পদিনা চাঁছ | |
প্ৰকাৰ | পানীয় |
---|---|
উৎপত্তিৰ স্থান | ভাৰতীয় উপমহাদেশ |
অঞ্চল | ভাৰতীয় উপমহাদেশ |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | ভাৰতীয় উপমহাদেশ |
মুখ্য উপাদান | দহি (দৈ) , পানী, নিমখ, মছলা |
ভিন্ন প্ৰকাৰ | নিমখীয়া, মিঠা, মছলাযুক্ত |
"চাঁছ' হৈছে সমগ্ৰ ভাৰতীয় উপমহাদেশতে জনপ্ৰিয় এবিধ পানীয।[1]
ইয়াক দৈৰ পৰা প্ৰস্তুত কৰা হয়।মগাহিত ইয়াক মাথা বুলি কোৱা হয় ৷ ৰাজস্থানীত ইয়াক ঘোল, ওডিয়াত ঘোল/চাঁ।ছ, তামিল আৰু মালয়ালমত মৰু, মাৰাঠীত টাক, , তুলুত আলে (এ-লেই) আৰু বাংলা ভাষাত ঘোল বুলি কোৱা হয়। ভাৰতীয় ইংৰাজীত ইয়াক প্ৰায়ে মাখন বুলি কোৱা হয় ৷ অসমত ইয়াৰ স্থানীয়ভাৱে প্ৰচলন নাই।
চাঁছ বা চাচ শ্ব্দটো সংস্কৃত শব্দ চচ্চিকাৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে মাখন আঁতৰাই পেলোৱা মন্থন কৰা দৈ।[2]
পৰম্পৰাগতভাৱে দৈ আৰু পানী একেলগে এটা পাত্ৰত মিগলি কৰি, মাধনী নামৰ মথনী বা ঘুটনি ব্যৱহাৰ কৰি ঘুটি চাঁছ তৈয়াৰ কৰা হয়। ইয়াক সাধাৰণভাৱে বা বিভিন্ন মছলাৰ সৈতে পৰিৱেশন কৰিব পাৰি। ইয়াক মিঠা সোৱাদৰো কৰি ল’ব পাৰি আৰু তেতিয়া ইয়াক মীথি চাঁছ বুলি কোৱাহয়।[3] চাঁছ সতেজ দৈৰ পৰাও তৈয়াৰ কৰিব পাৰি, আৰু এনে চাঁছৰ প্ৰাকৃতিক সোৱাদ মৃদু মিঠা।
চাঁচ একো বাহিৰা সোৱাদ যোগ নকৰাকৈ সাধাৰণভাৱে খাব পাৰি। কিন্তু ইয়াত লসাধাৰণতে অলপ নিমখ দিয়া হয়। এইটোৱেই হৈছে চাঁছৰ আটাইতকৈ সাধাৰণ জুতি। নিমখীয়া চাঁছত আন বহুতো জুতি আৰু মছলা দিব পাৰি। এই মছলাবোৰ সাধাৰণতে মুকলি পাত্ৰ এটাত শুকানকৈ বা নামমাত্ৰ তেল দি ভজা হয় আৰু চাঁছত দিয়া হয়। এইদৰে চাঁছত যোগ কৰিব পৰা মছলাসমূহ হ'ল: অলপ মোটাকৈ পিহি ভজা জিৰা, নৰসিংহ পাত, হিং, কুটি লোৱা আদা, অতি মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া আৰু সৰিয়হৰ গুটি। চাঁছত চেনিও দিব পাৰি, কিন্তু যদি চেনি যোগ কৰা হয়, তেন্তে সাধাৰণতে নিমখ বা মছলা ব্যৱহাৰ কৰা নহয়।
বিক্ৰেতাসকলে কেইবাটাও মালিকানাধীন সামগ্ৰী আৰু চাঁচৰ মানক সোৱাদৰ কথা উলিয়াইছে যিবোৰ ঔদ্যোগিক পৰ্যায়ত উৎপাদিত আৰু ইয়াত বটলত ভৰোৱা পেকেজড পানীয় হিচাপে বিক্ৰী কৰা হয়। এনে ব্ৰেণ্ডৰ ভিতৰত বেষ্ট-চেলাৰ হৈছে আমুলৰ মছলা চাঁছ। বটলত ভৰোৱা পানীয় হিচাপে উপলব্ধ অন্যান্য জনপ্ৰিয় আধুনিক সোৱাদসমূহৰ ভিতৰত গোলাপৰ সোৱাদযুক্ত চাঁছ গুলাবি আৰু পদিনা সোৱাদযুক্ত পদিনা চাঁছ অন্যতম।
ভাৰতৰ গ্ৰাম্য অঞ্চলত চাঁছ খোৱাৰ সাংস্কৃতিক অনুৰণন আৰু সংগতি আছে। এনে সংগতি চাহ, কফি বা লাচীৰ দৰে অন্যান্য পানীয়ৰ ক্ষেত্ৰত পোৱা নাযায়। মাটিৰ পাত্ৰ ব্যৱহাৰ কৰি চাঁছ প্ৰস্তুত কৰি খোৱাৰ আগতে কেইঘণ্টামান ৰাখিব লাগে। চাঁছ সংৰক্ষণ কৰিবলৈ মাটিৰ বস্তু ব্যৱহাৰ কৰিলে ইয়াক ফ্ৰীজত ৰখাৰ প্ৰয়োজন নোহোৱাকৈ ঠাণ্ডা কৰি ৰখাত সহায় কৰে, আনকি অতি গৰমতো গুজৰাট আৰু ৰাজস্থানৰ অতি উষ্ণ মৰুভূমি অঞ্চলত মানুহে ৰ'দৰ সংস্পৰ্শলৈ অহাৰ পিছত নিমখ দিয়া চাঁছ সেৱন কৰে। চাঁছ বা মৰু দক্ষিণ ভাৰতত বেছিকৈ খোৱা হয় কাৰণ ই গৰম জলবায়ুৰ পৰা শৰীৰক পুনৰ পানী যোগান ধৰে। চাঁছ গোটেই বছৰটো জুৰি সেৱন কৰা হয়। সাধাৰণতে ইয়াক খাদ্য খোৱাৰ লগে লগে গ্ৰহণ কৰা হয় যদিও পানীয় হিচাপেও সেৱন কৰা হয়। ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বাবেও মানুহে চাঁছ খায়। চাঁছত থকা মচলা বিশেষকৈ জলকীয়া আৰু আদাই এচিডিটিৰ সৈতে অনুভৱ কৰা জ্বলন অনুভূতি হ্ৰাস কৰাত সহায় কৰে। সেই মছলাবোৰে হজম শক্তিও উন্নত কৰাত সহায় কৰে। চাঁছ ইলেক্ট্ৰলাইট আৰু পানীৰে ভৰপূৰ হৈ থাকে। ই শৰীৰক পানীলগাৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে।