জাতি বেত | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Arecales |
পৰিয়াল: | Arecaceae |
গণ: | Calamus |
প্ৰজাতি: | C. tenuis |
বৈজ্ঞানিক নাম | |
Calamus tenuis Roxb. |
জাতি বেত বা কেলামাছ টেনুইছ (ইংৰাজী: Calamus tenuis) আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ।[2] বৰ্তমান ই আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।[3]
জাতি বেত ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। এই উদ্ভিদ সাধাৰণতে প্ৰায় গ্ৰীষ্মমণ্ডলীয় বা গ্ৰীষ্মমণ্ডলীয় বৃষ্টিময় নিম্নভূমি অৰণ্য আৰু প্ৰায় গ্ৰীষ্মমণ্ডলীয় বা গ্ৰীষ্মমণ্ডলীয় বৃষ্টিময় পাৰ্বত্য অৰণ্যত পোৱা যায়। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত বনাঞ্চলবিলাকত এই বেতৰ উৎপত্তি হোৱা দেখা যায়। সাধাৰণতে দ-চানেকীয়া ঠাইত এই বেতৰ উৎপত্তি পৰিলক্ষিত হয়।[4]
জাতি বেতে লতাৰ নিচিনাকৈ গছৰ ওপৰলৈ বগাই যোৱাৰ চাৰিত্ৰিক প্ৰবৃত্তি প্ৰদৰ্শন কৰে। লতাৰ মাজে মাজে গাঁঠিৰ উৎপত্তি হয়, লতাৰ উপৰিভাগ মিহি আৰু ভিতৰখন আঁহযুক্ত হয়। পাবে পাবে বৌখাৰ উৎপত্তি হয় আৰু এই বৌখাৰপৰা উদ্ভৱ হোৱা ঠাৰিৰ আগত ছিৰিলি ছিৰিলি পাত ধৰে। লতাডাল বাঢ়ি যোৱাৰ লগে লগে পাতবোৰ সৰি যায় আৰু কেৱল আগভাগত পাতবিলাক ওলমি থাকে। হাকুটাৰ পৰা কাইট থকা আঁকুহিৰ উৎপত্তি হয়।[4]
জাতিবেতৰ লতাডালৰ গুৰিত উৎপত্তি হোৱা মুঢ়াৰ পৰা বিকশিত হোৱা ঘাই শিপাডালৰ পৰা অসংখ্য ক্ষুদ্ৰ শিপাৰ উৎপত্তি হয়। এই শিপাবোৰে লতাডালক মাটিত খামোচ মাৰি ধৰি ৰাখে। মুঢ়াত উৎপন্ন হোৱা পুলিবোৰ ক্ৰমে ডঙৰ হৈ ওচৰত থকা গছ-গছনিবিলাকৰ ওপৰলৈ বগাই যায়।
জাতি বেতৰ থোপাথোপে ফুল ধৰে। সেই ফুলবোৰ পূৰঠ হ’লে থোপা থোপে বাকলি থকা ফল ধৰে। এই ফলবোৰক বেতগুটি বুলি কোৱা হয়।[4]
জাতিবেত টুকুৰিকে ধৰি অন্য বহুতো সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বকটু গুচাই সুত তৈয়াৰ কৰা হয়। ঘৰৰ বেৰাৰ কামি বন্ধা, খৰাহি-পাচিৰ বাও বন্ধা আদি কামত এই বেতৰ সুতবোৰ ব্যৱহাৰ কৰা হয়। তদুপৰি এই বেতৰ গাঁজ খাদ্য হিচাপে খোৱা হয়।[4]