চেংগিজ খান | |
---|---|
| |
![]() | |
চতুৰ্দশ শতিকাৰ য়ুৱান কালৰ ছবি; বাস্তৱ ছবি ক'লা আৰু বগা ৰঙতহে উপলব্ধ আছিল। বাস্তৱ ছবিখন ৪৭ চেণ্টিমিটাৰ বহল আৰু ৫৯.৪ চেণ্টিমিটাৰ ওখ। ৰেচমত চিয়াহিৰে অকা। বৰ্তমানে টাইওৱানৰ টাইপেইৰ নেচনেল পেলেচ মিউজিয়ামৰ উপলব্ধ। | |
ৰাজত্ব | Spring 1206 – August 18, 1227 |
অভিষেক | অনন নদীৰ কুৰুল্টাইত বসন্ত ১২০৬, মংগোলিয়া |
উত্তৰাধিকাৰী | অগেডেই খান |
দাম্পত্য সঙ্গী |
|
সন্তান | |
| |
সম্পূৰ্ণ নাম | |
![]() মংগোলীয়: Чингис хаан চিংগিচ সান মংগোল লিপি (right): চিংগিচ কাসান[note 1] | |
বাসগৃহ | বৰ্জিগিন |
মাতৃ | হৱেলুন |
পিতৃ | য়েচুগেই |
ধৰ্ম | টেংৰি ধৰ্ম |
চেংগিজ খান (জন্মতে টেন্মুজিন, c. ১১৬২ – ১৮ আগষ্ট, ১২২৭) মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান। এই সাম্ৰাজ্য তেখেতৰ মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসৰ সৰ্ববৃহৎ ভৌগোলিকভাৱে সংযুক্ত সাম্ৰাজ্যত পৰিণত হ'ল।
তেখেত উত্তৰ-পূৱ এছিয়াৰ কেইবাটাও জনগোষ্ঠীক এক কৰি শাসনলৈ আহিল। সাম্ৰাজ্য স্থাপন কৰি নিজকে "চেংগিজ খান" ঘোষণা কৰাৰ পাছত তেখেতে ইউৰেছিয়াৰ সিংহ ভাগ দখল কৰিলে। তেখেতৰ জীৱনকালত চাৰা খিটাই, কৌকেচাচ, খোৱাৰাজমিয়ান, পশিম শ্বিয়া আৰু জিনৰ বিৰুদ্ধে অভিযান চলোৱা হ'ল। এই অভিযানসমূহত দেখা গৈছিল সাধাৰণ মানুহৰ নৰসংহাৰ। মৃত্যুৰ পূৰ্বে তেখেত মধ্য এছিয়া আৰু চীনৰ বৃহত্ অংশ দখল কৰিবলৈ সক্ষম হ'ল।
মৃত্যুৰ পূৰ্বে চেংগিজ খানে অগেডেই খানক নিজৰ উত্তৰসূৰী ঘোষণা কৰিলে। পাছলৈ তেখেতৰ নাতিসকলে এই সাম্ৰাজ্যক কেইবা ভাগতো ভগাই ল'লে।[1] ১২২৭ চনত পশ্চিম শ্বিয়াক পৰাস্ত কৰাৰ পাছতে খানৰ মৃত্যু ঘটে। তেখেতৰ আগ্ৰহতে, তেখেতৰ মৃত দেহ মংগোলিয়াৰ কোনো চিহ্নবিহীন শ্মশানত পুতা হ'ল।[2] তেখেতৰ বংশধৰসকলে এই সাম্ৰাজ্যক প্ৰায় সম্পূৰ্ণ ইউৰেছিয়াত বিস্তাৰ কৰিলে। সমগ্ৰ চীন, কোৰিয়া, কৌকেচাচ, মধ্য এছিয়া আৰু দক্ষিণ-পশ্চিম এছিয়া আৰু পূব ইউৰোপৰ উল্লেখনীয় ভাগ মংগোল সাম্ৰাজ্যৰ দখললৈ আহিল। কেইবাটাও অভিযানত পূৰ্বৰ দৰেই নৰসংহাৰ দেখা পোৱা গ'ল। সেয়েহে মংগোল সাম্ৰাজ্য আৰু চেংগিজ খানক প্ৰায় স্থানীয় বুৰঞ্জীসমূহত ভয়াৱহ আখ্যা দিয়া হয়।[3]
সামৰিক সফলতাৰ উপৰিও খানক কেইবাটাও কৰ্মৰ বাবে স্মৰণ কৰা হয়। তেখেতে উইঘুৰ লিপিক মংগোল সাম্ৰাজ্যৰ আনুষ্ঠানিক লিখন পদ্ধতিৰ বাবে চয়ন কৰিছিল। খানৰ সাম্ৰাজ্যত গুণৰ আধাৰতেই প্ৰায় পদোন্নতি প্ৰদান কৰা হৈছিল। ধাৰ্মিক সহিষ্ণুতাৰ বাবেও খানৰ শাসন জনাজাত। চেংগিজ খানে উত্তৰ-পূব এছিয়াৰ কেইবাটাও জনগোষ্ঠীক এক কৰিছিলে। বৰ্তমানে মংগোলিয়াৰ লোকে তেখেতক মংগোলিয়াৰ জনক আখ্যা দিয়ে।[4]
চেংগিজ খানৰ সামৰিক অভিযানসমূহত প্ৰায় নৰসংহাৰ দেখা যায়। তেখেতক সেয়েহে অনেকে নৰসংহাৰী শাসক জ্ঞান কৰে[5]। খানক পিচে চিল্ক পথক এক ৰাজনৈতিক শক্তিৰ তলত আনি বেপাৰ-বাণিজ্যত সুবিধা কৰাৰো শ্ৰেয় প্ৰদায় কৰা হয়। ই উত্তৰ-পূব এছিয়া, মুছলিম দক্ষিণ-পশ্চিম এছিয়া আৰু খ্ৰিষ্টীয় ইউৰোপৰ মাজত বাণিজ্য়িক সম্পৰ্ক গঠনত সহায়ক হ'ল।
Beheadings and mass slaughter are the hallmark of IS – whole villages massacred, women cast into slavery. But this butchery is not random. It is callous and calculated, as former British intelligence officer Alastair Crooke points out: 'They in fact in some ways copy Genghis Khan and the Mongol approach to military conquest. You create an absolute fear deliberately in your enemies, and the first time you come to a village you kill everyone, the dogs, the cats, everything. Destroy it down to the ground.'