চেলিনা হুছেইন | |
---|---|
সেলিনা হোসেন | |
২০১৪ চনত হুছেইন | |
বাংলা অকাডেমীৰ সভাপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩ ফেব্ৰুৱাৰী ২০২২ | |
পূৰ্বসূৰী | ৰফিকুল ইছলাম (শিক্ষাবিদ) |
বাংলাদেশ শিশু অকাডেমীৰ সঞ্চালক | |
কাৰ্যকাল ২৩ এপ্ৰিল, ২০১৪ 23 – ২০১৮ | |
পূৰ্বসূৰী | শ্বেইখ আব্দুল আহাদ[1] |
উত্তৰসূৰী | লাকী ইনাম |
ব্যক্তিগত তথ্য | |
জন্ম | ১৪ জুন, ১৯৪৭ (৭৭ বছৰ) ৰাজশাহী, বেংগল প্ৰভিন্স, বৃটিছ ইণ্ডিয়া |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
শিক্ষা | স্নাতকোত্তৰ |
শিক্ষানুষ্ঠান | ৰাজশাহী বিশ্ববিদ্যালয় |
পেচা | ঔপন্যাসিক, প্ৰশাসক |
পুৰস্কাৰ | full list |
চেলিনা হুছেইন (ইংৰাজী: Selina Hossain) ১৯৪৭ চনৰ ১৪ জুনত জন্মগ্ৰহণ কৰা এগৰাকী বাংলাদেশী ঔপন্যাসিক আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বাংলা একাডেমীৰ বৰ্তমানৰ সভানেত্ৰী।[2][3][4] তেওঁৰ প্ৰধান ৰচনাসমূহৰ ভিতৰত হাংগোৰ নোডি গ্ৰেনেড(১৯৭৬) আৰু পোকা মাকড়েৰ ঘৰ বসতি (১৯৯৬) অন্যতম।[5] তেওঁ সকলো মুখ্য ৰাষ্ট্ৰীয় বঁটা লাভ কৰে; যেনে – ১৯৮০ চনত বাংলা একাডেমী সাহিত্য বঁটা, ২০০৯ চনত একুশে পদক আৰু ২০১৮ চনত স্বাধীনতা দিৱসৰ বঁটা।[6] তেওঁৰ উপন্যাস আৰু চুটিগল্পসমূহ ইংৰাজী, ৰাছিয়ান, ফৰাচী, জাপানী, কোৰিয়ান, ফিনিছ আৰু মালয় ভাষালৈ অনুবাদ কৰা হৈছে।[7][8] চেলিনা হুছেইনে ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে বাংলাদেশ শিশু একাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[9]
চেলিনা হুছেইনৰ জন্ম হৈছিল এ কে মুশ্বাৰফ হুছেইন আৰু মাৰিয়ামেনেছা বাকুলৰ ঘৰত।[2] ১৯৬৮ চনত তেওঁ ৰাজশাহী বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষা আৰু সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]
চেলিনা হুছেইনে তেওঁৰ উপন্যাস সন্ধ্যা গায়ত্ৰীৰ বাবে ১৯৯৪–৯৫ চনত ফৰ্ড ফাউণ্ডেশ্যনৰ পৰা জলপানি লাভ কৰে।[7]
হুছেইনে বাংলা অকাডেমীৰ পৰিচালক হিচাপে অৱসৰ গ্ৰহণ কৰে।[8] বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য আৰু ইউনেস্কোৰ কাৰ্যবাহী মণ্ডলীত তেওঁৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[7] ২০১৪ চনত বাংলাদেশ শিশু একাডেমীৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল।[8]
চেলিনা হুছেইনৰ উপন্যাস ভূমি অ কুসুম বাংলা সাহিত্যৰ প্ৰথমখন গ্ৰন্থ যিয়ে এনক্লেভ বিষয়টো ডাঙি ধৰিছিল।[8]
চেলিনা হুছেইনে প্ৰায় দুকুৰি উপন্যাস ৰচনা কৰিছিল। সেইবোৰ হ’ল ক্ৰমে,
জোৎস্নায় সূৰ্যো জালা (১৯৭৩), জলোচ্ছাস (১৯৭২),হাংগোৰ নদী গ্ৰেনেড (১৯৭৬), মেগনা চৈটনিয়ে শ্বিছ (১৯৭৯),যাপিত জীবন (১৯৮১),[10] পৰ শব্দ (১৯৮২), নীল ময়ূৰেৰ যৌৱন (১৯৮৩), চান্দ বিনে (১৯৮৪), পোকা মাকোড়েৰ ঘৰ বসতি (১৯৮৬)[3], নিৰন্তৰ ঘণ্টাধ্বনি (১৯৮৭), ক্ষৰণ (১৯৮৮), কাঁটাতাঁৰে প্ৰজাপতি (১৯৮৯), খুন ও ভালোবাসা (১৯৯০), কলকেতু আৰু ফুল্লৰা (১৯৯২), ভালোবাসো প্ৰীতিলতা (১৯৯২), টানাপৰেন (১৯৯৪), গায়ত্ৰী সন্ধ্যা (১৯৯৬), দীপান্বিতা (১৯৯৭), যোদ্ধা (১৯৯৮), কাকতৰুৱা (১৯৯৯), লাৰা (২০০০), কাঠকয়লাৰ ছবি (২০০১), মোহিনীৰ বিয়ে (২০০২), আনৱিক আন্ধাৰ (২০০৩), ঘুমকাতুৰে ঈশ্বৰ (২০০৪), মৰ্গাৰ নীলপাখী (২০০৫), উপেক্ষা (২০০৭), দিনেৰ ৰশীতে গিট্টু (২০০৭), মাটি ও শ্বশ্বাৰ বুনন (২০০৭), পূৰ্ণ ছবিৰ মগ্নতা (২০০৮)[10], ভূমি ও কুসুম (২০১০), যমুনা নদীৰ মুছাইৰা (২০১১), গছতিৰ ছায়া নেই (২০১২), সোণালী ডুমুৰ (২০১২), আগষ্ট-এৰ এক ৰাত (২০১৩),গেৰিলা অ' বাৰাংগণা(২০১৪), ডিংকলেৰ কাঠখোৰ (২০১৫) আদি।
চেলিনা হুছেইনে কেইবাখনো গল্পপুথিও ৰচনা কৰে। সেইবোৰ হ’ল,
উৎস থেকে নিৰন্তৰ, জলৱতী মেঘেৰ বাটাস,খোল কৰতাল, পৰ-জন্ম, মনুষ্টি, মটিজানাৰ মেয়েৰা, অনুড়া পূৰ্ণিমা, সোখিনাৰ চন্দ্ৰকলা, একলেৰ পান্তাবুৰী, ওবেলাৰ ডিনখন, নাৰীৰ ৰূপকথা, নুনপান্তাৰ গৰগৰী, মৃত্যুৰ নীলপদ্মা আদি।