ত্ৰিপুণ্ড্ৰ (ইংৰাজী: Tripundra) শৈৱ সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰৰ কৰা তিনি ৰেখাযুক্ত তিলক। দক্ষিণ ভাৰতত উৎপত্তি হোৱা ই এক প্ৰকাৰৰ শৰীৰ কলা। ত্ৰিপুণ্ড্ৰ সাধাৰণতে কপালত তিনিটা পথালি ৰেখা অংকন অংকন কৰা হয়। সাধাৰণতে পৱিত্ৰ ছাই বা বিভূতিৰ পৰা তৈয়াৰ কৰা ৰেখা আৰু সেন্দূৰৰ বিন্দুৰ সৈতে ত্ৰিপুণ্ড্ৰ অংকন কৰা হয়। হিন্দু ধৰ্মৰ ভিতৰত শৈৱ পৰম্পৰাত ই আধ্যাত্মিক অৰ্থ বহন কৰে। [1] ত্ৰিপুণ্ড্ৰ কপালৰ লগতে বাজু আৰু ডিঙিটো অংকন কৰা হয়। শিৱলিংগৰ সম্মুখৰফালে ত্ৰিপুণ্ড্ৰ অংকন কৰা হয়। উলম্ব ৰেখাৰে গঠিত এটা বৈষ্ণৱ সম্প্ৰদায় সম্পৰ্কীয় চিহ্নক উৰ্দ্ধ পুণ্ড্ৰ বুলি কোৱা হয়। [2]
ত্ৰিপুণ্ড্ৰ অংকনৰ প্ৰথাৰ বিষয়ে মধ্যযুগৰ হিন্দু গ্ৰন্থ যেনে ভস্মজাবাল উপনিষদ, বৃহজ্জবাল উপনিষদ আৰু কলাগ্নি ৰুদ্ৰ উপনিষদত উল্লেখ পোৱা যায়। [3] "তিনিটা বিভূতিৰ ৰেখা" ৰূপকৰ তাৎপৰ্য হিচাপে তিনি বৈদিক অগ্নি, ওঁৰ তিনি শ্ৰৱণযোগ্য শব্দাংশ, তিনি গুণ, তিনিখন জগত, তিনি আত্মা, তিনি বেদ আৰু শিৱৰ তিনি ৰূপ হিচাপে বিবেচনা কৰা হয়। [4]
ত্ৰিপুণ্ড্ৰ কপালত তিনিটা পথালি ৰেখা আৰু লগতে শৰীৰৰ অন্যান্য অংশত কৰা অংকন কিছুমান ধৰ্মীয় ৰীতি-নীতিৰ সময়ত প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। কিছুমানৰ বাবে ই দৈনিক অনুশীলনৰ অংগ। এণ্টোনিঅ' ৰিগোপুলোছৰ অনুসৰি অংকিত শাৰীবোৰে শিৱৰ ইচ্ছাশক্তিৰ তিনিগুণ শক্তি, জ্ঞান আৰু কাৰ্যক প্ৰতিনিধিত্ব কৰে। অন্যান্য শৈৱ গ্ৰন্থসমূহত ত্ৰিপুণ্ড্ৰয়ে শিৱৰ ত্ৰিশূল আৰু ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ঐশ্বৰিক ৰূপৰ প্ৰতীক। [1]
ত্ৰিপুণ্ড্ৰ অংকন কৰা প্ৰথা অনুশীলন কৰা সকলৰ বাবে জীৱনৰ আধ্যাত্মিক লক্ষ্য হৈছে মুক্তি। তেওঁলোকৰ মতে শৰীৰ আৰু ভৌতিক বস্তুবোৰ সংসাৰিক মায়া। আক্ষৰিক অৰ্থত ত্ৰি মানে তিনি পুণ্ড্ৰ মানে মুকলি কৰা। ভ্ৰূৰ ওপৰত বিভূতিৰ তিনিটা পথালি ৰেখা অংকন কৰি শিৱৰ তৃতীয় চকুৰ প্ৰতীক হিচাপে বিন্দু থাকে। বিভূতি যজ্ঞ বা বলিৰ জুই-কাঠৰ পৰা সংগ্ৰহ কৰা হয়। ই ভৌতিক শৰীৰৰ অস্থায়ী প্ৰকৃতি আৰু শিৱৰ (আত্ম-ব্ৰহ্ম) আধ্যাত্মিক প্ৰাপ্তি আৰু ঘনিষ্ঠতাৰ গুৰুত্বৰ স্মাৰক। কলাগ্নি ৰুদ্ৰ উপনিষদৰ দ্বিতীয় অধ্যায়ত তিনিটা ৰেখায়ে পৱিত্ৰ অগ্নি, ওঁ, গুণ, জগত, আত্মা, শক্তি, বেদ, বৈদিক পানীয় সোম আহৰণৰ সময় আৰু মহেশ্বৰক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ আছে। [5][6]
ত্ৰিপুণ্ড্ৰ শব্দৰ "ত্ৰি"য়ে ত্ৰিগুণ - সত্ত্ব, ৰজ আৰু তমঃক সূচায়; ত্ৰিলোক – ভূহু, ভুৱহ, সুৱহ; ত্ৰিতপ – ভৌতিক, দৈৱিক আৰু অধ্যাত্মিকক প্ৰতিনিধিত্ব কৰে। ত্ৰিপুণ্ড্ৰক ভস্ম বা বিভূতি বুলিও কোৱা হয়। ত্ৰিপুণ্ড্ৰই প্ৰাণ বা জীৱন শক্তি আৰু ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ দ্বাৰা সম্পাদন কৰা তিনিটা দায়িত্বক সূচায়। ব্ৰহ্মাই সৃষ্টিক প্ৰতিনিধিত্ব কৰে, বিষ্ণুৱে জীৱিকা শক্তিক বুজায় আৰু শিৱই ধ্বংসক প্ৰতিনিধিত্ব কৰে। এনেদৰে ত্ৰিপুণ্ড্ৰই হিন্দু দেৱতা ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ পৱিত্ৰ ত্ৰিমূৰ্তিৰ প্ৰতীক।[8] কপালত ত্ৰিপুণ্ড্ৰ অংকন কৰাক "ভস্ম ধাৰণ" বুলি কোৱা হয়। ভস্ম শব্দটোৰ অৰ্থ হৈছে ছাই। যিসকলে কপালত ত্ৰিপুণ্ড্ৰ পিন্ধে, তেওঁলোকে প্ৰায়ে প্ৰভুৰ আধ্যাত্মিক অৰ্থ মনত ৰাখি ইয়াৰ মন্ত্ৰোচ্চাৰণ কৰে। ই কেৱল সংস্কৃতি বা চিনাক্তকৰণৰ লক্ষণ নহয় বৰঞ্চ ইয়াৰ দাৰ্শনিক ভিত্তি আছে।
![]() |
ৱিকিমিডিয়া কমন্সত ত্ৰিপুণ্ড্ৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |