May | জেঠ | June | ||||
দে | সো | ম | বু | বৃ | শু | শ |
০১ 16 |
০২ 17 |
০৩ 18 |
০৪ 19 |
০৫ 20 | ||
০৬ 21 |
০৭ 22 |
০৮ 23 |
০৯ 24 |
১০ 25 |
১১ 26 |
১২ 27 |
১৩ 28 |
১৪ 29 |
১৫ 30 |
১৬ 31 |
১৭ 01 |
১৮ 02 |
১৯ 03 |
২০ 04 |
২১ 05 |
২২ 06 |
২৩ 07 |
২৪ 08 |
২৫ 09 |
২৬ 10 |
২৭ 11 |
২৮ 12 |
২৯ 13 |
৩০ 14 |
৩১ 15 |
৩২ 16 |
|
১৪৩০ ভাস্কৰাব্দ |
জেঠ অসমীয়া বৰ্ষপঞ্জীৰ দ্বিতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] জেঠত ৩২ দিন থাকে।[2] ১জেঠ হ'ল এই মাহৰ প্ৰথম দিন।
জেঠুৱা উৎসৱ অসমত জেঠ মাহত পালন কৰা এটা বিশেষ উৎসৱ। জেঠ মাহত ল'ৰা- ছোৱালী জন্ম হ'লে তাক জেঠুৱা বুলি কোৱা হয়। সেয়ে ব'হাগ- জেঠ মাহৰ দোমাহীৰ দিনা এই উৎসৱ পাতে। উল্লেখযোগ্য যে,যাৰ ঘৰত জেঠ মাহত জন্মা ল'ৰা -ছোৱালী থাকে তেনে ঘৰতহে এই বিশেষ উৎসৱটি পালন কৰা হয়। উৎসৱৰ দিনা "জেঠুৱা মুখ ভঙা" বুলি কৈ আলহী- অতিথি মাতি এসাজ ভালকৈ খায়। জেঠ মাহটো বিষ্ণু মাহ গতিকে সন্তানটিক বিষ্ণু ভোগ খুওৱা হয়। এই মাহটো বৰ মাহ বুলি ধৰা হয়। এই মাহতে খেতিয়কসকলে খেতিৰ সঁজুলি যোগাৰ কৰে। সাৰ-জাবৰ দি খেতিৰ মাটি প্ৰস্তুত কৰে। [3]
‘জেঠতে জীৱিকা অৰ্থে কঠীয়া পাৰয়, যতনাই কৃষি কৰিবে লাগয়’ অসমীয়া কৃষক ৰাইজৰ মুখত শুনিবলৈ পোৱা এটি গীত। জেঠ মাহ শালিধানৰ খেতিৰ প্ৰস্তুতিৰ সময়। জেঠ মাহৰ পৰাই ৰাইজে কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰে। বিশেষকৈ যিবোৰ ধানৰ কৃষি কাল দীঘলীয়া অৰ্থাৎ কঠীয়া ৰোৱাৰ পৰা চপোৱালৈকে ৫ মাহমান সময় লাগে, সেইবোৰ জাতৰ বীজ জেঠমাহৰ ভিতৰতে সিঁচিব লাগে। [4]
অসমীয়া পঞ্জিকাত জেঠ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত মে' আৰু জুন হয়। জেঠ ১৪ বা ১৫ মে'ত আৰম্ভ হয় আৰু জুনৰ মধ্যলৈকে থাকে।[5] জেঠ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত বৈশাখ মাহ চলি থাকে।[6]