ছিমি গৰেৱাল | |
---|---|
![]() গৰেৱাল ২০১২ চনত | |
জন্ম | সিমৃতা গৰেৱাল[1] লুধিয়ানা, পাঞ্জাব, ভাৰত [2][3] |
পেচা | চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰযোজক, পৰিচালক, টক শ্ব'ৰ পৰিচালিকা |
সক্ৰিয় হৈ থকা সময় | ১৯৬২-২০১১ |
দাম্পত্যসঙ্গী | ৰবি মহন (বি. ১৯৭০; বিবি. ১৯৭৯)[4][5] |
আত্মীয়-স্বজন | পামেলা চোপ্ৰা (first cousin) |
ৱেবছাইট | |
www |
ছিমি গৰেৱাল (ইংৰাজী: :Simi Garewal জন্ম সিমৃতা গৰেৱাল;[1]) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালক, প্ৰযোজক আৰু এগৰাকী টক শ্ব'ৰ পৰিচালিকা।
ডো বদন(১৯৬৬), সাথী (১৯৬৮), মেৰা নাম জোকাৰ (১৯৭০), সিদ্ধাৰ্থ (১৯৭২), কাৰ্জ (১৯৮০) আৰু উদীকান (পাঞ্জাবী ছবি) আদি হিন্দী ছবিৰ বাবে তেওঁ পৰিচিত। সত্যজিৎ ৰায়ৰ পৰিচালনাত নিৰ্মিত বাংলা ছবি অৰণ্যৰ দীন ৰাত্ৰি ;আৰু মৃণাল সেনৰ পদাতিক ত অভিনয় কৰিছিল।
গৰেৱালৰ জন্ম হৈছিল লুধিয়ানাত।[2][3] তেওঁৰ পিতৃ ব্ৰিগেডিয়াৰ জে এছ গেৰেৱালে ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল। ছিমি ছবি নিৰ্মাতা যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ সৰ্ম্পকীয় ভনীয়েক। ছিমিৰ মাতৃ দৰ্শি আৰু পামেলাৰ পিতৃ মহিন্দৰ সিং ভাই-ভনী আছিল।[6] ছিমি ইংলেণ্ডত ডাঙৰ-দীঘল হৈছিল আৰু ভগ্নী অমৃতাৰ সৈতে নিউলেণ্ড হাউচ স্কুলত অধ্যয়ন কৰিছিল।[7]
শৈশৱৰ বহুখিনি সময় ইংলেণ্ডত কটোৱাৰ পিছত কিশোৰী গৰেৱাল ভাৰতলৈ উভতি আহে। ১৯৬২ চনত মুক্তি পোৱা ইংৰাজী ভাষাৰ ছবি টাৰ্জান গ’জ টু ইণ্ডিয়া নামৰ ছবিখনত ফিৰোজ খানৰ সৈতে গৰেৱালে অভিষেক ঘটায়।[8] ১৯৬০ আৰু ৭০ৰ দশকত কেইবাখনো উল্লেখযোগ্য ভাৰতীয় ছবিত অভিনয় কৰি মুখ্য পৰিচালকৰ সৈতে কাম কৰিছিল যেনে- মেহবুব খানৰ সৈতে ছন অৱ ইণ্ডিয়া (১৯৬২), ৰাজ খোছলাৰ সৈতে ডো বদন (১৯৬৬), ৰাজ কাপুৰৰ সৈতে মেৰা নাম জোকাৰ (১৯৭০), সত্যজিৎ ৰায়ৰ অৰন্যৰ দীন ৰাত্ৰী (১৯৭০, ডেজ এণ্ড নাইটছ ইন দ্য ফৰেষ্ট) আৰু মৃণাল সেনে পাডাটিক (১৯৭৩, দ্য গেৰিলা ফাইটাৰ)। হাৰ্মান হেছেৰ উপন্যাসৰ আধাৰত নিৰ্মিত ইংৰাজী ভাষাৰ চিনেমা কলম্বিয়া পিকচাৰ্ছৰ সিদ্ধাৰ্থ (১৯৭২)ত শশী কাপুৰৰ সৈতে অভিনয় কৰিছিল। এই ছবিখনত গেৰেৱালে এটা নগ্ন দৃশ্য কৰিছিল যিয়ে ভাৰতত কিছু বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু ভাৰতীয় চেন্সৰ ব'ৰ্ডৰ নিৰ্দেশ মানি চলিহে প্ৰদৰ্শনৰ বাবে মুকলি কৰা হৈছিল।[9][10][11] পিছলৈ ১৯৭০ চনৰ মাজভাগত যশ চোপ্ৰাই নিৰ্মাণ কৰা জনপ্ৰিয় ছবি কভি কভি (১৯৭৬) আৰু চলতে চলতে (১৯৭৬) ছবিত অভিনয় কৰে।[12] তেওঁৰ আন এটা উল্লেখযোগ্য ভূমিকা আছিল কাৰ্জ (১৯৮০) ছবিখনত ভ্যাম্প হিচাপে। চাৰ্লছ এলেনৰ কিতাপখনৰ আধাৰত নিৰ্মিত বিবিচিৰ ডকু-ড্ৰামা মহাৰাজাছ (১৯৮৭)ত অভিনয় কৰিছিল।
তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী চিগা আৰ্টছ ইণ্টাৰনেশ্যনেল গঠন কৰিছিল। তেওঁ দূৰদৰ্শনৰ বাবে ইটছ এ উইমেনছ ৱৰ্ল্ড (১৯৮৩) নামৰ এখন টিভি ধাৰাবাহিক আয়োজক, প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। ব্ৰিটেইনৰ চেনেল ৪ৰ বাবে লিভিং লিজেণ্ড ৰাজ কাপুৰ (১৯৮৪) নামৰ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল। ইয়াৰ পিছতে ৰাজীৱ গান্ধীৰ ওপৰত তিনি খণ্ডৰ তথ্যচিত্ৰ ভাৰতৰ ৰাজীৱ নামেৰে নিৰ্মাণ কৰা হয়। হিন্দী বৈশিষ্ট্যপূৰ্ণ ছবি ৰুখসাত ৰচনা আৰু পৰিচালনাৰ লগতে টেলিভিছনৰ বিজ্ঞাপন প্ৰযোজনা কৰিছিল।
ছিমি গেৰেৱাল Rendezvous with Simi Garewal নামৰ টক শ্ব'ৰ এংকৰ আছিল।[13]
টিভি শ্ব' আৰু বঁটা প্ৰদান অনুষ্ঠানত তেওঁ সাধাৰণতে নিজৰ স্বাক্ষৰযুক্ত বগা কাপোৰ পিন্ধে আৰু জনপ্ৰিয়ভাৱে তেওঁক "দ্য লেডী ইন হোৱাইট" নামেৰে জনা যায়।[14] শেহতীয়াকৈ গৰেৱালে ছে শ্বাভা শ্বাভা ২০০৮ত আয়োজক আৰু বিচাৰক হিচাপে অভিনয় কৰিছিল।[15] ২০০৮ চনৰ নৱেম্বৰ মাহত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ছিমি গৰেৱালে পাকিস্তানৰ প্ৰশিক্ষণ শিবিৰসমূহত ভাৰত চৰকাৰক "কাৰ্পেট-বোমা" দিবলৈ ৰাজহুৱাভাৱে আহ্বান জনাই বিতৰ্কত সোমাই পৰিছিল যাৰ বাবে পিছত তেওঁ ক্ষমা বিচাৰিছিল। [16]
ষ্টাৰ প্লাছত তেওঁৰ নতুন টকশ্ব' ইণ্ডিয়াছ মষ্ট ডিজায়াৰেবলৰ জৰিয়তে [17] তেওঁ টেলিভিছনলৈ উভতি আহে। ইয়াত বলীউডৰ অভিনেতা-অভিনেত্ৰী, ব্যৱসায়িক আৰু সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি, আৰু ভাৰতীয় ক্ৰিকেটাৰসকলৰ জীৱন সংগীৰ বিষয়ে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।
গৰেৱালে ১৭ বছৰ বয়সত প্ৰথম প্ৰেমৰ গুৰুতৰ সম্পৰ্ক গঢ়ি তুলিছিল, জামনগৰৰ মহাৰাজা শত্ৰুছাল্যসিংহজীৰ সৈতে। যি জন ইংলেণ্ডত তেওঁৰ প্ৰতিবেশীও আছিল।[18][19][20] পিছলৈ গৰেৱালে পাটৌদিৰ নবাব মনছুৰ আলী খান পটৌদিৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যদিও শৰ্মিলা ঠাকুৰক লগ পোৱাৰ পিছত তেওঁৰ সৈতে বিচ্ছেদ ঘটে।[21][22] তাৰ পিছত তেওঁৰ পাকিস্তানী ৰাজনীতিবিদ ছলমান তাছিৰৰ সৈতে সম্পৰ্ক হৈছিল। এই প্ৰেম ডুবাইৰ পৰা আৰম্ভ হৈছিল আৰু এবছৰৰ পিছত শেষ হৈছিল।[23]
১৯৭০ চনত দিল্লীৰ অভিজাত চুন্নামল পৰিয়ালৰ সদস্য ৰবি মোহনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[4][5][20]