ডোটেলী | |
---|---|
ডোটেলী | |
থলুৱা অঞ্চল | নেপাল |
অঞ্চল | ডোটী |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
লিখন প্ৰণালী | দেৱনাগৰী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
নেপাল |
ভাষা সংকেত | |
ISO 639-3 | dty |
গ্লোটোলগ | dote1238 [1] |
![]() |
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ ডোটেলী ভাষাৰ সংস্কৰণ |
ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।
জিলাসমূহৰ মতে, নেপালৰ সুদূৰ–পশ্চিম অঞ্চলত এই ভাষা বিভিন্ন নামেৰে জনাজাত।
জিলা | ভাষাৰ নামৰ বাবে ব্যৱহৃত শব্দ |
---|---|
কৈলালী | Baitadeli, Bajhangi–Nepali |
কাঞ্চনপুৰ | Baitadeli–Nepali, Pahadi, Nepali |
দোতি | Dotyali, Doteli |
দাদেলধুৰা | Dotyali, Dadeldhuri |
আচ্চামী | Achhami, Achhami-Nepali |
বৈতাদি | Baitadi, Baitadeli, Dotyali |
দাৰছুলা | Darchuleli, Dotyali, Sauka |
বাঝাং | Bajhangi, Bajhangi–Nepali |
যদিওবা ডোটেলী ভাষা নেপালী ভাষাৰ সৈতে সম্পূৰ্ণৰূপে একে নহয় তথাপিও, ডোটেলী ভাষাক বৃহৎ ভাষা নেপালীৰ সদস্য বুলি গণ্য কৰা হয়।[3] নেপালত ডোটেলী ভাষাক নেপালী উপভাষা বুলি গণ্য কৰা হয়। কিন্তু স্থানীয় বুদ্ধিজীৱী আৰু ডোটেলী জনসাধাৰণ, ডোটেলী ভাষা কোৱাসকলে তেওঁলোকৰ ভাষাক নেপালৰ অন্যতম জাতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ ক্ৰমান্বয়ে দাবী উত্থাপন কৰিছে।