জেনেলিয়া ডিছুজা Genelia D'Souza জন্ম
জেনেলিয়া ডিছুজা ০৫ আগষ্ট , ১৯৮৭ (৩৭ বছৰ)[ 1] মুম্বাই , মহাৰাষ্ট্ৰ , ভাৰতশিক্ষানুষ্ঠান
ছেইণ্ট এণ্ড্ৰিউছ কলেৱ অৱ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ পেচা
অভিনেত্ৰী সক্ৰিয় হৈ থকা সময়
২০০৩–বৰ্তমান দাম্পত্যসঙ্গী
ৰীতেশ দেশমুখ , ২০১২সন্তান
২ আত্মীয়-স্বজন
বিলাসৰাও দেশমুখ (শহুৰ) অমিত দেশমুখ (খুলশালি) ধীৰাজ দেশমুখ (খুলশালি)
জেনেলিয়া দেশমুখ (ওৰফে দিছুজা ; জন্ম ৫ আগষ্ট ১৯৮৭)[ 1] [ 2] হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ জেনেলিয়াই তেলেগু , হিন্দী , তামিল , কানাড়া আৰু মালায়ালম ভাষাৰ একাধিক ছবিত অভিনয় কৰিছে৷ অমিতাভ বচ্চন ৰ সৈতে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জেনেলিয়াই ২০০৩ চনত তুঝে মেৰি কছম নামৰ ছবিখনৰ জৰিয়তে অভিনয়ৰ জগতত খোজ পেলায়৷[ 3] একেটা বৰ্ষতে মুক্তিপ্ৰাপ্ত বয়ছ নামৰ ছবিখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত জেনেলিয়াই অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিতি লাভ কৰে৷ পৰৱৰ্তী সময়ত, অৰ্থাৎ ২০০৩ চনৰ পৰা ২০১২ চনৰ মাজত সময়ছোৱাত তেখেতে তেলেগু ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰে৷
২০০৬ চনত জেনেলিয়াই বোমাৰিল্লো নামৰ তেলেগু ভাষাৰ ৰোমাণ্টিক ছবিখনত অভিনয় কৰে৷ এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ(দক্ষিণ)ৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ তেখেতৰ অভিনয়ক সমালোচকেও প্ৰশংসা কৰে৷ ২০০৮ চনত সন্তোষ সুব্ৰমনিয়ামে সেইখন ছবিৰ তামিল ৰিমেক নিৰ্মাণ কৰে৷ এইখন ছবিতো জেনেলিয়াই দক্ষতাৰে অভিনয় কৰে৷ ২০৮ চনতে জেনেলিয়াই হিন্দী ছবি জানে টু... য়া জানে না ত সবল অভিনয় কৰি দৰ্শকৰ মন জয় কৰে৷ তেলেগু আৰু তামিল ভাষাৰ উদ্যোগত বহুকেইখন সফল ছবিত অভিনয় কৰা জেনেলিয়াই ক্ৰমাৎ দাক্ষিণাত্যৰ শীৰ্ষ অভিনেত্ৰীৰ মৰ্যাদা পায়৷[ 4] [ 5] মূলসুঁতিৰ ছবিত অভিনয় কৰি যোৱাৰ উপৰি, জেনেলিয়াই টেলিভিছনৰ অনুষ্ঠান বিগ ছুইটছ্ ত সূত্ৰধাৰৰ ভূমিকা ৰূপায়ন কৰিছে৷ ফাণ্টা, ভাৰজিন ম'বাইল ইণ্ডিয়া, ফাষ্ট্ৰেক, এলজি মবাইল, মাৰ্গো, পাৰ্ক আদি একাধিক প্ৰতিষ্ঠানৰ তেখেত ব্ৰেণ্ড এম্বাছাদৰ৷[ 6]
জেনেলিয়াৰ জন্ম হয় মুম্বাই ত৷[ 7] জেনেলিয়া এগৰাকী উত্তৰ-পূৰ্বীয়৷ উত্তৰ কংকান এটা মাৰাঠীভাষী খ্ৰীষ্টিয়ান পৰিয়ালত জেনেলিয়াৰ জন্ম হয়৷[ 8] মুম্বাইৰে বান্দ্ৰা উপনগৰত জেনেলিয়া লালিত-পালিত হয়৷ তেখেতৰ মাতৃ জিনেট ডিছুজা হৈছে ফাৰ্মা মাল্টিনেশ্যনেল কৰ্পোৰেছনৰ পৰিচালন প্ৰৱন্ধক৷ জেনেলিয়াক অভিনয়ৰ জগতত আগবঢ়াই দিয়াৰ স্বাৰ্থত তেখেতে ২০০৪ চনত চাকৰি জীৱন ত্যাগ কৰে৷ জেনেলিয়াৰ পিতৃ হৈছে নীল ডিছুজা৷ তেখেত টাটা কনছালটেন্সী ছাৰ্ভিছেছৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া৷[ 9] জেনেলিয়াৰ ভ্ৰাতৃ হৈছে নিগেল ডিছুজা৷[ 10] [ 11] তেখেত বোম্বাই ষ্টক এক্সছেঞ্জত কৰ্মৰত৷ [ 12] জেনেলিয়াই পোনপ্ৰথমে এপোষ্টলিক কাৰ্মে হাইস্কুলত পঢ়া-শুনা কৰে আৰু পাছলৈ বান্দ্ৰাৰে ছেইণ্ট এণ্ড্ৰিউছ কলেজত নামভৰ্তি কৰে৷ তেখেতে 'ব্যৱস্থাপনা অধ্যয়ন'ত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ [ 13] ২০০৩ চনত প্ৰথমখন ছবি তুঝে মেৰি কছম ৰ দৃশ্যগ্ৰহণৰ সময়তেই তেখেতে স্নাতক ডিগ্ৰীও অৰ্জন কৰে৷[ 14]
১৫ বছৰ বয়সতে জেনেলিয়াই প্ৰথমটো মডেলিঙৰ কাম পায়৷[ 15]
যেতিয়া জেনেলিয়াক তুঝে মেৰি কছম ৰ বাবে নিৰ্বাচিত কৰা হয়, তেতিয়া তেখেতে এই প্ৰস্তাৱটো নাকচ কৰে৷ কাৰণ, ছবিৰজগতত কাম কৰাৰ জেনেলিয়াৰ কোনো পৰিকল্পনা নাছিল৷ পিছে ছবিখনৰ কুশলীসকলে জেনেলিয়াক অনুৰোধ কৰি থাকিল৷ এই অনুৰোধ দুমাহপৰ্যন্ত চলিল৷ জেনেলিয়াই ছবিখনৰ তেলেগু সংস্কৰণ নুভে কাৱালী চালে আৰু তাৰেই ফলশ্ৰুতিত তেখেত ছবিখনত কাম কৰিবলৈ মান্তি হ'ল৷ [ 16] ২০০৩ চনত তামিল ছবিপৰিচালক এছ. শংকৰে বয়ছ নামৰ ছবিখনৰ বাবে জেনেলিয়াৰ কাষ চাপে৷ শংকৰে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত জেনেলিয়াৰ কাম দেখি সন্তুষ্ট হৈছিল৷[ 17] জেনেলিয়াক চিনেমাখনৰ বাবে অডিশ্যন দিয়া ৩০০ গৰাকী ছোৱালীৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়৷ জেনেলিয়াই তিনিখন ছবিৰ বাবে সমান্তৰালভাৱে চুক্তিবদ্ধ হয়৷ সেইকেইখন হৈছে, হিন্দী ভাষাৰ তুঝে মেৰি কছম , তেলেগু ভাষাৰ সত্যম আৰু তামিল ভাষাৰ বয়ছ ৷[ 18]
২০০৬ চনত জেনেলিয়াই কেৰিয়াৰৰ এখন গুৰুত্বপূৰ্ণ ছবি বোমাৰিল্লো ত অভিনয় কৰে৷ এইখন আছিল তেলেগু ভাষাৰ ৰোমাণ্টিক ছবি৷ ছবিখনে বক্স-অফিচত ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়৷[ 19] [ 20] ছবিখনে ভাৰতত ২৫০ মিলিয়ন উপাৰ্জন কৰে৷[ 21] ইয়াৰ লগে ২০০৬ চনৰ বাবে নন্দী বঁটাৰ শ্ৰেষ্ঠ কথাছবি ৰ বঁটা লাভ কৰে৷[ 22] হংসিনী নামৰ চৰিত্ৰটোত অভিনয় কৰি জেনেলিয়াই দৰ্শক আৰু সমালোচকৰ পৰা বিপুল প্ৰশংসা লাভ কৰে৷[ 23] জেনেলিয়াই ফিল্মফেয়াৰ(দাক্ষিণাত্য)ৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰী ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷[ 13]
জেনেলিয়া আৰু ৰীতেশ
২০১২ চনৰ ৩ ফেব্ৰুৱাৰিত জেনেলিয়া আৰু বলিউদৰ অভিনেতা ৰীতেশ দেশমুখৰ মাজত বিবাহ সম্পন্ন হয়৷[ 24] তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছে৷ প্ৰথমটি সন্তান ৰিয়ানৰ জন্ম হৈছিল ২০১৪ চনৰ ২৫ নৱেম্বৰত৷[ 25] [ 26] দ্বিতীয় পুত্ৰ ৰাহয়ালৰ জন্ম হৈছিল ২০১৬ চনৰ ১ জুনত৷[ 27] [ 28]
↑ 1.0 1.1 "Happy Birthday Genelia!" . Planet Bollywood . http://www.planetbollywood.com/displayArticle.php?id=080510014320 । আহৰণ কৰা হৈছে: 14 August 2013 .
↑ "Happy Birthday Genelia D'Souza" . Patrika Group (5 August 2014). http://www.patrika.com/news/happy-birthday-genelia-dsouza/1021772 .
↑ India-West, R. M. Vijayakar, Special to. "Genelia Deshmukh: In a Happy Space" (en ভাষাত). India West. Archived from the original on 2016-06-12. https://web.archive.org/web/20160612060051/http://www.indiawest.com/entertainment/bollywood/interviews/genelia-deshmukh-in-a-happy-space/article_5c04ccee-68ee-5866-9cd3-ed715fb64d66.html । আহৰণ কৰা হৈছে: 2020-05-05 .
↑ Mahmood, Abdulla (15 July 2008). "Big-time girl: Genelia D'Souza" . Gulf News . http://gulfnews.com/arts-entertainment/film/big-time-girl-genelia-d-souza-1.118213 .
↑ Shankar, Settu (2007-04-19). "Genelia D'Souza" . Daijiworld Media . http://www.daijiworld.com/news/news_disp.asp?n_id=32562&n_tit=News+headlines .
↑ "Genelia's the brand ambassador of the year" . The Times of India (Indo-Asian News Service ). 30 June 2010. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Genelias-the-brand-ambassador-of-the-year/articleshow/6105924.cms .
↑ Pilai, Sreedhar (31 October 2008). "Bollywood via Kollywood" . The Times of India . Archived from the original on 23 July 2013. https://web.archive.org/web/20130723172404/http://articles.timesofindia.indiatimes.com/2008-10-31/news-interviews/27946802_1_genelia-d-souza-jtyjn-tamil .
↑ "Genelia awarded for promoting East Indian culture through wedding rituals - Times of India" . The Times of India . https://timesofindia.indiatimes.com/city/mumbai/Genelia-awarded-for-promoting-East-Indian-culture-through-wedding-rituals/articleshow/20115948.cms .
↑ Brahma, Mahul (26 December 2008). "An Ingenue Is Born" . Businessworld . Archived from the original on 7 February 2009. https://web.archive.org/web/20090207190915/http://www.businessworld.in/index.php/Corporate/An-Ingenue-Is-Born.html .
↑ Tahseen, Ismat (11 April 2009). "I'm God's favourite child: Genelia D'Souza" . Daily News and Analysis (DNA). http://www.dnaindia.com/mobile/report.asp?n=1247041 .
↑ Tiwari, Nimisha (25 December 2009). "Santa, bless Mumbai: Genelia" . The Times of India . Archived from the original on 11 August 2011. https://web.archive.org/web/20110811060653/http://articles.timesofindia.indiatimes.com/2009-12-25/news-interviews/28091934_1_genelia-d-souza-homepage-christmas-tree-santa-claus .
↑ Das, Chuman (5 August 2009). "Genelia D'Souza brings in birthday at her new house" . Business of Cinema. http://www.businessofcinema.com/news.php?newsid=13968 .
↑ 13.0 13.1 "Meet Bollywood's New Bee Genelia D'souza" . Daijiworld Media . 8 July 2008. http://www.daijiworld.com/news/news_disp.asp?n_id=48478&n_tit=Meet+Bollywood%92s+New+Bee+Genelia+D%92souza .
↑ Udasi, Harshikaa (17 July 2009). "Oye bubbly!" . The Hindu . Archived from the original on 12 May 2011. https://web.archive.org/web/20110512182630/http://www.hindu.com/fr/2009/07/17/stories/2009071750180100.htm .
↑ Rasquinha, Reagan Gavin (13 September 2009). "She's no Sandra from Bandra!" . The Times of India . Archived from the original on 11 August 2011. https://web.archive.org/web/20110811060637/http://articles.timesofindia.indiatimes.com/2009-09-13/news-interviews/28079002_1_bandra-fair-mount-mary-church-genelia-d-souza .
↑ "I was not in awe of Mr Bachchan (Slide 5)" . Rediff . 14 April 2005. http://specials.rediff.com/movies/2005/apr/14sld5.htm । আহৰণ কৰা হৈছে: 1 January 2010 .
↑ "I was not in awe of Mr Bachchan (Slide 1)" . Rediff . 14 April 2005. http://specials.rediff.com/movies/2005/apr/14sld1.htm । আহৰণ কৰা হৈছে: 1 January 2010 .
↑ Rinki, Gupta (9 October 2010). "Genelia, the 'Uthamaputhiran' girl" . Express News Service (The New Indian Express ). Archived from the original on 12 June 2012. https://web.archive.org/web/20120612225016/http://expressbuzz.com/entertainment/interviews/genelia-the-uthamaputhiran-girl/213601.html .
↑ "The man behind Telugu hit Bommarillu " . Rediff Movies . Rediff . 6 September 2006. http://in.rediff.com/movies/2006/sep/06bomma.htm । আহৰণ কৰা হৈছে: 5 January 2010 .
↑ "First Look: 100 days of Bommarillu" . Rediff Movies . Rediff.com . 8 November 2006. http://inhome.rediff.com/movies/2006/nov/08bom.htm । আহৰণ কৰা হৈছে: 5 January 2010 .
↑ Narasimhan, M. L. (29 December 2006). "A few hits and many flops" . The Hindu . Archived from the original on 3 January 2007. https://web.archive.org/web/20070103213349/http://www.hindu.com/fr/2006/12/29/stories/2006122901630100.htm । আহৰণ কৰা হৈছে: 17 October 2007 .
↑ "Nandi Awards 2006" . Sify Movies . Sify. 13 February 2008. http://www.sify.com/movies/nandi-awards-2006-news-telugu-kkftV1hgcca.html । আহৰণ কৰা হৈছে: 21 December 2010 .
↑ Devi K., Sangeetha (19 August 2006). "'Bommarillu' was a surprise" . The Hindu . Archived from the original on 18 October 2007. https://web.archive.org/web/20071018204807/http://hindu.com/mp/2006/08/19/stories/2006081902140100.htm । আহৰণ কৰা হৈছে: 17 October 2007 .
↑ "Riteish Deshmukh weds Genelia D'Souza" . The Times of India . 3 February 2012. Archived from the original on 9 July 2013. https://web.archive.org/web/20130709204611/http://articles.timesofindia.indiatimes.com/2012-02-03/news-interviews/31020719_1_riteish-and-genelia-genelia-d-souza-riteish-deshmukh । আহৰণ কৰা হৈছে: 3 February 2012 .
↑ "Riteish Deshmukh-Genelia blessed with son" . The Times Group . http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Riteish-Deshmukh-Genelia-blessed-with-son/articleshow/45273691.cms । আহৰণ কৰা হৈছে: 26 November 2014 .
↑ "Genelia D'Souza announces their son's name: Riaan Riteish Deshmukh" . CNN-IBN. 6 December 2014. Archived from the original on 7 December 2014. https://web.archive.org/web/20141207002044/http://ibnlive.in.com/news/genelia-dsouza-announces-their-sons-name-riaan-riteish-deshmukh/516787-8-66.html । আহৰণ কৰা হৈছে: 18 December 2014 .
↑ "It's a Boy! Riteish Deshmukh and Genelia D'Souza welcome their second child" . Daily News and Analysis . 1 June 2016. http://www.dnaindia.com/entertainment/report-it-s-a-boy-riteish-deshmukh-and-genelia-d-souza-welcome-their-second-child-2218657 .
↑ "Riteish Deshmukh and Genelia blessed with baby boy" . Archived from the original on 4 August 2016. https://web.archive.org/web/20160804104024/http://chennaivision.com/genelia-blessed-with-baby-boy/ । আহৰণ কৰা হৈছে: 3 June 2016 .