টাৱাং জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | টাৱাং |
মহকুমা | টাৱাং, লুমলা, জং |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
• বিধানসভা সমষ্টি | ৩খন (লুমলা, টাৱাং আৰু মুক্ত) |
কালি | |
• মুঠ | 2,085 km2 (805 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 49,950 |
• ঘনত্ব | 24/km2 (62/sq mi) |
টাৱাং জিলা (Tawang district, Pron:/tɑ:ˈwæŋ or təˈwæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।[2] এই জিলাখনৰ জনসংখ্যা ৪৯,৯৫০ জন।[3] এই জিলা ১৯৫১ চনত চীনে তিব্বত অধিকাৰ কৰাৰ পিছৰে পৰা চীনে নিজৰ অধীন কৰিবলৈ দাবী কৰি আহিছে।[4][5][6]
টাৱাঙৰ মূল অধিবাসীসকল মনপা জনজাতিৰ লোক। খ্ৰীষ্টপূৰ্ব ৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০ লৈ টাৱাঙত Lhomon বা Monyul নামৰ বংশই ৰাজত্ব কৰিছিল।[7] পৰৱৰ্ত্তীকালত এই ৰাজত্ব উফৰাই টাৱাঙক ভূটান আৰু পিছত তিব্বতৰ অন্তৰ্ভুক্ত কৰা হয়।
১৯১৪ চনত চিমলা চুক্তি (1914 Simla Accord) অনুসৰি ব্ৰিটিছ ভাৰত আৰু তিব্বতৰ মাজত মেকমোহন লাইনক নতুন সীমা হিচাপে গ্ৰহণ কৰা হয়। তিব্বতে এই সীমা মানি ল’লেও চীনে কেইবাশ বৰ্গকিলোমিটাৰ ভাৰতৰ সীমাৰ অন্তৰ্ভুক্ত হোৱাটো স্বীকাৰ নকৰিলে।[8]
১৯৩৮ চনত ব্ৰিটিছে কেপ্টেইন জি এছ লাইটফুটৰ অধীনত কিছু সৈন্যবাহিনী পঠাই টাৱাঙৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে। ১৯৪১ চনত জাপানৰ আক্ৰমণৰ সময়ত, সেইসময়ৰ অসম চৰকাৰে তেতিয়াৰ নেফা অঞ্চল (North East Frontier Agency, NEFA)-ত অধিকাৰ সাব্যস্ত কৰিবলৈ কেইবাটাও প্ৰগতিকামী আঁচনি গ্ৰহণ কৰে। এই নেফাৰ এটা অংশই পৰৱৰ্ত্তীকালত অৰুণাচল প্ৰদেশ হয়গৈ। ১৯৪৪ চনত জে পি মিলছে ডিৰাঙত অসম ৰাইফলছৰ প’ষ্ট স্থাপন কৰাত টাৱাং জিলাৰ দক্ষিণৰ ছেলা পাছলৈকে প্ৰশাসনে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয়।[9]
১৯৫০ চনত তিব্বত নতুনকৈ প্ৰতিষ্ঠিত পিপলছ ৰিপাব্লিক অব চাইনাৰ অন্তৰ্ভুক্ত হয়। ইয়াৰ পিছৰে পৰাই তিব্বতে কূটনৈতিক স্বাধীনতা হেৰুৱায়। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধত, ক্ষন্তেকীয়াভাৱে টাৱাং চীনৰ অধীনলৈ যায়। যুদ্ধৰ শেষত অৱশ্যে চীনে টাৱাঙৰ পৰা সৈন্যবাহিনী আঁতৰাই নিয়ে।
১৯৮৯ চনত পশ্চিম কামেং জিলাৰ পৰা পৃথক কৰি টাৱাঙক পূৰ্ণাংগ জিলাৰ মৰ্যাদা দিয়া হয়।[10]
বৰ্তমানৰ চতুৰ্দশ দালাই লামাই ১৯৫৯ চনত চীনা সৈন্যৰ কবলৰ পৰা আত্মৰক্ষাৰ বাবে পলায়ন কৰাৰ সময়ত ৩০ মাৰ্চৰ দিনা ভাৰতত ভৰি দিয়ে আৰু টাৱাং মনেষ্টেৰীত কিছুদিন কটায়। অৱশেষত ১৮ এপ্ৰিলৰ দিনা তেওঁ তেজপুৰ পায়হি।[11] ইয়াৰ পিছত ২০০৯ চনৰ ৮ নৱেম্বৰৰ দিনা তেওঁ পুনৰ টাৱাঙলৈ আহে। টাৱাঙৰ অধিবাসীসকলৰ উপৰিও নেপাল আৰু ভূটানৰ পৰাও আহি প্ৰায় ৩০,০০০ লোকৰ তেওঁৰ দৰ্শনৰ বাবে টাৱাঙলৈ আগমণ ঘটে।[12]
টাৱাং জিলাখনৰ মুঠ মাটিকালি ২,০৮৫ বৰ্গ কিলোমিটাৰ (৮০৫ বৰ্গ মাইল)।[13] জিলাখন ২৭° ৪৫’ উত্তৰ অক্ষাংশ আৰু ৯০° ১৫’ পূব দ্ৰাঘিমাংশত অৱস্থিত। এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৬০০০-২২০০০ ফুট যদিও অধিকাংশ লোক নিম্ন উচ্চতাত বাস কৰে।
জিলাখন পশ্চিম কামেং জিলাৰ পৰা পৃথক কৰি সৃষ্টি কৰা হৈছিল। টাৱাং জিলাৰ পূব আৰু দক্ষিণে পশ্চিম কামেং জিলা, পশ্চিমে ভূটান আৰু উত্তৰে তিব্বত। ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা ৪৯,৯৫০ জন।[1] ইয়াৰে অধিকাংশ লোকেই মনপা, ভূটিয়া বা আদি জনজাতিৰ লোক।[14] শীতকালত টাৱাঙত অত্যধিক বৰফ পৰে।[15]
টাৱাং জিলাখন তিনিটা মহকুমাত বিভক্ত: টাৱাং, লুমলা (Lumla) আৰু জং (Jang)। টাৱাং মহকুমাৰ প্ৰশাসনিক বৃত্ত দুটা: টাৱাং আৰু কিতপি (Kitpi)। লুমলাৰ চাৰিটা প্ৰশাসনিক বৃত্ত: বংখাৰ (Bongkhar), দুদুংঘৰ (Dudunghar), লুমলা (Lumla) আৰু জেমিথাং (Zemithang)। তেনেদৰে জং মহকুমাৰ প্ৰশাসনিক বৃত্ত কেইটা হ’ল: জং (Jang), মুকত ( Mukto), থিংবু (Thingbu) আৰু হৌ (Lhou)। টাৱাং জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ তিনিটা সমষ্টি আছে: লুমলা, টাৱাং আৰু মুক্ত।[16]
২০১১ চনৰ লোকপিয়ল অনুসৰি টাৱাং জিলাৰ মুঠ জনসংখ্যা ৪৯,৯৫০ জন। [17] জনসংখ্যআৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩৩।[17] জিলাখনৰ জনঘনত্ব ২৪ প্ৰতি বৰ্গ কি.মি. (৬২ প্ৰতি বৰ্গ মিটাৰ)।[17] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৮.৩৩%।[17] টাৱাং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৭০১ গৰাকী[17] আৰু সাক্ষৰতাৰ হাৰ ৬০.৬১%।[17] জিলাখনৰ প্ৰায় ২০,০০০ অধিবাসী টাৱাং নগৰত বাস কৰে। মনপা জনজাতিৰ লোকেই সংখ্যাগৰিষ্ঠ। তেওঁলোকৰ উপৰিও তিব্বেতীয় লোক চহৰখনত সিঁচৰিত হৈ আছে।[18][19][20]
টাৱাঙৰ সংখ্যাগৰিষ্ঠ লোকেই জীৱন নিৰ্বাহৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। টাৱাঙৰ শীতৰ বাবে কৃষকসকলে বিশেষকৈ য়াক আৰু ভেড়া আদি পালন কৰে।
টাৱাং বিশেষকৈ টাৱাং মনেষ্টেৰীৰ বাবে পৰ্য্যটনৰ এক মূল কেন্দ্ৰ। তদুপৰি ইয়াৰ ছেলা পাছ আৰু জং জলপ্ৰপাতৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পৰ্য্যটকসকলৰ বাবে বিশেষ আকৰ্ষণ।[21]
টাৱাং মনেষ্টেৰীটো মেৰা লামা লড্ৰে গ্যাটছ’ (Mera Lama Lodre Gyatso)-ই পঞ্চম দালাই লামাৰ ইচ্ছানুসাৰে স্থাপন কৰিছিল। এই মনেষ্টেৰীটো ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ বৌদ্ধ মনেষ্টেৰী।[22]
চীন | ||||
পূব কামেং জিলা | ||||
টাৱাং জিলা | ||||
ভূটান | পশ্চিম কামেং জিলা |
|