থাইৰইড হৰম'ন (ইংৰাজী: Thyroid hormone) হ'ল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰম'ন। থাইৰয়ড নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে এই হৰম'ন নিঃসৃত কৰে। এই হৰম'নে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু বৰ্ধনকে (Growth and Development) ধৰি শৰীৰৰ অতিকে প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।
আমাৰ শৰীৰৰ ডিঙিৰ স্বৰযন্ত্ৰৰ (ইংৰাজী: Larynx) ঠিক তলতে থাইৰইড গ্ৰন্থি অৱস্থিত। এই গ্ৰন্থি দুটা ভাগত বিভক্ত - সোঁ গ্ৰন্থি (Right lobe) আৰু বাঁও গ্ৰন্থি (left lobe)। এই গ্ৰন্থিৰ ওজন প্ৰায় ২৫ গ্ৰাম। সাধাৰণতে মহিলাৰ থাইৰইড গ্ৰন্থিৰ আকাৰ পুৰুষৰ থাইৰইড গ্ৰন্থিতকৈ বেছি। [1]
ডিঙিত থকা থাইৰইড গ্ৰন্থিয়ে দুই ধৰণৰ থাইৰইড হৰম'ন নিসৃত কৰে - এবিধ হৈছে "থাইৰক্সিন" আৰু অন্যবিধ "ট্ৰাইআইড-থাইৰনিন"। চমুকৈ এই দুবিধ হৰম'নক T4 আৰু T3 বোলা হয়।
থাইৰইড হৰম'নৰ অভাৱত হোৱা এবিধ ৰোগ হৈছে 'গইটাৰ'। আমাৰ সমাজত ইয়াক 'গৰল' ৰোগ বুলি আখ্যা দিয়া হয়। এই ৰোগ হ'লে থাইৰইড গ্ৰন্থিৰ আকাৰ বৃদ্ধি হব আৰু ডিঙিটো ফুলি যায়। থাইৰইড হৰম'নৰ অভাৱত হোৱা অন্য এবিধ ৰোগ হৈছে 'Myxedema'। এই ৰোগ হ'লে শৰীৰৰ বিভিন্ন অংশ,যেনে - মুখ,ভৰি আদি ফুলে। Myxedema সাধাৰণতে মহিলা ৰোগীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। জন্মলগ্নৰেপৰা থাইৰইড হৰম'নৰ অভাৱ হ'লে শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধি বাধাগ্ৰস্ত হয়। এই অৱস্থাটোক 'Cretinism' বোলা হয়।[1]
থাইৰইড হৰম'নৰ আধিক্যই শৰীৰত সৃষ্টি কৰা অৱস্থাটোক থাইৰটক্সিকছিছ বোলা হয়। এই ৰোগৰ প্ৰভাৱ চকুৰ ওপৰত পৰে। তদুপৰি ৰোগীৰ অত্যধিক ভোক লাগে আৰু শৰীৰৰ বিভিন্ন অংশৰ কঁপনি (Tremor) হয়। থাইৰইড হৰম'নৰ বৃদ্ধিজনিত অথবা অভাৱজনিত দুয়োধৰণৰ ৰোগৰে উচ্চ চিকিৎসা বৰ্তমান আবিষ্কাৰ হৈছে। ঔষধ তথা শল্য চিকিৎসাৰ দ্বাৰা এই ৰোগসমূহৰ সমাধান কৰা হয়। সাৱধানতাসমূহৰ ভিতৰত আয়ডিনযুক্ত আহাৰ গ্ৰহণ উল্লেখযোগ্য।
Thyroid hormone treatment in thyroid disease