টিনা আম্বানী | |
---|---|
%২০১২ চনত আম্বানী | |
জন্ম | টিন্স মুনিম ১১ ফেব্ৰুৱাৰী, ১৯৫৭ (৬৭ বছৰ) বোম্ব্ৰ, ভাৰত |
পেচা | অভিনয় শিল্পী, সমাজকৰ্মী, জনকল্যাণকৰ্মী |
সক্ৰিয় হৈ থকা সময় | ১৯৭৫–১৯৯১ |
পদবী | ফেমিনা মিছ ইণ্ডিয়া, ফেমিনা টিন প্ৰিন্সেছ, ১৯৭৫ |
দাম্পত্যসঙ্গী | অনিল আম্বানী (বি. ১৯৯১) |
সন্তান | ২ |
আত্মীয়-স্বজন | ধীৰুভাই আম্বানী (শহুৰ) মুকেশ আম্বানী (দেৱৰ) নীতা আম্বানী (জা) |
টিনা আম্বানী (ইংৰাজী: Tina Ambani; জন্ম : ১১ ফেব্ৰুৱাৰী ১৯৫৭) (বিবাহৰ পূৰ্বে মুনিম) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী। ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় [1] তেওঁ ৭০ আৰু ৮০ৰ দশকৰ শেষৰ ফালে হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আচিল। বহুতো ফাউণ্ডেশ্যন আৰু চেৰিটিৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত। ইয়াৰে বহুকেইটা তেওঁৰ শহুৰ ধীৰুভাই আৰু শাহু কোকিলাবেন আম্বানীৰ স্মৃতিত প্ৰতিষ্ঠা হৈছিল। বয়স্ক যত্নৰ পৰা আৰম্ভ কৰি ভাৰতীয় শিল্পৰ প্ৰচাৰলৈকে তেওঁৰ কাম।
১৯৫৭ চনৰ ১১ ফেব্ৰুৱাৰীত টিনা মুনিমে জন্মগ্ৰহণ কৰিছিল।ref>"Tina Ambani's birthday" (en ভাষাত). Republic World. https://www.kokilabenhospital.com/about/chairpersons_profile.html। আহৰণ কৰা হৈছে: 22 April 2021.</ref> ১৯৭৫ চনত বম্বেৰ খাৰেৰ এম এম পূপিলছ অ’ন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। সেই বছৰতে অৰ্থাৎ ১৯৭৫ চনত তেওঁ ফেমিনা টিন প্ৰিন্সেছ ইণ্ডিয়াৰ মুকুট জয় কৰে আৰু আৰুবাত অনুষ্ঠিত মিছ টিনেজ ইন্টাৰকন্টিনেণ্টেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, য'ত তেওঁক দ্বিতীয় ৰানাৰ্ছ আপৰ মুকুট পিন্ধোৱা হয়।[2] পৰৱৰ্তী সময়ত কলা বিষয়ত ডিগ্ৰী লাভৰ বাবে জয় হিন্দ মহাবিদ্যালয়ত নামভৰ্তি কৰে। পিছলৈ ৭০ৰ দশকত তেওঁ হিন্দী চলচ্চিত্ৰ জগতত যোগদান কৰে আৰু এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে তেৰ বছৰ ধৰি এক সফল কেৰিয়াৰ গঢ়ি তোলে।
১৯৯১ চনৰ ২ ফেব্ৰুৱাৰীত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ প্ৰতিষ্ঠা কৰা ভাৰতীয় ব্যৱসায়ী টাইকুন ধীৰুভাই আম্বানীৰ কনিষ্ঠ পুত্ৰ অনিল আম্বানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ জয় আনমোল (জন্ম ১৯৯১ চনৰ ডিচেম্বৰ মাহত) আৰু জয় অংশুল (জন্ম ১৯৯৫ চনৰ ছেপ্টেম্বৰ মাহত)। জ্যেষ্ঠ জয় আনমোলে ২০২২ চনৰ ২০ ফেব্ৰুৱাৰীত কৃষা শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3] মুনিমৰ দেৱৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী যি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ (আৰ আই এল) অধ্যক্ষ, পৰিচালন সঞ্চালক, আৰু সৰ্ববৃহৎ শ্বেয়াৰহোল্ডাৰ। [2] ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক, মুকেশৰ পত্নী নীতা আম্বানী তেওঁৰ জাক।
মুনিমে চলচ্চিত্ৰ নিৰ্মাতা দেৱ আনন্দৰ দেছ পৰদেছৰ জৰিয়তে হিন্দী ছবিত অভিষেক ঘটায় ৷ দেৱ আনন্দৰ সৈতে তেওঁৰ আন ছবিসমূহৰ ভিতৰত আছে লুটমাৰ, আৰু মন পছন্দ ৷ বসু চেটাৰ্জীৰ ছবি বাতোঁ বাতোঁ মেইত আমোল পালেকাৰৰ বিপৰীতে তেওঁ অভিনয় কৰিছিল।[4] ঋষি কাপুৰৰ সৈতে তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে কৰ্জ, আৰু য়েহ ৱাদা ৰাহা । অভিনেতা ৰাজেশ খান্নাৰ সৈতে ফিফটি ফিফটি, সৌতেন, বেৱাফাই, সুৰাগ, ইনছাফ মেই কৰুংগা, ৰাজপুত, আখিৰ কিউকে ধৰি বহু ছবিত অভিনয় কৰিছিল৷[5] তেওঁৰ শেষ ছবি আছিল জিগৰৱালা , (১৯৯১)। ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুনিমে কয় যে, “কেতিয়াবা মইও অনুভৱ কৰো [যে মই ছবিবোৰ বহুত সোনকালে এৰিলোঁ], কিন্তু তাৰ পিছত মই অনুভৱ কৰিলোঁ যে পৃথিৱীখনত আৰু বহুত আছে যিবোৰৰ মই অন্বেষণ আৰু অভিজ্ঞতা লাভ কৰিব বিচাৰিছিলো। মই কেতিয়াও আক্ষেপ কৰা নাছিলো। মই কেতিয়াও উভতি যাব বিচৰা নাছিলো, কেতিয়াও।"
যুৱ শিল্পীসকলক অভিজ্ঞ প্ৰবীণ আৰু স্বীকৃতিপ্ৰাপ্ত গুৰুসকলৰ সৈতে প্ৰদৰ্শন কৰিবলৈ এক মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে তেওঁ ১৯৯৫ চনত প্ৰথম হাৰমনি আৰ্ট শ্ব'ৰ আয়োজন কৰে।[6] ২০০৮ চনত হাৰমনি আৰ্ট ফাউণ্ডেচনে লণ্ডনৰ ক্ৰীষ্টিছত আগন্তুক ভাৰতীয় শিল্পীসকলক প্ৰদৰ্শন কৰি ভাৰতৰ প্ৰতিভাৰ সমৃদ্ধিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁ মেছাচুচেটছৰ চেলেমৰ পিবডি এচেক্স সংগ্ৰহালয়ৰ ব'ৰ্ড অৱ ট্ৰাষ্টীত কাৰ্যনিৰ্বাহ কৰি আহিছে, যিটো ২০০৮ চনৰ পৰা অবিৰতভাৱে চলি থকা আমেৰিকাৰ আটাইতকৈ পুৰণি সংগ্ৰহালয়।[7][8]
ইয়াৰ উপৰিও মুম্বাইৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট আৰু আহমেদাবাদৰ নেচনেল ইনষ্টিটিউট অৱ ডিজাইনৰ পৰামৰ্শদাতা ব'ৰ্ডত কাৰ্যনিৰ্বাহ কৰি আহিছে। ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ (ICCR) পুনৰ্গঠিত সাধাৰণ পৰিষদলৈও তেওঁক মনোনীত কৰা হয়।[9] তেও কেইবাটাও কল্যাণমূলক কাৰ্য্যকলাপৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে যেনে পথৰ শিশুৰ পুনৰ্বাসনৰ কামত নিয়োজিত বেচৰকাৰী সংস্থা অসীমা[10] আৰু ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ আৰু ইউনেস্ক'ৰ সৈতে মুম্বাইৰ ওচৰৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ এলিফান্টা দ্বীপ পুনৰুদ্ধাৰ কৰা।