ছাংহাই
上海市 | |
---|---|
Shanghai Municipality | |
Country | চীন |
Settled | 5th–7th century |
- County | 1292 |
- Municipality | 7 July 1927 |
Divisions;- County-level - Township- level |
16 districts, 1 county |
চৰকাৰ | |
• ধৰণ | Municipality |
• CPC Secretary | Han Zheng |
• Mayor | Yang Xiong |
• Congress Chairman | Yin Yicui |
• Conference Chairman | Wu Zhiming |
কালি | |
• Municipality | 6,340.5 km2 (2,448.1 sq mi) |
• পানী | 697 km2 (269 sq mi) |
জনসংখ্যা (2014) | |
• Municipality | 2,42,56,800 |
ছাংহাই জনসংখ্যাৰ ফালৰ পৰা চীনৰ সৰ্ববৃহৎ মহানগৰ[1][2] আৰু বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চিটি প্ৰপাৰ (city proper)।[3] এই মহানগৰ চীনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ ভিতৰত থকা চাৰিখন নগৰপালিকা (direct-controlled municipalities)ৰ এখন। ২০১৩ চনত ছাংহাই মহানগৰৰ জনসংখ্যা আছিল ২৪ মিলিয়নৰো অধিক।[4] এই মহানগৰ এক আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক কেন্দ্ৰ[5] আৰু পৰিবহণৰো মূলকেন্দ্ৰ।[6]
ছাংহাই পূব চীনত য়াংজে নদীৰ অৱবাহিকাত অৱস্থিত। এই মহানগৰৰ উত্তৰে জিয়াংছু প্ৰদেশ (Jiangsu), দক্ষিণ আৰু পশ্চিমে ঝেজিয়াং ( Zhejiang) আৰু পূবে পূব চীন সাগৰ (East China Sea)-এ আৱৰি আছে।[7]
বহু শতিকাৰ পৰাই ব্যৱসায়-বাণিজ্য আৰু শাসনব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ থকা ছাংহাইক উনৈশ শতিকাত ইউৰোপীয়ানসকলে অৰ্থনৈতিক আৰু ভৌগোলিকভাৱে গুৰুত্বপূৰ্ণ বুলি চিনাক্ত কৰাৰ পৰা সমৃদ্ধিৰ পথত আগুৱাবলৈ ধৰে। প্ৰথম কানি যুদ্ধ (First Opium War) ত ব্ৰিটিছে চীন জয় কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বৈদেশিক বাণিজ্যৰ বাবে মুকলি কৰি দিয়া পাঁচখন প্ৰদেশৰ ভিতৰত ছাংহাই অন্যতম। ইয়াৰ পিছত ১৮৪২ চনৰ নেনকিঙৰ সন্ধি (Treaty of Nanking) আৰু ১৮৪৪ চনৰ হুৱামপোআ সন্ধি (Treaty of Whampoa)-য়ে ছাংহাই আন্তৰাষ্ট্ৰীয় অৱস্থান (Shanghai International Settlement) আৰু ফ্ৰেন্স কনছেছ’ন (French Concession) -ৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰে। ইয়াৰ লগে লগে এই মহানগৰী পূব আৰু পশ্চিমৰ মাজত বাণিজ্যৰ কেন্দ্ৰৰূপে ১৯৩০-ৰ সময়ত সমৃদ্ধ হ’বলৈ আৰম্ভ কৰে।[8] অৱশ্যে ১৯৪৯ চনত কমিউনিষ্ট শাসনৰ আৰম্ভ হোৱাত এই বাণিজ্যক কেৱল কিছু দেশ (socialist countries)-ত কেন্দ্ৰীভূত কৰা হয় আৰু ইয়াৰ ফলত এই নগৰীৰ আন্তৰ্জাতিক প্ৰভাৱ হ্ৰাস পায়।[9]
ছাংহাই মহানগৰী এক প্ৰখ্যাত পৰ্য্যটন কেন্দ্ৰ। এই মহানগৰীত অৱস্থিত বিভিন্ন ঐতিহাসিক কৃতীচিহ্ন যেনে The Bund, City God Temple আৰু Yu Garden আদিৰ লগতে Lujiazui ৰ অপূৰ্ব স্কাইলাইন, প্ৰসিদ্ধ অট্টালিকা আদিৰ বাবে বিখ্যাত। এই মহানগৰীক চীনত অৰ্থনৈতিক সমৃদ্ধিৰ এক চানেকী ("showpiece" of the booming economy of mainland China) বুলি গণ্য কৰা হয়। [10][11]
<ref>
টেগ;
bulletin2014
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাইছাংহাই প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
বা-বাতৰি ৱিকিসংবাদত |