থোনাকল গোপী | |
---|---|
থোনাকল গোপী | |
জন্ম | ২৪ মে', ১৯৮৮ (৩৬ বছৰ) কেৰালা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | এথলীট |
থোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮)[1] এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল।[2] তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।[3][4][5]
২১ বছৰ বয়সত তেওঁ হায়দৰাবাদৰ আৰ্মি আৰ্টিলাৰি চেণ্টাৰত হাবিলদাৰ পদত যোগ দিয়ে আৰু নমহীয়া সেনা প্ৰশিক্ষণ গ্ৰহণ কৰে।[6] ২০১৪ চনত জাতীয় উন্মুক্ত এথলেটিকচত তেওঁ স্বৰ্ণ পদক জয় কৰে আৰু ২০১৬ চনৰ দক্ষিণ এছিয়ান ক্ৰীড়াত ৰেকৰ্ডসহ স্বৰ্ণ পদক জয় কৰে।
বছৰ | প্ৰতিযোগিতা | খেলৰ স্থান | স্থান | অনুষ্ঠান | সময় | তথ্যসূত্ৰ |
---|---|---|---|---|---|---|
২০১৪ | জাতীয় উন্মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ | নতুন দিল্লী, ভাৰত | 1st | ১০,০০০মি. | ২৯:৩২:২৬ | [7] |
২০১৫ | এয়াৰটেল দিল্লী হাফ মাৰাথন | নতুন দিল্লী, ভাৰত | 2nd Indian / 19th Overall | হাফ মাৰাথন | ১:০২:৪৫ | [8] |
২০১৬ | মুম্বাই মাৰাথন | মুম্বাই ভাৰত | 2nd Indian / 11th Overall | মাৰাথন | ২:১৬:১৫ | [5][9][10][11][12][13] |
২০১৬ | দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতা | গুৱাহাটী, ভাৰত | 1st | ১০,০০০ মি. | ২৯:১০:৫৩ | [14] |
গোপীৰ জন্ম সাধাৰণ কৃষক পৰিয়ালত হৈছিল। শৈশৱৰ পৰায়ে তেওঁ পিতৃ-মাতৃক ধান আৰু আদা খেতিত সহায় কৰিছিল। কাক্কাভায়াল[3] চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গোপী পঢ়া-শুনা কৰিছিল। কেৰালাৰ কথামাংগালামত অৱস্থিত মাৰ আথানাচিয়াচ কলেজত তেওঁ অৰ্থনীতি বিষয়ত নামভৰ্তি কৰিছিল। কিন্তু তৃতীয় বৰ্ষত পঢ়া-শুনা এৰি ভাৰতীয় সেনাত যোগ দিয়ে।[6] তেওঁৰ ৰাজ্য কেৰালাৰ পৰা সবাতোকৈ বেছি সংখ্যক ভাৰতীয় এথলীট বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।[3][6]
গোপী তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি। প্ৰতিমাহে জোতা কিনাৰ টকাৰ বাদে বেতনৰ গোটেই টকা তেওঁ পৰিয়ালক দিয়ে।[6] ২০১৬ চনৰ মধ্য পৰ্যন্ত তেওঁৰ কোনো কৰ্পোৰেট স্পন্সাৰ নাছিল।