবা সম্ভৱতঃ এজনতকৈও অধিক একেনামৰ ব্যক্তি আছিল।[1] তেওঁ মধ্যযুগীয় বাংলা ভাষাত ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ বৰ্ণনাৰে ১২৫০ টাতকৈও অধিক কবিতা লিখিছিল।[2][3] কবিতাবোৰৰ ভণিতাত চণ্ডীদাসৰ নামৰ লগত নাম বড়ু, দ্বিজ আৰু দীন- এই তিনিটা ভিন্ন উপাধি পোৱা যায় আৰু লগতে কোনো উপাধি নোহোৱাকৈয়ো পোৱা যায়। এই ভণিতাবোৰে প্ৰকৃততে এয়া একেজন ব্যক্তিক বুজায় নে নাই, সেয়া স্পষ্ট নহয়। কিছুমান আধুনিক পণ্ডিতে ধৰি লৈছে যে, চণ্ডীদাসৰ নামত যিবোৰ কবিতা চলি আছে, সেইবোৰ আচলতে কমেও চাৰিজন ভিন্ন চণ্ডীদাসৰ ৰচনা, যিসকলক ভণিতাসমূহত পোৱা উপাধিৰ দ্বাৰা বেলেগ বেলেগ বুলি ধৰিব পাৰি। ইয়াৰে আদিমজন অনন্ত বড়ু চণ্ডীদাস বুলিও ধাৰণা কৰা হয়। তেওঁৰ পিতৃ দুৰ্গাদাস বাগচী, বৰেন্দ্ৰ বংশৰ বঙালী ব্ৰাহ্মণ আছিল। বৰ্তমান পশ্চিমবংগ ৰাজ্যৰ বীৰভূম জিলাৰ ননূৰ নামৰ এখন সৰু মফঃছলীয় চহৰৰ বঙালী ব্ৰাহ্মণ পৰিয়ালত চতুৰ্দশ শতিকাত জন্মগ্ৰহণ কৰা বড়ু চণ্ডীদাসক ঐতিহাসিক ব্যক্তি হিচাপে কম বেছি পৰিমাণে চিনাক্ত কৰা হৈছে আৰু গীতি সংকলন শ্ৰীকৃষ্ণকীৰ্তন ৰচনা কৰে।[4]