চাৰ্চ গ্ৰিমহৈছে ইংলেণ্ড আৰু নৰ্ডিক লোককথাত বৰ্ণিত এক অভিভাৱক আত্মা, যি নিৰ্দিষ্ট খ্ৰীষ্টীয় গীৰ্জাৰ মঙ্গল আৰু গীৰ্জাৰ চৌহদৰ পৱিত্ৰতা ৰক্ষা কৰে। সাধাৰণতে, ইয়াক ডাঙৰ ক'লা কুকুৰৰ ৰূপত দেখা যায়, যদিও ই আন জন্তুৰ ৰূপও ধাৰণ কৰিব পাৰে।[1][2] আধুনিক সময়ত, গীৰ্জা আৰু তাত সংলগ্ন পাদ্ৰীঘৰত পোহনীয়া ক'লা কুকুৰ ৰাখিলে, সিহঁতকো 'চাৰ্চ গ্ৰিম' বুলি কোৱা হয়, যদিও সিহঁতে প্ৰহৰীৰ ভূমিকা পালন নকৰিবও পাৰে।[3]
ইংলেণ্ডৰ লোককথাত, চাৰ্চ গ্ৰিম সাধাৰণতে ৰঙা চকুৱা প্ৰকাণ্ড ক'লা কুকুৰৰ ৰূপত দেখা যায় আৰু গীৰ্জাৰ চৌহদ চোৰ, দুৰ্বৃত্ত, ডাইনী, যাদুকৰ আৰু স্বয়ং চয়তানৰ পৰা সুৰক্ষিত ৰাখে। ১৯শ শতিকাৰ লোকসংগ্ৰাহকসকলে বিশ্বাস কৰিছিল যে এসময়ত গীৰ্জাৰ কোণৰ পাথৰৰ তলত জীৱিত কুকুৰক পুতি থোৱা হৈছিল, যাতে তাৰ আত্মাই অভিভাৱক হিচাপে কাৰ্য কৰে।[1][2] ()() ইয়ৰ্কছায়াৰৰ পৰম্পৰাত, ইয়াৰ উপস্থিতি অমংগলৰ আগজাননী হিচাপে ধৰা হয় আৰু কেতিয়াবা মাজৰাতি গীৰ্জাৰ ঘণ্টা বজাই ই মৃত্যুৰ সূচনা দিয়ে বুলি ভবা হয়। অন্ত্যেষ্টিক্ৰিয়াত সভাপতিত্ব কৰা ধৰ্মগুৰুৱে গীৰ্জাৰ টাৱাৰৰ পৰা গ্ৰিমক চাই মৃত ব্যক্তিৰ আত্মা স্বৰ্গলৈ নে নৰকলৈ যাব সেইটো নিৰ্দ্ধাৰণ কৰিব পাৰে। গ্ৰিমে গীৰ্জাৰ চৌহদত দিনে ৰাতিয়ে বাস কৰে আৰু সাধাৰণতে অন্ধকাৰময় বতাহ-ধুমুহাৰ সৈতে সম্পৰ্কিত বুলি বিবেচনা কৰা হয়।[2][4]
কোনো গীৰ্জাৰ সমাধিক্ষেত্ৰ নতুনকৈ স্থাপন কৰোঁতে বিশ্বাস কৰা হৈছিল যে প্ৰথমগৰাকী সমাধিস্থ হোৱা ব্যক্তিয়েই চয়তানৰ বিৰুদ্ধে এই স্থান ৰক্ষা কৰিব লাগিব।[2][5] এজন মানুহক এই দায়িত্বৰ পৰা ৰক্ষা কৰিবলৈ,উত্তৰ অংশত এটা ক'লা কুকুৰক সমাধিস্থ কৰা হৈছিল, যাতে ই মানুহজনৰ সলনি সেই দায়িত্ব গ্ৰহণ কৰে।
স্কটলেণ্ডৰ এক সম্পৰ্কিত বিশ্বাস অনুসৰি, গীৰ্জাৰ চৌহদত সমাধিস্থ ব্যক্তিৰ আত্মাই পৰৱৰ্তী অন্ত্যেষ্টিক্ৰিয়াই নতুন এজন অভিভাৱক প্ৰদান নকৰা পৰ্যন্ত ৰক্ষাকৰ্তাৰ ভূমিকা পালন কৰিব লাগিছিল।[2][6]
এই গীৰ্জাৰ চৌহদত থকা নিৰীক্ষণ প্ৰথাটো faire chlaidh বা "সমাধি পৰ্যবেক্ষণ" নামেৰে জনাজাত আছিল।[6]
স্কেণ্ডিনেভিয়ান দেশসমূহত, চাৰ্চ গ্ৰিমক 'কিৰ্কোগ্ৰিম' (স্বিডিছ), 'কিৰ্কনভেকি' (ফিনিছ), আৰু 'কিৰ্কেগ্ৰিম' (ডেনিছ) নামে জনা যায়।[1][2][7] ইয়াতো গীৰ্জাৰ ভেটিত পুতি থোৱা জীৱিত জন্তুৰ আত্মা হিচাপে গণ্য কৰা হয়। স্বিডেনত, বিশেষকৈ দক্ষিণ অঞ্চলসমূহত, এই প্ৰথা বিদ্যমান আছিল। কেতিয়াবা, গীৰ্জাৰ সুৰক্ষাৰ বাবে 'নাট্টৰাম্ন' নামৰ এক প্ৰাণীকো উল্লেখ কৰা হয়, যিয়ে গীৰ্জাৰ টাৱাৰ বা আন কোনো গুপ্ত স্থানত থাকে আৰু পৱিত্ৰ স্থানৰ সুৰক্ষা কৰে।[8]
বিশ্বাস কৰা হয় যে খ্ৰীষ্টীয় গীৰ্জাৰ প্ৰথম প্ৰতিষ্ঠাপকসকলে বেদীৰ তলত এটা পোৱালি ভেড়া ("চাৰ্চ-লেম্ব") সমাধিস্থ কৰিছিল। উপাসনা অনুষ্ঠিত নোহোৱা সময়ত কোনোবাই গীৰ্জাত প্ৰৱেশ কৰিলে সেই পোৱালি ভেড়াটো দেখা পাব পাৰে। যদি ই সমাধিস্থানত আৱিৰ্ভাৱ হয়(বিশেষকৈ কবৰ খনন কৰোঁতাৰ ওচৰত) তেন্তে তাক এজন শিশুৰ মৃত্যুৰ পূৰ্বসুচক বুলি গণ্য কৰা হৈছিল।[1][7] কিছুমান কাহিনীত এই ভেড়াটোৰ কেৱল তিনিটা ঠেং আছিল বুলি কোৱা হৈছে।[9]
এই ভেড়াটিয়ে খ্ৰীষ্ট (ঈশ্বৰৰ ভেড়া)ৰ প্ৰতিনিধিত্ব কৰে, যাক গীৰ্জাৰ পবিত্ৰ ভিত্তিস্তম্ভ হিচাপে গণ্য কৰা হয় আৰু গীৰ্জাৰ গাঁথনি আৰু উপাসকসকলৰ সুৰক্ষা তথা স্থায়িত্বৰ প্ৰতীক হিচাপে বিবেচিত হয়।[7] চাৰ্চ গ্ৰিম সৃষ্টি কৰিবলৈ ভেড়াপোৱালিৰ উপৰিও বনৰীয়া গাহৰি, গাহৰি আৰু ঘোঁৰা ব্যৱহাৰ কৰা হৈছিল।[1]
এক প্ৰসিদ্ধ কাহিনী মতে গ্ৰেভ-চাও (বা গ্ৰে-চাও) নামে অভিহিত জীৱিত অৱস্থাতে সমাধিস্থ কৰা এটা পোহনীয়া গাহৰিৰ ভূত ক্ৰস্কজবাৰ্গৰ ৰাস্তাত প্ৰায়ে দেখা গৈছিল। ইয়াক মৃত্যুৰ অশুভ সংকেত হিচাপে গণ্য কৰা হৈছিল।[10][1]
ডেনিচ কিৰ্কেগ্ৰিম সম্পৰ্কীয় কাহিনীত কোৱা হয় যে এই আত্মাটোৱে গীৰ্জাৰ চৌহদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ষ্ট্ৰেণ্ড-ভাৰ্সলাৰ নামৰ আত্মাৰ সৈতে যুদ্ধ কৰিছিল। ষ্ট্ৰেণ্ড-ভাৰ্সলাৰসকল আছিল সাগৰত মৃত্যুমুখত পৰি পাৰলৈ উটি অহা আৰু সমাধিস্থ নোহোৱা লোকৰ আত্মা।[7]
স্বিডেনৰ পৰম্পৰাগত বিশ্বাস অনুসৰি, যদি কোনোবাই আৰ্চগেং (Årsgång) অথবা ইয়েৰ ৱাক ( Year Walk) নামৰ ৰীতি পালন কৰিবলৈ সমাধিক্ষেত্ৰ প্ৰদক্ষিণ কৰিব বিচাৰে, তেন্তে তেওঁ চাৰ্চ গ্ৰিমৰ মুখামুখি হ’ব লাগিব। চাৰ্চ গ্ৰিম ইয়েৰ ৱাকাৰ(Year Walker)ৰ প্ৰাকৃতিক শত্ৰু হিচাপে বিবেচিত হৈছিল।[7]
সামগ্ৰিকভাৱে, চাৰ্চ গ্ৰিমৰ কাহিনীসমূহে গীৰ্জা আৰু তাৰ চৌহদৰ পৱিত্ৰতা ৰক্ষা কৰাৰ বাবে জন্তুৰ আত্মাৰ ভূমিকা বৰ্ণনা কৰে। ই অপবিত্ৰতা আৰু অপৰাধৰ পৰা এই স্থানসমূহক সুৰক্ষিত ৰাখে।