জ্যুচ | |
---|---|
![]() Jupiter de Smyrne-ৰ মূৰ্তি, 1680 চনত স্মাৰ্ণাত আৱিষ্কাৰ কৰা হোৱা[1] | |
গ্ৰীক দেৱতাসকলৰ ৰজা আকাশ, বজ্ৰ আৰু বিচাৰৰ অধিনায়ক | |
অধিষ্ঠান | অলিম্পাচ |
প্ৰণয়ী/দাম্পত্যসঙ্গী | হীৰা, আৰু অন্য সতি সন্ততিসকল |
পিতৃমাতৃ | ক্ৰণচ আৰু ৰীয়া |
ভাতৃ-ভগ্নী | হেষ্টীয়া, হেডীচ, হীৰা, পচাইডন আৰু ডীমিটাৰ |
সন্তান | এৰিচ, এথিনা, এপ'ল', আৰ্টিমিচ, এফ্ৰ'ডাইটি, ডাইন'চাচ, হেবে, হাৰ্মিচ, হেৰাক্লিচ, হেলেন, হেফেইষ্টাচ, পাৰ্চিউচ, মিনচ আদি। |
বাহন | অলিম্পাচ |
তুলনামূলক ৰোমান দেবতা | জুপিটাৰ |
জ্যুচ (ইংৰাজী: Zeus) পুৰণি গ্ৰীক ধৰ্ম আৰু কিংবদন্তি মতে "দেৱতা আৰু মানৱৰ পিতৃপুৰুষ",[2] হিন্দু ধৰ্ম অনুসৰি ইন্দ্ৰৰ সমকক্ষ, ৰোমান বিশ্বাস বা কিংবদন্তিমতে জুপিটাৰ আৰু ইট্ৰুস্কান সমকক্ষ হৈছে টিনিয়া। তেওঁ গ্ৰীচৰ অলিম্পাচ পৰ্বতৰ পৰা অলিম্পাচ (গ্ৰীক কিংবদন্তি মতে হিন্দুৰ স্বৰ্গৰ সমতুল্য) এটা পৰিয়ালৰ মু্ৰব্বীৰ দৰে স্বৰ্গ আৰু পৃথিৱী শাসন কৰে। তেওঁ আকাশ আৰু বজ্ৰৰ অধিকাৰী।
জ্যুচ ক্ৰণচ আৰু ৰীয়াৰ সন্তান। তেওঁলোকৰ তিনিজন পুত্ৰ আছিল: জ্যুচ, প'জাইডন (সাগৰৰ দেৱতা) আৰু হেডীচ (ৰসাতলৰ/পাতালৰ দেৱতা) বেচিভাগ কিংবদন্তিতে জ্যুচৰ ধৰ্মপত্নী হৈছে হীৰা যদিও কোনো কোনো ক্ষেত্ৰত তেওঁৰ ডায়'নে বুলি এগৰাকী দেৱীও সংগী আছিল বুলি লিখিছে।[3] হোমাৰৰ ইলিয়াদত আফ্ৰোডেইটিক (ৰোমানমতে ভেনাচ) জ্যুচ আৰু ডায়'নেৰ জীয়ৰী বুলি উল্লিখিত আছে।[4]
অলিম্পাচৰ অনেক দেৱতাৰদৰেই জ্যুচৰো অন্য দেৱী, গন্ধৰ্ব দেৱী আৰু মানৱীৰ লগত যৌনসম্পৰ্ক আছিল আৰু তাৰ ফলস্বৰূপে তেওঁৰ অনেক দেৱ বা অৰ্ধদেৱ (demigod) সন্তান আছে। ইয়াৰে উল্লেখনীয় হৈছে এথিনা, এপ'ল', আৰ্টিমিচ, হাৰ্মিচ, আফ্ৰোডেইটি, প'ৰ্চিফনী (প'ৰ্চীফনী জ্যুচ আৰু ডিমিটাৰৰ জীয়েক), ডায়'নিউচাচ, পাৰ্চিয়াচ, হেৰাক্লিচ (ৰোমান হাৰকিউলিচ), ট্ৰয়ৰ হেলেন, মিন'চ (নিম'চিনীৰ পৰা), এৰিচ, হেবে, হেফেইষ্টাচ (ৰোমান ভালকান) আদি।[5]