চৰণ সিং | |
---|---|
আধিকাৰীক প্ৰতিকৃতি, ১৯৭৯ | |
ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ২৮ জুলাই ১৯৭৯ – ২০ আগষ্ট ১৯৭৯ (তত্ত্বাৱধায়ক: ২১ আগষ্ট ১৯৭৯ – ১৪ জানুৱাৰী ১৯৮০) | |
ৰাষ্ট্ৰপতি | নীলম সঞ্জীৱ ৰেড্ডী |
সহকাৰী | যশৱন্তৰাও সাৱন |
পূৰ্বসূৰী | মোৰাৰজী দেশাই |
উত্তৰসূৰী | ইন্দিৰা গান্ধী |
ভাৰতৰ তৃতীয় উপ-প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ২৪ জানুৱাৰী ১৯৭৯ – ১৬ জুলাই ১৯৭৯ Serving with জগজীৱন ৰাম | |
প্ৰধানমন্ত্ৰী | মোৰাৰজী দেশাই |
পূৰ্বসূৰী | মোৰাৰজী দেশাই |
উত্তৰসূৰী | যশৱন্তৰাও সাৱন |
বিত্ত মন্ত্ৰী | |
কাৰ্যকাল ২৪ জানুৱাৰী ১৯৭৯ – ১৬ জুলাই ১৯৭৯ | |
প্ৰধানমন্ত্ৰী | মোৰাৰজী দেশাই |
পূৰ্বসূৰী | এইচ এম পাটেল |
উত্তৰসূৰী | হেমৱতী নন্দন বহুগুণা |
গৃহ মন্ত্ৰী | |
কাৰ্যকাল ২৪ মাৰ্চ ১৯৭৭ – ১ জুলাই ১৯৭৮ | |
প্ৰধানমন্ত্ৰী | মোৰাৰজী দেশাই |
পূৰ্বসূৰী | কাশু ব্ৰহ্মানন্দ ৰেড্ডী |
উত্তৰসূৰী | মোৰাৰজী দেশাই |
উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১৮ ফেব্ৰুৱাৰী ১৯৭০ – ১ অক্টোবৰ ১৯৭০ | |
পূৰ্বসূৰী | চন্দ্ৰ ভানু গুপ্তা |
উত্তৰসূৰী | ৰাষ্ট্ৰপতিৰ শাসন |
কাৰ্যকাল ৩ এপ্ৰিল ১৯৬৭ – ২৫ ফেব্ৰুৱাৰী ১৯৬৮ | |
পূৰ্বসূৰী | চন্দ্ৰ ভানু গুপ্তা |
উত্তৰসূৰী | ৰাষ্ট্ৰপতিৰ শাসন |
ব্যক্তিগত তথ্য | |
জন্ম | চৌধুৰী চৰণ সিং ২৩ ডিচেম্বৰ, ১৯০২ নুৰপুৰ, ইউনাইটেড প্ৰভিন্সেছ অফ আগ্ৰা এণ্ড অৱধ, ব্ৰিটিছ ভাৰত (বৰ্তমান উত্তৰ প্ৰদেশ, ভাৰত) |
মৃত্যু | ২৯ মে', ১৯৮৭ (৮৪ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | লোকদল (নিজা দল; ১৯৮০–১৯৮৭) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৭ চনৰ পূৰ্বে) ভাৰতীয় ক্ৰান্তি দল (নিজা দল; ১৯৬৭–১৯৭৭) জনতা পাৰ্টি (১৯৭৭–১৯৭৯) জনতা পাৰ্টি (চেকুলাৰ) (১৯৭৯–১৯৮০) |
দাম্পত্যসঙ্গী | গায়ত্ৰী দেৱী (বি. ১৯২৫) |
সন্তান | ৬ |
শিক্ষানুষ্ঠান | আগ্ৰা বিশ্ববিদ্যালয় |
পুৰস্কাৰ | ভাৰত ৰত্ন, ২০২৪ |
চৌধুৰী চৰণ সিং (ইংৰাজী: Chaudhary Charan Singh, ২৩ ডিচেম্বৰ ১৯০২ – ২৯ মে' ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চৰণ সিঙে মহাত্মা গান্ধীক অনুসৰণ কৰি ভাৰতৰ স্বাধীনতাৰ বাবে অহিংস সংগ্ৰাম কৰিছিল আৰু ইয়াৰ ফলত তেওঁ কেইবাবাৰো কাৰাগাৰ খাটিবলগীয়া হৈছিল। ১৯৩০ চনত লোণ আইন উলংঘা কৰাৰ বাবে ব্ৰিটিছে তেওঁক ১২ বছৰৰ কাৰাদণ্ড বিহিছিল। ব্যক্তিগত সত্যগ্ৰহ আন্দোলনৰ বাবে ১৯৪০ চনৰ নৱেম্বৰ মাহত তেওঁ পুনৰ এবছৰৰ কাৰাদণ্ড ভুগিবলগীয়া হয়। ১৯৪২ চনৰ আগষ্ট মাহত তেওঁক পুনৰ ব্ৰিটিছে ডি আই আৰৰ অধীনত কাৰাগাৰত বন্দী কৰিছিল আৰু ১৯৪৩ চনৰ নৱেম্বৰ মাহত মুকলি কৰি দিছিল।
১৯৭০ চনত উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৯৮০ চনৰ ১৪ জানুৱাৰীৰ ভিতৰত ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। যদিও জীৱনৰ বেছিভাগ সময় কংগ্ৰেছৰ সদস্য আছিল, পিছলৈ ১৯৮০ চনত তেওঁ নিজাকৈ ৰাজনৈতিক দল লোকদল প্ৰতিষ্ঠা কৰে। তেওঁ এগৰাকী কৃষক নেতা আছিল আৰু কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। তেওঁৰ জন্মদিন অৰ্থাৎ ২৩ ডিচেম্বৰ তাৰিখে ভাৰতত কৃষক দিৱস হিচাপে পালন কৰা হয়। ২০২৪ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মৰণোত্তৰভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।[1][2][3][4]
১৯০৩ চনৰ ২৩ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত আগ্ৰা আৰু অয়োধ সংযুক্ত প্ৰদেশৰ নূৰপুৰ গাঁৱৰ এক গ্ৰাম্য কৃষক পৰিয়ালত চৰণ সিঙৰ জন্ম হৈছিল।[5][6] চৰণ সিংহৰ পূৰ্বপুৰুষ বল্লভগড়ৰ ৰাজা নাহৰ সিং ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ এজন বিশিষ্ট নেতা আছিল। দিল্লীৰ চান্দনী চকত নাহৰ সিঙক ফাঁচী দিয়া হৈছিল। ব্ৰিটিছৰ হাতত নাহৰ সিঙৰ পৰাজয়ৰ পিছত ব্ৰিটিছ চৰকাৰৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ চৰণ সিঙৰ ককাকে ধৰি মহাৰাজৰ অনুগামীসকলে পূব দিশলৈ উত্তৰ প্ৰদেশৰ জিলা বুলন্দশাহেৰলৈ প্ৰব্ৰজন কৰে।
চৰণ সিঙে ১৯২৫ চনত কলা স্নাতকোত্তৰ (এম এ) ডিগ্ৰী আৰু ১৯২৬ চনত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯২৮ চনত তেওঁ গাজিয়াবাদত দেৱানী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।[7]
মহাত্মা গান্ধীৰ প্ৰেৰিত ভাৰতীয় স্বাধীনতা আন্দোলনৰ অংশ হিচাপে চৰণ সিঙে ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৩১ চনৰ পৰা গাজিয়াবাদ জিলা আৰ্য সমাজৰ লগতে মীৰট জিলা ভাৰতীয় জাতীয় কংগ্ৰেছতো সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল। ইয়াৰ বাবে তেওঁক দুবাৰকৈ ব্ৰিটিছে কাৰাদণ্ড বিহিছিল। স্বাধীনতাৰ পূৰ্বে ১৯৩৭ চনত নিৰ্বাচন অনুষ্ঠিত হোৱা সংযুক্ত প্ৰদেশৰ বিধানসভাৰ সদস্য হিচাপে তেওঁ গাঁৱৰ অৰ্থনীতিৰ বাবে ক্ষতিকাৰক আইনসমূহৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল। লাহে লাহে তেওঁ জমিদাৰসকলৰ শোষণৰ বিৰুদ্ধে ক্ৰমান্বয়ে তেওঁ নিজৰ মতাদৰ্শগত আৰু ব্যৱহাৰিক স্থিতি গঢ়ি তুলিছিল।
১৯৫২ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত তেওঁ "কংগ্ৰেছৰ ৰাজ্যিক ৰাজনীতিৰ তিনিজন প্ৰধান নেতাৰ" অন্যতম হিচাপে পৰিগণিত হৈছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী গোবিন্দ বল্লভ পণ্টৰ তত্ত্বাৱধানত ভাৰতৰ যিকোনো ৰাজ্যৰ ভিতৰতে তেতিয়াৰ আটাইতকৈ বৈপ্লৱিক ভূমি সংস্কাৰ আইনসমূহৰ খচৰা প্ৰস্তুত আৰু গৃহীত হোৱাটো নিশ্চিত কৰাৰ বাবে তেওঁ ১৯৫০ চনৰ পৰা উত্তৰ প্ৰদেশত বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছিল। প্ৰথমে সংসদীয় সচিব হিচাপে আৰু তাৰ পিছত ভূমি সংস্কাৰৰ বাবে দায়বদ্ধ ৰাজহ মন্ত্ৰী হিচাপে তেওঁ এই কাৰ্যপন্থা হাতত লৈছিল। ১৯৫৯ চনত নাগপুৰ কংগ্ৰেছ অধিৱেশনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সমাজবাদী আৰু সামূহিকতাবাদী ভূমি নীতিৰ ৰাজহুৱা বিৰোধিতা কৰি তেওঁ ৰাষ্ট্ৰীয় মঞ্চত দৃশ্যমান হৈছিল। অৱশ্যে দল-সংগঠনৰে ভৰা উত্তৰ প্ৰদেশ কংগ্ৰেছত তেওঁৰ স্থিতি দুৰ্বল হৈ পৰিছিল। তথাপিও সেই সময়ত উত্তৰ ভাৰতৰ জাতি-জনগোষ্ঠীৰ কৃষক সম্প্ৰদায়ে তেওঁক নিজৰ মুখপাত্ৰ হিচাপে আৰু পিছলৈ নিজৰ নেতা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। সিঙে চৰকাৰী খৰচৰ মিতব্যয়ীতাৰ থিয় দিছিল, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাবে শাস্তি বলবৎ কৰিছিল আৰু "চৰকাৰী কৰ্মচাৰীৰ মজুৰি আৰু মহলা ভাট্টা বৃদ্ধিৰ দাবীৰ সৈতে মোকাবিলা কৰাত দৃঢ় পদক্ষেপ"ৰ পোষকতা কৰিছিল। মন কৰিবলগীয়া যে দলীয় উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ভিতৰত তেওঁৰ স্পষ্ট নীতি আৰু মূল্যবোধৰ কথা উল্লেখ কৰাৰ ক্ষমতাই তেওঁক সহকৰ্মীসকলৰ পৰা আঁতৰাই ৰাখিছিল। এই সময়ছোৱাৰ পিছত ১৯৬৭ চনৰ ১ এপ্ৰিলত চৰণ সিঙে কংগ্ৰেছ দল ত্যাগ কৰি বিৰোধী দলত যোগদান কৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰথমজন অনাকংগ্ৰেছী মুখ্যমন্ত্ৰী হয়।[8] উল্লেখযোগ্য যে এই সময়ছোৱাত ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈকে ভাৰতত অনাকংগ্ৰেছ চৰকাৰসমূহ শক্তিশালী হৈ পৰিছিল।
১৯৩৭ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ছপৰৌলি (বাঘপথ) সমষ্টিৰ পৰা ৩৪ বছৰ বয়সত সংযুক্ত প্ৰদেশৰ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩৮ চনত তেওঁ বিধানসভাত কৃষি উৎপাদিত সামগ্ৰীৰ বিপনন বিধেয়ক উত্থাপন কৰে। এই বিধেয়কখন ১৯৩৮ চনৰ ৩১ মাৰ্চ তাৰিখে দিল্লীৰ দ্য হিন্দুস্তান টাইমছৰ সংখ্যাত প্ৰকাশ পায়। ব্যৱসায়ীসকলৰ লুণ্ঠনৰ পৰা কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি এই বিধেয়কখন উত্থাপন কৰা হৈছিল। পিছলৈ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যই এই বিধেয়কখন গ্ৰহণ কৰে। ১৯৪০ চনত পঞ্জাব এই বিধেয়কখন গ্ৰহণ কৰা প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হয়।
চৌধুৰী চৰণ সিঙে জৱাহৰলাল নেহৰুৰ ছোভিয়েট শৈলীৰ অৰ্থনৈতিক সংস্কাৰৰ বিৰোধিতা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাৰতত সমবায় পাম সফল নহ’ব। এজন কৃষকৰ পুত্ৰ হোৱাৰ বাবে চৰণ সিঙে মতামত দিছিল যে খেতিয়ক হৈ থকাত কৃষকৰ বাবে মাটিৰ মালিকীস্বত্বৰ অধিকাৰ অতি গুৰুত্বপূৰ্ণ। তেওঁ কৃষকৰ মাটিৰ মালিকীস্বত্বৰ ব্যৱস্থা সংৰক্ষণ আৰু সুস্থিৰ কৰিব বিচাৰিছিল। নেহৰুৰ অৰ্থনৈতিক নীতিক মুকলিকৈ সমালোচনা কৰাৰ বাবেই চৰণ সিঙৰ ৰাজনৈতিক জীৱন ক্ষতিগ্ৰস্ত হয় বুলি কোৱা হয়।[9]
চৰণ সিঙে ১৯৬৭ চনত কংগ্ৰেছ দল এৰি নিজাকৈ ৰাজনৈতিক দল ভাৰতীয় ক্ৰান্তি দল গঠন কৰে। ৰাজ নাৰায়ণ আৰু ৰাম মনোহৰ লোহিয়াৰ সহায় আৰু সহযোগত ১৯৬৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। ১৯৭৫ চনত পুনৰ জেলত বন্দী কৰা হৈছিল। সেই সময়ত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি তেওঁৰ সকলো ৰাজনৈতিক বিৰোধীক কাৰাগৰত বন্দী কৰি ৰাখিছিল।
চৰণ সিং প্ৰথমবাৰৰ বাবে সংযুক্ত বিধায়ক দলৰ মিত্ৰজোঁটৰ সহায়ত ১৯৬৭ চনৰ ৩ এপ্ৰিল তাৰিখে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। গুপ্তাৰ মন্ত্ৰালয়ৰ গঠন সম্পৰ্কে চৰণ সিং আৰু চন্দ্ৰ ভানু গুপ্তাৰ মাজত হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছত সংযুক্ত বিধায়ক দল গঠন কৰা হৈছিল। সিঙে জয়ৰাম বৰ্মা আৰু উদিত নৰেইন শৰ্মাৰ দৰে তেওঁৰ একাংশ মিত্ৰক কেবিনেটত অন্তৰ্ভুক্ত কৰা আৰু কেবিনেটৰ পৰা কিছু লোকক অপসাৰণ কৰা বিচাৰিছিল। তেওঁলোকৰ আলোচনাত বিফলতাৰ ফলত ১৬জন বিধায়কৰ সৈতে চৰণ সিঙে কংগ্ৰেছ ত্যাগ কৰে। ভাৰতীয় জনসংঘ, সংযুক্ত সমাজবাদী পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, স্বতন্ত্ৰ পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, ভাৰতীয় ৰিপাব্লিকান পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) আদি অনাকংগ্ৰেছ দলৰ সহযোগত সংযুক্ত বিধায়ক দল মিত্ৰজোঁট গঠন কৰা হৈছিল। [10] তেওঁৰ চৰকাৰ গঠনৰ কেইমাহমানৰ ভিতৰতে এছ ভি ডি মিত্ৰজোঁটত বিবাদৰ সৃষ্টি হ'বলৈ ধৰে। এই মিত্ৰজোঁটৰ অন্যতম গঠনকাৰী সংযুক্ত সমাজবাদী পাৰ্টিয়ে ভূমিৰ ৰাজহ সম্পূৰ্ণৰূপে বিলুপ্ত কৰিবলৈ বা অন্ততঃ অ-অৰ্থনৈতিক ভূমি বিলুপ্ত কৰিবলৈ দাবী জনাইছিল যদিও চৰণ সিঙে ৰাজহ আহৰণ আৰু সম্পদৰ বাবে চিন্তিত হৈ এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল।[11] এই মিত্ৰজোঁটৰ আন এটা গঠনকাৰী প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিয়ে ধৰ্মঘটৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থাত বন্দী কৰি ৰখা চৰকাৰী কৰ্মচাৰীসকলক মুকলি কৰি দিয়াৰ দাবী জনায় যদিও এই দাবী সিঙেও মানি ল'বলৈ অস্বীকাৰ কৰে।[12]
এছ এছ পিয়ে 'আংগ্ৰেজী হাটাও' (ইংৰাজীৰ আতঁৰাওক) আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লয় আৰু এই আন্দোলনৰ সময়ত ইয়াৰ দুজন মন্ত্ৰীয়ে গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয়।[13] ইয়াৰ ফলত চৰণ সিং আৰু সংযুক্ত সমাজবাদী পাৰ্টিৰ মাজত হোৱা বিবাদ ৰাজহুৱা হৈ পৰে। ১৯৬৮ চনৰ ৫ জানুৱাৰীত এছ এছ পিয়ে মিত্ৰজোঁটৰ পৰা আঁতৰি যায় আৰু চৰণ সিঙৰ চৰকাৰ ভংগ হয়।
কংগ্ৰেছ দলত বিভাজনৰ পিছত চন্দ্ৰ ভানু গুপ্তাই ১৯৭০ চনৰ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।[14] ১৯৭০ চনৰ ১৮ ফেব্ৰুৱাৰীত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (আৰ)ৰ সহায়ত চৰণ সিং দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। ভাৰতীয় ক্ৰান্তি দলৰ তিনিজন ৰাজ্যসভাৰ সদস্যই ইন্দিৰা গান্ধীয়ে প্ৰিভি পাৰ্চক অপসাৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ভোটদান কৰাৰ পিছত কমলাপতি ত্ৰিপাঠীয়ে সিং চৰকাৰৰ প্ৰতি কংগ্ৰেছ (আৰ)ৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। চৰণ সিঙে ১৪ কংগ্ৰেছ (আৰ) মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে যদিও তেওঁলোকে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে।[15][16] ১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰত ৰাজ্যপাল বেজাৱাদা গোপাল ৰেড্ডীয়ে মন্ত্ৰীসকলৰ পদত্যাগ মানি লয় যদিও তেওঁ চৰণ সিঙকো পদত্যাগ কৰিবলৈও কয়। ১৯৭০ চনৰ ১ অক্টোবৰত উত্তৰ প্ৰদেশত ৰাষ্ট্ৰপতিৰ শাসন বলৱত কৰা হয়। মাত্ৰ দুসপ্তাহৰ পিছত উত্তৰ প্ৰদেশৰ বিধানসভা পুনৰ আহ্বান কৰাৰ লগে লগে কংগ্ৰেছ (অ), ভাৰতীয় জনসংঘ, স্বতন্ত্ৰ পাৰ্টি আৰু সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টিৰ সহযোগত ত্ৰিভুৱন নাৰায়ণ সিং সদনৰ নেতা নিৰ্বাচিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় সমাজবাদী পাৰ্টি।[17][18]
চৰণ সিঙে মোৰাৰজী দেশাইৰ চৰকাৰত কেবিনেট মন্ত্ৰীৰ আৰু ১৯৭৭ চনৰ ২৪ মাৰ্চত গৃহমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।[7][19] গৃহমন্ত্ৰী হিচাপে চৰণ সিঙে কংগ্ৰেছ শাসনৰ অধীনত থকা সকলো ৰাজ্যিক বিধানসভা ভংগ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ যুক্তি দিছিল যে এই বিধানসভাসমূহে নিজ নিজ ৰাজ্যৰ ভোটাৰসকলৰ ইচ্ছাক প্ৰতিনিধিত্ব নকৰে।[20][21] চৰণ সিঙে এই পত্ৰখন নজন মুখ্যমন্ত্ৰীলৈ লিখিছিল যাতে তেওঁলোকৰ ৰাজ্যপালসকলক তেওঁলোকৰ ৰাজ্যিক বিধানসভা ভংগ কৰিবলৈ পৰামৰ্শ দিয়ে।[22] এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীয়ে এই বিধানসভা ভংগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল যদিও উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তক বৈধতা প্ৰদান কৰিছিল।[23][24]
১৯৭৭ চনৰ ৩ অক্টোবৰ তাৰিখে চৰণ সিঙে ইন্দিৰা গান্ধীক তেওঁৰ ১২ উইলিংডন ক্ৰেচেণ্টৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।[25][26][27] ১৯৭৭ চনৰ নিৰ্বাচনৰ সময়ত তেওঁ নিজৰ পদৰ অপব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে জীপ গাড়ী ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে আন এটা অভিযোগ অ'এনজিচি আৰু ফ্ৰান্সৰ তেল কোম্পানী চিএফপিৰ মাজৰ চুক্তিৰ সৈতে জড়িত আছিল।[28][29] কিন্তু যিজন দণ্ডাধীশৰ আগত গান্ধী হাজিৰ হৈছিল, তেওঁৰ গ্ৰেপ্তাৰৰ সমৰ্থনত কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰি তেওঁক মুকলি কৰি দিছিল। তাৰপিছত সিঙে পদত্যাগ পত্ৰ দাখিল কৰিছিল যদিও প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে সেইখন গ্ৰহণ কৰা নাছিল।[30]
১৯৭৮ চনৰ ১ জুলাই তাৰিখে ইন্দিৰা গান্ধীৰ বিচাৰক লৈ তেওঁলোকৰ মাজত মতানৈক্য বাঢ়ি অহাৰ বাবে চৰণ সিঙে মোৰাৰজী দেশাইৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।[7][31] ১৯৭৮ চনৰ ডিচেম্বৰ মাহত সিঙে জনতা পাৰ্টিক বাতিল কৰিব বিচাৰিছিল আৰু জনতা পাৰ্টি চৰকাৰৰ ঠাইত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বিচাৰিছিল।[32] ১৯৭৯ চনৰ ২৪ জানুৱাৰীত সিং পুনৰ মন্ত্ৰীসভালৈ আহি উপ-প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।[33][7]
১৯৭৭ চনত জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ সময়ত ইয়াৰ সাংসদসকলে আন্দোলনৰ জ্যেষ্ঠ নেতা জয়প্ৰকাশ নাৰায়ণ আৰু আচাৰ্য কৃপালানীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। তেওঁলোকে মোৰাৰজী দেশাইক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে হয় আৰু তেওঁ সিঙক গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। দেশাইৰ সৈতে মতানৈক্যৰ বাবে ১৯৭৮ চনৰ জুন মাহত সিঙক পদত্যাগ কৰিবলৈ কোৱা হৈছিল যদিও ১৯৭৯ চনৰ জানুৱাৰী মাহত তেওঁক উপ-প্ৰধানমন্ত্ৰী হিচাপে পুনৰ মন্ত্ৰীসভালৈ অনা হয়। ১৯৭৯ চনত জনতা দলৰ কিছুমান সদস্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতি আনুগত্যৰ বিষয়টোক লৈ জনতা চৰকাৰে উন্মোচন কৰিবলৈ আৰম্ভ কৰে।[34][35] বিগত বছৰ সমূহত কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধী ক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া সিঙে ইয়াৰ সুযোগ লৈ ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (স্ব) দলৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে। জনতা দলৰ পৰা সিঙৰ ফৈদলৈ গতি কৰাৰ পিছত মোৰাৰজী দেশাইয়ে ১৯৭৯ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধীয়ে সিঙক প্ৰতিশ্ৰুতি দিয়াৰ পিছত যে কংগ্ৰেছে (স্ব) তেওঁৰ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন কৰিব বুলি সিঙক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ১৯৭৯ চনৰ ২৮ জুলাইত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (স্ব) দলৰ বাহিৰৰ সমৰ্থনত আৰু কংগ্ৰেছ (সমাজবাদী) দলৰ যশৱন্তৰাও চাভানক উপ-প্ৰধানমন্ত্ৰী হিচাপে লৈ সিঙে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[36][37] ইন্দিৰা গান্ধীৰ চৰ্তসমূহৰ ভিতৰত তেওঁৰ আৰু সঞ্জয় গান্ধীৰ বিৰুদ্ধে থকা সকলো অভিযোগ বাদ দিয়া অন্যতম চৰ্ত আছিল। যিহেতু সিঙে এই চৰ্ত মানি লবলৈ অস্বীকাৰ কৰিছিল, সেয়েহে সিঙে লোকসভাত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰাৰ ঠিক আগতেই কংগ্ৰেছে নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। ১৯৭৯ চনৰ ২০ আগষ্টত মাত্ৰ ২৩ দিনৰ কাৰ্যকালৰ অন্তত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি চৰণ সিং সংসদৰ আস্থা কেতিয়াও লাভ নকৰা একমাত্ৰ প্ৰধানমন্ত্ৰী হৈ পৰে। ইয়াৰ পিছত সিঙে ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীক লোকসভা ভংগ কৰিবলৈ পৰামৰ্শ দিয়ে। জনতা পাৰ্টিৰ নেতা জগজীৱন ৰামে সেই পৰামৰ্শক প্ৰত্যাহ্বান জনাই সমৰ্থন গোটাবলৈ সময় বিচাৰিছিল কিন্তু তদসত্ত্বে লোকসভা ভংগ কৰা হয়। তাৰপিছত চৰণ সিঙে ১৯৮০ চনৰ জানুৱাৰীলৈকে তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে নিজৰ কাৰ্য সম্পাদন কৰে।[38]
১৯৭৯ চনৰ ২৬ ছেপ্টেম্বৰত তেওঁ জনতা পাৰ্টি (নিৰপেক্ষ), সমাজবাদী পাৰ্টি আৰু উৰিষ্যা জনতা পাৰ্টি একত্ৰিত কৰি লোকদল গঠন কৰে।[39] তেওঁ লোকদলৰ সভাপতি নিৰ্বাচিত হয় আৰু ৰাজ নাৰায়ণক ইয়াৰ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।[39][40] ১৯৮২ চনৰ আগষ্ট মাহত লোকদলত এক বৃহৎ বিভাজন ঘটে। এই বিভাজনত চৰণ সিঙৰ এটা ফৈদ আৰু আন এটা ফৈদত কৰ্পূৰী ঠাকুৰ, মধু লিমায়ে, বিজু পাটনায়ক, দেৱী লাল, জৰ্জ ফাৰ্নাণ্ডেছ আৰু কুম্ভ ৰাম আৰ্য থাকে।[41][42]
১৯৮৪ চনৰ ২১ অক্টোবৰত চৰণ সিঙে লোকদল, হেমৱতী ডেম'ক্ৰেটিক ছ'চিয়েলিষ্ট পাৰ্টি, ৰাতুভাই আদানীৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ আৰু দেৱীলালৰ দৰে জনতা পাৰ্টিৰ কিছুমান নেতাক একত্ৰিত কৰি এটা নতুন দল দলিত মজদুৰ কিষাণ পাৰ্টি প্ৰতিষ্ঠা কৰে।[43] এই দলে পিছলৈ পুনৰ নাম সলনি কৰি নিজৰ নাম লোকদল ৰাখে।[44]
চৰণ সিং গায়ত্ৰী দেৱীৰ (১৯০৫–২০০২) সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ছয় গৰাকী সন্তান জন্ম হৈছিল। গায়ত্ৰী দেৱী ১৯৬৯ চনত ইগলাছৰ পৰা আৰু ১৯৭৪ চনত গকুলৰ পৰা উত্তৰ প্ৰদেশ বিধানসভাৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত ১৯৮০ চনত কৈৰানাৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁৰ পুত্ৰ অজিত সিং ৰাষ্ট্ৰীয় লোকদল নামৰ ৰাজনৈতিক দলৰ সভাপতি আছিল। লগতে তেওঁ এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বহুবাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অজিত সিঙৰ পুত্ৰ জয়ন্ত চৌধুৰী ১৫তম লোকসভালৈ নিৰ্বাচিত হৈছিল।
১৯৮৫ চনৰ ২৯ নৱেম্বৰত চৰণ সিঙৰ ষ্ট্ৰোক হয়। আমেৰিকাৰ এখন চিকিৎসালয়ত চিকিৎসা লাভ কৰাৰ পিছতো তেওঁ এই অৱস্থাৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হ’ব পৰা নাছিল। ১৯৮৭ চনৰ ২৮ মে' তাৰিখে ভাৰতীয় মান সময় অনুসৰি ১১:৩৫ বজাত তেওঁৰ শ্বাস-প্ৰশ্বাস "অস্থিৰ" বুলি ধৰা পৰাৰ পিছত তেওঁৰ নতুন দিল্লীত থকা বাসগৃহলৈ চিকিৎসকক মাতি অনা হয়। পিছদিনা পুৱা ২:৩৫ বজাত "হৃদযন্ত্ৰ বিফল" হোৱাৰ পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।[45]
তেওঁক উত্তৰ প্ৰদেশৰ ভূমি সংস্কাৰৰ মুখ্য স্থপতি বুলি গণ্য কৰা হয়। তেওঁ ১৯৩৯ চনৰ ডিপাৰ্টমেণ্ট ৰিডেম্পচন আইন প্ৰণয়ন আৰু চূড়ান্ত কৰাত অগ্ৰণী অংশ লৈছিল। এই আইনে গ্ৰাম্য ঋণীসকলক যথেষ্ট সকাহ দিছিল। তেওঁৰ উদ্যোগতেই উত্তৰ প্ৰদেশৰ মন্ত্ৰীসকলৰ দৰমহা আৰু অন্যান্য সুবিধা যথেষ্ট হ্ৰাস পাইছিল। মুখ্যমন্ত্ৰী হিচাপে তেওঁ ১৯৬০ চনৰ ভূমি ধাৰণ আইন প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কৃষক সম্প্ৰদায়ৰ সৈতে তেওঁৰ সম্পৰ্কৰচিন স্বৰূপে নতুন দিল্লীত তেওঁৰ স্মৃতিসৌধৰ নাম কিষাণ ঘাট ৰখা হৈছে। ২৩ ডিচেম্বৰত তেওঁৰ জন্মদিন ভাৰতত কিষাণ দিৱস বা কৃষক দিৱস হিচাপে পালন কৰা হয়। ১৯৯০ চনৰ ২৯ মে' তাৰিখে চৰণ সিঙৰ তৃতীয় মৃত্যু বাৰ্ষিকীত ভাৰত চৰকাৰে এলানি স্মৃতিচাৰণ ডাক টিকট জাৰি কৰিছিল।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আমাউছি বিমানবন্দৰৰ নাম তেওঁৰ নামেৰে চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে নামকৰণ কৰা হৈছে আৰু উত্তৰ প্ৰদেশৰ মিৰট বিশ্ববিদ্যালয়কো তেওঁৰ সন্মানত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ নামেৰে নামকৰণ কৰা হৈছে। ২০২৪ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মৰণোত্তৰভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।
'কিষাণ ক্ৰান্তি কে প্ৰণেতা - চৌধুৰী চৰণ সিং' ১৯৯৬ চনত অশোক বজিৰানীৰ পৰিচালিত আৰু ভাৰতৰ চলচ্চিত্ৰ বিভাগৰ দ্বাৰা নিৰ্মিত চৰণ সিং জীৱনীমূলক এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰা হয়। ভাৰতীয় কৃষি খণ্ডলৈ তেওঁৰ অৱদানকে ধৰি প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছিল।[46][47] ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ কাৰ্যকাল সামৰি লোৱা টেলিভিছন ধাৰাবাহিক 'প্ৰধানমন্ত্ৰী'ত আনোৱাৰ ফাতেহানে চৰণ সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।[48] ২০১৯ চনত সুন্দৰমে পৰিচালনা কৰা ভাৰতীয় অভিনেতা-ৰাজনীতিবিদ এন টি ৰামাৰাওৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি 'এনটিআৰ:মহানায়কাকুডু'[49] আৰু ২০২১ চনৰ গোবিন্দ নাম দেৱে পৰিচালনা কৰা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘মে মুলায়ম সিং যাদৱ’ত চৰণ সিঙৰ চৰিত্ৰ দেখা পোৱা হৈছিল।[50]
|