শিশেহ বা চিচেহ বা চিচা , কাৱান জো কাম বা অভলা ভাৰত এম্ব্ৰয়ডাৰী ( ফাৰ্চী شيشه,; হিন্দী: आभाला भरत, গুজৰাটী : આભલા ભરત), সিন্ধী: ڪاون جو ڪم, বা দাপোন-কাজ, হৈছে এক প্ৰকাৰৰ এম্ব্ৰয়ডাৰী যি আইনা বা প্ৰতিফলিত ধাতুৰ সৰু টুকুৰা কাপোৰৰ লগত সংলগ্ন কৰা হয়। আইনাৰ এই এম্ব্ৰয়ডাৰী সমগ্ৰ এছিয়াতে উমৈহতীয়া, আৰু আজি ভাৰতীয় উপমহাদেশ, আফগানিস্তান, চীন আৰু ইণ্ডোনেছিয়াৰ পৰম্পৰাগত এম্ব্ৰয়ডাৰীত ইয়াক পোৱা যায়।
ভাৰতত ১৭ শতিকাত চিচা এম্ব্ৰয়ডাৰীৰ উৎপত্তি হৈছিল। নিম্ন শ্ৰেণীৰ মানুহে ধনী লোকৰ ৰত্নেৰে সজ্জিত কাপোৰ অনুকৰণ কৰি ৰূপালী পতংৰ ডেউকা আৰু মাইকাৰ টুকুৰাৰে কাপোৰ সজাইছিল ৷ মোগল সাম্ৰাজ্যৰ সময়ত যেতিয়া আইনাৰ ক্ষুদ্ৰ কাঁহীৰ আকাৰ নিৰ্মাণৰ প্ৰক্ৰিয়া এটা গঢ় লৈ উঠিছিল, তেতিয়া এই ক্ষুদ্ৰ দাপোন বা চিচাবোৰ কাপোৰৰ সজ্জাৰ বাবে দ্ৰুতগতিত গ্ৰহণ কৰা হৈছিল। [1]
সমসাময়িক চিচাৰ কাজত সাধাৰণতে সৰহীয়াকৈ উৎপাদিত, মেচিনেৰে কাটি লোৱা কাঁচৰ চিচাৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পিছফালে ৰূপালী ৰং কৰা হয়। আজি দক্ষিণ এছিয়াৰ বেছিভাগ ক্ৰাফ্ট ষ্ট’ৰেই এম্ব্ৰয়ডাৰীত ব্যৱহাৰৰ বাবে ক্ৰয় কৰিব পৰা সৰু আইনা মজুত ৰাখে, যিবোৰ বিভিন্ন আকৃতি আৰু আকাৰত পোৱা যায়।
শিশেহ এম্ব্ৰয়ডাৰী সমগ্ৰ দক্ষিণ-পশ্চিম এছিয়াত [1] আৰু ভাৰত উপমহাদেশত বেছিকৈ দেখা যায়।[2] এই ধৰণৰ এম্ব্ৰয়ডাৰীয়ে অঞ্চলটোত পিন্ধা উজ্জ্বল ৰঙৰ কাপোৰবোৰক এক জিলিকি থকা ৰূপ দিয়ে, আৰু কাপোৰ, ওলমি থকা বস্তু, টেপেষ্ট্ৰী, আৰু ঘৰুৱা বস্ত্ৰশিল্পত ব্যৱহাৰৰ বাবে ই অতি জনপ্ৰিয়।
আফগানিস্তানৰ পুৰুষ আৰু মহিলা উভয়ে ভাৰতৰ পৰা চিচা এম্ব্ৰয়ডাৰী গ্ৰহণ কৰিছিল ৷ ৰেচম বা কপাহী সূতা আৰু কপাহ, ভেড়াৰ ছাল বা চামৰাৰ কাপোৰ ব্যৱহাৰ কৰি তেওঁলোকে কোৰআনক মেৰিয়াই লোৱাৰ বাবে কাপোৰ, প্ৰাৰ্থনাৰ মেট, জীণ, কাপোৰ আদি বিমূৰ্ত আৰু জ্যামিতিক মটিফ যেনে লতা, হীৰা, তৰা, তোৰণ আৰু গম্বুজ আদিৰে সজাই তোলে। বিশেষকৈ কান্দাহাৰ অঞ্চলত আইনাবোৰৰ চাৰিওফালে গধুৰ এম্ব্ৰয়ডাৰী কৰা হয়। ৰপ্তানিৰ বাবে এম্ব্ৰয়ডাৰী প্ৰায়ে হাতৰ সলনি মেচিনেৰে কৰা হয়।[1]
ইছলামিক পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত বেলুচিস্তানত চিচা এম্ব্ৰয়ডাৰী প্ৰায় বিশুদ্ধ জ্যামিতিক, গধুৰ কপাহী কাপোৰৰ ওপৰত কপাহী সূতা ব্যৱহাৰ কৰি কৰা হয়। পৰম্পৰাগতভাৱে ইয়াত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিল। শিশুৰ দৈনন্দিনৰ আৰু বন্ধৰ দিনৰ কাপোৰ দুয়োটাকে সজাই তোলৱ হয়। চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰসমূহে পৰম্পৰাগত শিল্পকলা সংৰক্ষণৰ বাবে এম্ব্ৰয়ডাৰসকলক চিচা এম্ব্ৰয়ডাৰী পদ্ধতিৰ বিষয়ে শিক্ষিত কৰে। এই অঞ্চলত আধুনিক এম্ব্ৰয়ডাৰী মূলতঃ অগতানুগতিক উজ্জ্বল ৰঙৰ ব্যৱহাৰ কৰি পৰ্যটক আৰু ৰপ্তানিৰ বাবে সৃষ্টি কৰা হয়।[1]
সিন্ধত চিচাৰ কাজ আটাইতকৈ জটিল আঞ্চলিক শৈলীসমূহৰ ভিতৰত অন্যতম। ইয়াত হিন্দু আৰু মুছলমান চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰভাৱ পৰিছে। সিন্ধত কপাহী কাপোৰ এম্ব্ৰয়ডাৰী কৰাৰ আগতে ৰেজিষ্ট-ডাই বা ব্লক-প্ৰিণ্ট কৰা হয়। চিচা আইনাবোৰ সংলগ্ন আৰু চাৰিওফালে ভৰোৱা আৰু জখলা চিলাইৰ লগতে ক্ৰছ চিলাইও দিয়া হয়। জনপ্ৰিয় মটিফসমূহৰ ভিতৰত আছে ট্ৰেফ'ইল, ময়ুৰ, পদুম, ফুল, পেইজলি, আৰু সুক্ষ্ম জ্যামিতিক আৰ্হি। উত্তৰ দিশৰ মটিফ আৰু ৰং আফগানিস্তান আৰু বেলুচিস্তানৰ দৰেই, আনহাতে দক্ষিণৰ মটিফ আৰু ৰংবোৰে গুজৰাটী প্ৰভাৱ পৰিছে। গুজ, টিউনিক, আবোচিনি এম্ব্ৰয়ডাৰী চাদৰ, বুজকী কইনাৰ পিন্ধা যৌতুকৰ পাৰ্চ, আৰু বোখানী, দৰাই পিন্ধা গামোচা আদিত চিচা এম্ব্ৰয়ডাৰী ব্যৱহাৰ কৰা হয়।[1]
বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকে সিন্ধৰ থলুৱা এম্ব্ৰয়ডাৰীৰ ওপৰত কাম কৰিছে। কেইবাজনো লেখকে সিন্ধৰ বিভিন্ন অঞ্চলৰ দাপোন এম্ব্ৰয়ডাৰীৰ বৰ্ণনা কৰিছে, য’ত আছে: ঘটকী, শিকাৰপুৰ, জাকোবাবাদ, খাইৰপুৰ, চুক্কুৰ, মিৰপুৰ মাথেলো, থানো বুলা খান, থাটা, বাদিন, হায়দৰাবাদ, হালা, নৱাবশ্বাহ, মীৰপুৰখা, চাংহাৰ, কাশ্মোৰ আৰু একাধিক অঞ্চল থাপাৰকাৰৰ বিশেষকৈ উমাৰকোট, চাচ্ৰো, ডিপ্লো, নগৰপাৰকাৰ আৰু মিথি।[3]
গুজৰাটৰ চিচা কাজত সাধাৰণতে কৰুণ প্ৰেম কাহিনী, যুদ্ধ, বীৰ আৰু ৰজাৰ পৰম্পৰাগত বিষয়বস্তু চিত্ৰিত কৰা হয়। চিচা এম্ব্ৰয়ডাৰীয়ে কাপোৰ আৰু দেৱালত ওলমি থকা বস্তুবোৰত কৰা হয়। কচ্চ আৰু কাঠিয়াৱাৰৰ এম্ব্ৰয়ডাৰসকল বিশেষভাৱে চিচা এম্ব্ৰয়ডাৰীৰ বাবে বিখ্যাত। কুট্চি এম্ব্ৰয়ডাৰী বক্ৰ বা বৃত্তাকাৰ ডিজাইনত চেইন চিলাইৰ প্ৰাধান্যৰ বাবে ই আনতকৈ পৃথক। ইয়াৰ বিপৰীতে কাঠিয়াৱাৰত চিচা এম্ব্ৰয়ডাৰীত বৰ্গক্ষেত্ৰ বা ত্ৰিকোণীয় মটিফত দীঘলীয়া চেটিন চিলাই ব্যৱহাৰ কৰা হয়।[1][4]
কিছু গৱেষকৰ মতে মধ্য ভাৰতত বসবাস কৰা যাযাবৰী জনগোষ্ঠীয়ে চিলাইৰে কাপোৰত দাপোন, গুটি, খোলা লগোৱাৰ প্ৰথাৰ উৎপত্তি কৰিছিল আৰু এই যাযাবৰী জনগোষ্ঠীয়ে আন অঞ্চললৈও এই প্ৰথাৰ প্ৰসাৰ ঘটাইছিল। এই জনগোষ্ঠীসমূহৰ শিশু এম্ব্ৰয়ডাৰী অস্বাভাৱিক কাৰণ ইয়াত কাপোৰখন প্ৰায় সম্পূৰ্ণৰূপে আইনা আৰু ইয়াৰ চিলাই কৰা ফ্ৰেমেৰে আবৃত, মাজত সজ্জাগত এম্ব্ৰয়ডাৰী কম বা একেবাৰেই নাথাকে। বানজাৰা আৰু ৰাবাৰী চিচা কাজৰ বাবে জনাজাত।[1]