চন্দ্ৰকুমাৰ আগৰৱালা | |
---|---|
জন্ম | ২৮ নৱেম্বৰ, ১৮৬৭ গহপুৰ, অসম |
মৃত্যু | ২ মাৰ্চ, ১৯৩৮ গুৱাহাটী |
পেচা | কবি |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেচিডেন্সী কলেজ |
চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেখেত আছিল অন্যতম।[1] জোনাকী কাকতত প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়।[2] তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল।[3][4] 'জোনাকী' আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়।[5] বনকুঁৱৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম।
১৮৬৭ চনৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা। তেজপুৰতে শিক্ষাজীৱন আৰম্ভ কৰি চন্দ্ৰকুমাৰে কিছুদিন কলিকতাৰ হিন্দু স্কুলতো পঢ়ে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰেচিডেন্সী কলেজৰ পৰা এফ এ উত্তীৰ্ণ হয়। তাৰপিছত স্নাতক শ্ৰেণীত নাম লগাই যদিও শিক্ষা সমাপ্ত নকৰিলে। কলিকতাত থকাকালতে লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত চন্দ্ৰকুমাৰৰ নিবিড় ঘনিষ্ঠতা হৈছিল। তেওঁলোকৰ প্ৰচেষ্টা তে অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰতিষ্ঠা লাভ কৰে।
লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি আগৰৱালা দেৱে কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে আৰু লগতে জোনাকী নামৰ আলোচনী প্ৰকাশ কৰে। জোনাকী প্ৰথম দুটা সংখ্যাৰ সম্পাদনাও কৰিছিল আগৰৱালাদেৱে। তাৰ পাছত আগৰৱালা দেৱে ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা "অসমীয়া" নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰে। ১৯২৪ চনত গুৱাহাটীৰ খাৰঘুলিত "নিউ প্ৰেছ" স্থাপন কৰি তাৰ পৰা "সাদিনীয়া অসম" নিয়মীয়া ৰূপে প্ৰকাশ কৰি উলিয়ায়। পিছত এই কাকতখন তিনিদিনীয়াকৈয়ো প্ৰকাশ কৰা হৈছিল।[6]
চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত পুথি আছিল প্ৰতিমা (১৯১৩)। ইয়াৰ পিছত দ্বিতীয়খন কবিতাপুথি বীণবৰাগী প্ৰকাশ হয় ১৯২৩ চনত। মৃত্যুৰ পাছত তেখেতৰ অপ্ৰকাশিত কবিতাসমূহক লৈ ১৯৬৭ চনত চন্দ্ৰামৃত নামৰ এখন পুথি প্ৰকাশ পায়। চন্দ্ৰকুমাৰ আগৰৱালাৰক প্ৰতিমাৰ খনিকৰ হিচাপে জনা যায়। "প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ"-লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা "বনকুঁৱৰী" প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। তেজীমলা, মাধুৰী, মহাত্মা আদি তেওঁৰ কবিতাসমূহৰ অন্যতম কবিতা।
জোনাকী। ইয়াৰ উপৰি অসমীয়া, তিনিদিনীয়া অসমীয়া, সাদিনীয়া অসমীয়া, বাঁহী আদি কাকতৰ প্ৰতিষ্ঠা তথা পৰিচালনাৰে সৈতে ওতপ্ৰোত ভাৱে জড়িত আছিল।
১৯৩৮ চনৰ ২ মাৰ্চত গুৱাহাটীৰ উজানবজাৰৰ নিজা ঘৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয়।[7]
ৱিকিউৎসত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |