জাৰ্মাণিক বিশ্বাসত থৰ (/θɔr/; পুৰণি নৰ্ছ: Þórrৰপৰা) এগৰাকী হাতুৰীধাৰী দেৱতা- বিজুলী, গাজনি, ধুমুহা, ওকগছ, বল, মানৱতা ৰক্ষা, পবিত্ৰকৰণ আৰু উৰ্বৰতাৰে সম্বন্ধিত। পুৰণি নʼৰ 'Þórr'ৰ উপৰিও এই দেৱতাই পুৰণি ইংৰাজী ভাষাত Þunor আৰু পুৰণি উচ্চ জাৰ্মান ভাষাত Donar (ৰুণিক þonar) ৰূপে স্থান লাভ কৰিছে। দেৱতাগৰাকীৰ সকলো ৰূপৰে উৎস সাধাৰণ জাৰ্মাণিক Þunraz - অৰ্থাৎ গাজনি।
জাৰ্মেনিয়াৰ ৰোমান দখলেই হওক বা প্ৰব্ৰজন কালৰ জনজাতীয় বিস্তাৰেই হওক, জাৰ্মাণিক লোকসকলৰ লিখিত ইতিহাসত থৰৰ উল্লেখ বাৰে বাৰে পোৱা যায়। থৰৰ জনপ্ৰিয়তাৰ শিখৰ ভাইকিং কাল- স্কেণ্ডিনেভিয়াৰ খ্ৰিষ্টীয়কৰণ বিৰোধী প্ৰতিক্ৰিয়াৰ অংশ ৰূপে থৰৰ হাতুৰী ম্যলনিৰ পৰিধান আৰু নৰ্ছ ব্যক্তিগত নামসমূহত থৰৰ উল্লেখ অতিকৈ জনপ্ৰিয় হৈ পৰিছিল এই কালতেই।
জাৰ্মাণিক সংগ্ৰহৰ প্ৰকৃতিৰ বাবে থৰ সম্বন্ধীয় কাহিনী কেৱল পুৰণি নৰ্ছতহে উপলব্ধ- য'ত নৰ্ছ শ্ৰুতিকথাত থৰৰ নাম উল্লেখনীয়ভাৱে পোৱা যায়। স্কেণ্ডিনেভিয়াৰ পৰম্পৰাগত তত্ত্বৰপৰা উদিত নৰ্ছ মিথকশাস্ত্ৰ ঘাইকৈ আইচলেণ্ডত নথিভুক্ত কৰা হৈছিল। এই মিথকশাস্ত্ৰত থৰৰ উল্লেখ অনেক কাহিনীত পোৱা যায়। এই দস্তাৱেজসমূহত থৰৰ অন্ততঃ পোন্ধৰটা নাম পোৱা যায়, তেওঁ সোণালী কেশধাৰী দেৱী চিফৰ পতি আৰু য়টোন য়াৰ্ণচেক্সাৰ প্ৰেমিক। তেওঁৰ নয়ন বজ্ৰ-কল্প, চুলি আৰ দাঢ়ী ৰঙা।[1] থৰ দেৱী (আৰু সম্ভৱতঃ ভেল্কিয়াৰি) ড্ৰুড্ৰৰ পিতা, মাতৃ চিফ; তেওঁ মাগ্নিৰো পিতৃ, মাতৃ য়াৰ্ণচেক্সা। ম'ডিও থৰৰেই সন্তান, পিচে মাতৃৰ নাম পোৱা নাযায়, থৰ উল্ৰৰ সতীয়া পিতৃ। অডিনৰ মাধ্যমেৰে, থৰৰ অনেক ভাতৃ আছে, বাল্ড্ৰো এক। থৰৰ দুই সেৱক নামৰ দুই ছাগলীয়ে টনা ৰথত ভ্ৰমণ কৰে (যাক তেওঁ ভক্ষণ কৰে আৰু পুনৰ্জীৱন দান কৰে), আৰু বিল্স্কিৰ্ণিৰ, ড্ৰুড্হেইম্ৰ্, আৰু ড্ৰুডভাঙ্ৰত বাস কৰে। থৰৰ হাতত থাকে পৰ্বত ভংগী হাতুৰী, ম্যলনিৰ, তেওঁ মেগিংয়'ৰ্ড আৰু লৌহ হাতমোজা য়াৰ্ণগ্ৰেইপাৰ পৰিধান কৰে। থৰে শোষণ কৰে- নিজৰ শত্ৰুক নাশ কৰে আৰু দানৱী সৰ্প য়ৰ্মুঙাণ্ড্ৰক হত্যা কৰিছিল। এই ঘটনাৱলী নৰ্ছ মিথকশাস্ত্ৰৰ প্ৰায় সকলো উৎসতেই পোৱা যায়।
আধুনিক কালতো, জাৰ্মাণিক ভাষী ইউৰোপৰ গাওঁসমূহত থৰৰ কাহিনীৰ প্ৰচলন বৰ্তি আছে। থৰৰ নাম বিভিন্ন স্থানৰ নামত পোৱা যায় আৰু ইংৰাজী বাৰ 'থাৰ্চডে''ও থৰৰ নামতেই নামাংকিত (ই পুৰণী ইংৰাজী Þūnresdæg, 'Þunor'ৰ দিনৰপৰা অহা)। থৰৰ লগতে পাগান কালৰ বিভিন্ন নাম বৰ্তমানেও স্কেণ্ডিনেভিয়াত জনপ্ৰিয়। থৰৰ কাহিনীয়ে অনেক কলাত্মক সৃষ্টিক অনুপ্ৰাণিত কৰিছে আৰু থৰৰ উল্লেখ আধুনিক সংস্কৃতিত প্ৰায় দেখা যায়। আন্যান্য জাৰ্মাণিক দেৱতাৰ দৰেই থৰৰ মৰ্যাদাও আধুনিক সময়ত হেথেন্ৰিৰ দ্বাৰা পুনৰ্জাগৃত কৰা হৈছে।
পুৰণি নৰ্ছ Þórr (ᚦᚢᚱ), পুৰণি ইংৰাজী ðunor, পুৰণি উচ্চ জাৰ্মান ডনাৰ, পুৰণি চেক্সন thunar, আৰু পুৰণি ফ্ৰিচিয়ান thunerৰ উৎস একেই- প্ৰতিটোৱেই প্ৰ'ট' জাৰ্মাণিক পুৰুষবাচক বিশেষ্য þunraz- 'গাজনি'ৰপৰা অহা। .[2]
থৰ দেৱতাৰ নামৰপৰাই ইংৰাজী সপ্তাহৰ দিন 'থাৰ্চডেই' আহিছে। ইণ্টাৰ্প্ৰিটেচিঅ' জাৰ্মাণিকা নামৰ ঘটনাত ৰোমান সাম্ৰাজ্যৰ সময়ত জাৰ্মাণিক লোকে ৰোমান সাপ্তাহিক পঞ্জিকা গ্ৰহণ কৰিলে- কিন্তু ৰোমান দেৱতাসকলৰ নামৰ ঠাইত নিজৰ দেৱতাসকলৰ নাম ব্যৱহাৰ কৰিবলৈ ল'লে। লেটিন 'ডিয়েচ ল'ভিচ' (জুপিটাৰৰ দিন)ৰ ঠাইত প্ৰ'ট' জাৰ্মাণিক Þonares dagaz (থৰৰ দিন- থৰ্চ ডেই) ব্যৱহাৰ কৰা হ'ল। আধুনিক ইংৰাজীৰ থাৰ্চডেইৰ উৎস এয়াই।[3]
ভাইকিং কালৰ পাছৰপৰাই থৰযুক্ত নামৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। এই যুগৰ পূৰ্বে এনে কোনো উদাহৰণ পোৱা নাযায়। থৰ নামৰ জনপ্ৰিয়তাৰ কাৰণ স্কেণ্ডিনেভিয়াৰ খ্ৰিষ্টীয়কৰণৰ বিৰুদ্ধে বিকশিত হোৱা প্ৰতিক্ৰিয়াৰ অংশ জ্ঞান কৰা হয়। এই কালতেই থৰৰ হাতুৰীৰূপী পেণ্ডেণ্ট পৰিধান কৰাও জনপ্ৰিয় হৈ পৰিছিল।[4]
জাৰ্মাণিক লোকসকলৰ উল্লেখ সৰ্বপ্ৰথমে ৰোমানসকলৰ দস্তাৱেজত পোৱা যায়। ইণ্টাৰ্প্ৰিটেচিঅ' ৰ'মানাৰে থৰৰ উল্লেখ বহুবাৰ এনে দস্তাৱেজত কৰা হৈছিল। এই প্ৰক্ৰিয়াত ৰোমানসকলে চিনাকি যেন লগা অ-ৰোমান দেৱতাক কোনো একেধৰণৰ ৰোমান দেৱতাৰ নামেৰে উল্লেখ কৰিছিল- প্ৰায় ৰোমান দেৱতা য়ৱে (জুপিটাৰ) বা গ্ৰেক'-ৰোমান দেৱতা হাৰ্ক্যুলিচৰ নাম ব্যৱহৃত হৈছিল। এই প্ৰক্ৰিয়া প্ৰথমে ৰোমান ইতিহাসবিদ টেচিটাচৰ খ্ৰিষ্টীয় প্ৰথম শতিকাৰ গ্ৰন্থ 'জাৰ্মেনিয়া'ত দেখা যায়। তেওঁ জাৰ্মাণিক লোকসকলৰ এটি সংঘ চুৱেবীৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে এনেদৰে লিখিছিল- "দেৱতাসকলৰ ভিতৰত, তেওঁলোকৰ মূল আৰাধ্য মাৰ্ক্যুৰি। তেওঁলোকে তেখেতৰ আগত, বিশেষ কিছু দিনত মানৱ বা অন্যান্য বলি দান কৰাক ধৰ্মীয় দায়িত্ব জ্ঞান কৰে। হাৰ্ক্যুলিচ আৰু মাৰ্চক তেওঁলোকে অনুমতি থকা বিশেষ জন্তু বলি দি প্ৰসন্ন কৰে" আৰু লগতে উল্লেখ কৰিছিল যে চুৱেবিসকলৰ একাংশই "আইচিচ"কো পূজে।[5] ইয়াত টেচিটাচে অডিনক মাৰ্ক্যুৰি, থৰক হাৰ্ক্যুলিচ আৰু টিউক মাৰ্চ আখ্যা দিছে। আইচিচে কাক বুজাইছে, সেয়া স্পষ্ট নহয়। থৰক হাৰ্ক্যুলিচ আখ্যা দিয়াৰ কাৰণ সম্ভৱতঃ থৰৰ হাতুৰী আৰু হাৰ্ক্যুলিচৰ ক্লাবৰ সাদৃশ্য।[6] নিজৰ 'এনেল্স'ত টেচিটাচে জাৰ্মাণিক লোকসকলৰ "হাৰ্ক্যুলিচ"ৰ প্ৰতি সন্মানৰ কথা উল্লেখ কৰিছে- তেওঁ লিখিছিল যে (বৰ্তমানৰ উত্তৰ-পশ্চিম জাৰ্মানীৰ) ৱেচাৰ নদীৰ কাষৰ এখন বন হাৰ্ক্যুলিচলৈ উচৰ্গিত।[7]
ৰোমান সাম্ৰাজ্যই দখল কৰা জাৰ্মাণিক অংশত লেটিন লিপিত "হাৰ্ক্যুলিচ" লিখা মুদ্ৰা আদি আৱিষ্কাৰ কৰা হৈছে। বাস্তৱত, সম্ভৱতঃ, থৰৰ কথাহে ইয়াত উল্লেখ কৰা হৈছিল।[8]
সপ্তম শতিকাৰ গহনা নৰ্ডেণ্ডৰ্ফ ফিবুলাত পোণপ্ৰথমবাৰৰ বাবে থৰৰ নাম প্ৰত্যক্ষভাৱে উল্লেখ কৰা দেখা যায়। মাইগ্ৰেচন কালৰ এই গহনাত থৰৰ দক্ষিণ জাৰ্মাণিক নাম ডনাৰ উল্লিখিত।[9]
প্ৰায় একে সময়ৰে মিছনাৰী চেইণ্ট বনিফেচে 'য়ৱে'লৈ উচৰ্গিত এজোপা ওকগছ কাটি পেলালে অষ্টম শতিকাত- গছজোপা জাৰ্মানীৰ হেচে অঞ্চলৰ 'ডনাৰৰ ওক'।[10]
৮ম শতিকাৰ দ্বিতীয়াৰ্দ্ধত পুৰণি ইংৰাজী ভাষাত থুনৰৰ উল্লেখ পোৱা যায়, যি সম্ভৱতঃ থৰৰ চেক্সন ৰূপ। ইয়াৰ সম্বন্ধত উল্লেখ কৰা উচিত যে পুৰণি ইংৰাজী ভাষাত থুনৰ শব্দ কোনো কোনো সময়ত জুপিটাৰক বুজাবলৈও ব্যৱহাৰ কৰা হৈছিল। থৰৰ উল্লেখ সম্ভৱতঃ 'চলমন এণ্ড চেটাৰ্ণ' নামৰ কবিতাত পোৱা যায়- এই কবিতাত বিজুলীয়ে দানৱক "আগ্নেয় কোঠাৰেৰে" আক্ৰমণ কৰে- পুৰণি ইংৰাজী 'থুন্নৰাড্ (থাণ্ডাৰ ৰাইড) ব্যৱহাৰ কৰা হৈছিল- যিয়ে খুব সম্ভৱ দেৱতাজনৰ বিজুলীৰ দৰে, ছাগলীয়ে টনা ৰথৰ কথা বুজাইছিল।[11][12]
নৱম শতিকাৰ জাৰ্মানীৰ মেইঞ্জৰ 'অ'ল্ড চেক্সন বাপ্টিজমেল ভাউ" নামৰ এক কডেস্কত তিনি পুৰণি চেক্সন দেৱতাক দানৱ বুলি ত্যাগ কৰা হৈছে। এই তিনি দেৱতা ৱডান, চেক্সন'ট আৰু থুনেৰ। এনে কাৰ্য খ্ৰীষ্টধৰ্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে জাৰ্মাণিকসকলে বিভিন্ন সময়ত কৰিবলগীয়া হৈছিল।[13]
১১ শতিকাৰ এক কেণ্টিচ ৰাজকীয় কাহিনীত থুনৰ নামৰ এক খলনায়ক উল্লিখিত- যাক থুনৰেচ লেৱে নামৰ ঠাইত পৃথিৱীয়ে গিলিছিল। গেব্ৰিয়েল টুৰ্ভিল-পেট্ৰেৰ মতে, পাছলৈ ঠাইখনৰ নামৰ উৎস এনে বুলি বিশ্বাস কৰা হ'বলৈ ধৰিলে, যিহেতু পাছলৈ এই কথা পাহৰা গৈছিল যে এসময়ত থুনৰক দেৱতা জ্ঞান কৰা হৈছিল।[14]
একাদশ শতিকাত এডাম অৱ ব্ৰেমেণে নিজৰ জেষ্টা হেম্বাৰ্গেন্সিস এক্লেচিয়ে পণ্টিফিচাম'-ত উল্লেখ কৰিছে যে থৰৰ মূৰ্ত্তি- যাক এডামে সবাতোকৈ শক্তিশালী আখ্যা দিছিল, ছুইডেনৰ গাম্লা উপ্সালাত স্থিত থকা উপ্সালাৰ মন্দিৰ তিনি সিংহাসনৰ মাজতে বহে। এডামে লিখিছিল, "থৰে, তেওঁলোকে স্মৰণ কৰে যে, আকাশক শাসন কৰে, বিজুলী আৰু গৰজনী, বায়ু আৰু ধুমুহা, ভাল বতৰ আৰু উৰ্বৰতাক শাসন কৰে" আৰু যে "থৰ, নিজৰ মুষলৰ সৈতে জুপিটাৰ যেন লাগে দেখাত"। এডামে লগতে উল্লেখ কৰিছিল যে উপ্সালাৰ লোকসকলে থৰক আৰু অনান্য দেৱতাক পূজিবলৈ পূজাৰী নিযুক্ত কৰিছিল, আৰু পূজাৰীসকলে বলিদান আগবঢ়াইছিল। থৰৰ ক্ষেত্ৰত, এই বলিদান মহামাৰী বা আকালৰ সম্ভাৱনা থাকিলে কৰা হৈছিল।[15] এই লিখনিতে, তাৰ আগত এডামে উল্লেখ কৰিছিল যে ১০৩০ চনত ইংৰাজ প্ৰচাৰক ৱুল্ফ্ৰেডক জাৰ্মান পাগানসকলৰ এটি গোটে হত্যা কৰিছিল, থৰৰ প্ৰতিমূৰ্ত্তিক অপৱিত্ৰ কৰাৰ দোষত।[16]
একাদশ শতিকাৰ দুই ৰুণিক শিলালিপিত থৰৰ কথা উল্লেখ কৰা হৈছিল- ইংলেণ্ড আৰু ছুইডেনত। ইংলেণ্ডত পোৱা শিলালিপি কেণ্টাৰ্বাৰি চাৰ্মত থৰক এটি আঘাতৰ চিকিৎসা কৰিবলৈ অনুৰোধ কৰা হৈছিল।[17] ছুইডেনৰ শিলালিপি কুইনেভি এম্যুলেটত থৰ আৰু থৰৰ হাতুৰীৰ সংৰক্ষণ বিচৰা হৈছিল।[18]
দ্বাদশ শতিকাত, নৰৱে'ৰ "আনুষ্ঠানিক" খ্ৰীষ্টিয়কৰণৰ এক শতিকা হৈ যোৱাৰ পাছতো, থৰক বিচৰা বন্ধ হোৱা নাছিল। নৰৱে'ৰ বাৰ্গেৰত পোৱা ব্ৰিগ্গেন শিলালিপিত পোৱা এডাল এচাৰিত লিখা বাৰ্তাত থৰ আৰু অডিনৰ সহায় বিচৰা হৈছিল। অনুৰোধ হৈছিল যক্ন থৰে পাঠকক গ্ৰহণ কৰে আৰু অডিন পাঠকৰ গৰাকী হয়।[19] প্ৰায় একেই সময়তে দ্বাদশ শতিকাত, একাদশ শতিকাৰ খ্ৰিষ্টীয়কৰণকাৰী ৰজা অলাফ অৱ নৰৱে' (চেইণ্ট অলাফ)ৰ ছবি ৰঙা দাঢ়ী আৰু হাতুৰীৰ সৈতে বিখ্যাত হৈ পৰিল।[20]
১৩ শতিকাত সংগ্ৰহ কৰা 'পয়েটিক এডা'ত ভলুস্পা, গ্ৰিম্নিস্মাল, স্কিৰ্ণিস্মাল, হাৰ্বাৰ্ডস্ল্যড, হাইমিস্ভিডা, লকাচেন্না, ট্ৰায়মস্কভিডা, আলভিস্মাল আৰু হাইণ্ড্লুল্যুত থৰৰ উল্লেখ পোৱা যায়।[21]
'ভলুস্পা'ত, এটি মৃত ভল্ভাই ব্ৰহ্মাণ্ডৰ ইতিহাস সোঁৱৰে আৰু বেশধাৰী দেৱ অডিনৰ ভৱিষ্যৎ ব্যাখ্যা কৰে, থৰৰ মৃত্যুৰো পূৰ্বানুমান কৰা হয়। থৰে, তেওঁ কয়, ৰাগ্নাৰকত এক বিশাল সৰ্পৰ বিৰুদ্ধে যুদ্ধ কৰিব আৰু দানৱী সৰ্পক হত্যা কৰিব। কিন্তু তাৰ ৯ খোজৰ পাছতেই, সৰ্পবিশৰ ফলত থৰৰ মৃত্যু হ'ব।
Benjamin Thorpe translation:
|
Henry Adams Bellows translation:
|
তাৰ পাছত, ভল্ভাই কয়, আকাশ ক'লা হৈ পৰিব, অগ্নিয়ে বিশ্বক ঢাকি পেলাব, তৰাবোৰ নোহোৱা হ'ব, আকাশত অগ্নিশিখাই নৃত্য কৰিব, ভাপ উৰিব, পানীয়ে বিশ্বক বুৰাই পেলাব আৰু তাৰ পাছত, বিশ্বৰ পুনৰোদয় হ'ব, সেউজীয়া আৰু উৰ্বৰ ৰূপত।[24]
'গ্ৰিম্নিস্মাল'ত গ্ৰিম্নিৰৰূপী দেৱতা অডিনে অত্যাচৰিত আৰু তৃষ্ণাতুৰ হৈ আগ্নাৰৰ সৃষ্টিতাত্ত্বিক কাহিনী গায়, তাৰ অংশৰূপে উল্লেখ কৰে যে থৰ থাকে ড্ৰুডহেইম্ৰত, আৰু যে সদায় থৰে কৰ্ম্ট আৰু অৰ্ম্ট নদীৰে নামে আৰু তাৰ সৃষ্টিতাত্ত্বিক বৃক্ষ ইগ্ড্ৰাচিলত ন্যায়াধীশ ৰূপে বহে।[25]
স্কিৰ্ণিস্মালত দেৱতা ফ্ৰেইৰৰ বাৰ্তাবাহক স্কিৰ্ণিৰে গেৰ্ড্ৰক অভিশাপ দিয়ে যে থৰ, ফ্ৰেইৰ আৰু অডিনে গেৰ্ড্ৰক ভাল নাপাব।[26]
থৰ 'হাৰ্বাৰ্ড্স্ল্যড'ৰ মুখ্য চৰিত্ৰ। "পূব দিশৰপৰা আহি" থৰে এজন নাৱৰীয়া হাৰ্বাৰ্ড্ৰক (ছদ্মবেশী অডিনক) লগ কৰে। থৰে নৌকা যাত্ৰাৰ আহ্বান কৰাত হাৰ্বাৰ্ড্ৰ্ ক্ৰোধিত হয় আৰু দুয়োৰে মাজত যুদ্ধ হয়। যুদ্ধকালত কবিতাটিত দুয়োৰে বিষয়ে বিভিন্ন কথা কোৱা হৈছে, যেনে থৰে কেনেকৈ পূবত কেইবাটাও য়োট্ণাৰ হত্যা কৰিছিল।[27]
থৰ 'হাইমিস্ক্ভিডা'ৰো মুখ্য চৰিত্ৰ। ভালেমান সময় চিকাৰ কৰাৰ পাছত দেৱতাসকল তৃষ্ণাতুৰ হৈ পৰিছিল। থৰ গৈ পালেগৈ এগিৰৰ ঘৰ আৰু সুখী এগিৰক দেৱতাসকৰ বাবে ভোজ তৈয়াৰ কৰাৰ আদেশ দিলে। এই কথা এগিৰে ভাল নাপালে আৰু থৰক ক'লে যে এ'ল তৈয়াৰ কৰিবলৈ পচন্দৰ বাচন আনিলেহে তেওঁ দেৱতাসকলৰ কথাত মান্তি হ'ব। দেৱতাসকল তেনে বাচন বিচৰাত প্ৰথমে অসফল হ'ল, পাছত টাইৰে পৰামৰ্শ প্ৰদান কৰিলে যে এলিভাগেৰৰ ওচৰত থকা হাইমিৰৰ ওচৰত তেনে এক কেটলি থাকিব পাৰে। থৰ গ'ল হাইমিৰ ঘৰত য'ত তেওঁ নিজৰ ৯০০ শীষধাৰী আইতাক আৰু নিজৰ মাকক লগ পালে। বাচন পাই থৰে তৃপ্তিৰে আহাৰ কৰিলে।[28]
হাস্যকৰ কবিতা 'ড্ৰাইমস্ক্ভিডা'ত থৰ মুখ্য চৰিত্ৰ। কবিতাটিত থৰে ৰাতিপুৱা শুই উঠি নিজৰ হাতুৰীটো নাপায়। হাতুৰী ম্যলনিৰ সন্ধানহীন হোৱাত তেওঁ ল’কিক খবৰ দিয়ে। দুয়ো গৈ দেৱী ফ্ৰেইজাৰ ঘৰ পাই গৈ আৰু তেওঁৰ পাখীৰ বস্ত্ৰ বিচাৰে- তেওঁ অনতিবিলম্বে থৰক বিচৰা বস্তু দিয়ে।[29]
য়টোন্হেইম্ৰত য়টোন ড্ৰাইম্ৰে লকিক অকলে দেখি কাৰণ জানিবলৈ প্ৰশ্ন কৰে। লকিয়ে কয় যে তেওঁৰ ওচৰত এল্ভ আৰু এচিৰ- দুয়োৰে বাবেই দুঃখবৰ আছে। থৰৰ হাতুৰী ম্যল্নিৰ হেৰাল। ড্ৰাইম্ৰে ক'লে যে তেঁৱেই হাতুৰীটোক মাটিৰ ৪৫ কিলোমিটাৰ (৮ লীগ) তলত গোপনে ৰাখিছিল আৰু ফ্ৰেইজাক তেওঁলৈ বিয়া দিলেহে হাতুৰী উদ্ধাৰ হ'ব। লকি উৰি যায়।[30]
থৰে লকিক প্ৰশ্ন কৰে হাতুৰীৰ বিষয়ে, লকিক উৰি থাকোঁতেই, কাৰণ "বহি থকা মানুহে প্ৰায় মিছা মাতে"। লকিয়ে তেওঁ হাতুৰীৰ কথা গম পোৱাৰ কথা ক'য়- যে হাতুৰীটো ড্ৰাইম্ৰৰ ওচৰত আছে, আৰু ফ্ৰেইজাক তেওঁলৈ বিয়া দিলেহে হাতুৰী উদ্ধাৰ হ'ব। থৰ আৰু লকি গৈ ফ্ৰেইজাৰ ওচৰ পাইগৈ আৰু তেওঁক শীঘ্ৰে বিয়াৰ কাপোৰ পৰিধান কৰিবলৈ কয়। দুয়োৰে কথা শুনি ফ্ৰেইজা ক্ৰোধিত হয়, তেওঁৰ ক্ৰোধত এচিৰৰ হলসমূহ খহি পৰে আৰু তেওঁৰ বিখ্যাত গলৰ হাৰ, ব্ৰিচিঙামেন চিঙি যায়। ফ্ৰেইজা বিবাহত বহিবলৈ অমান্তি হয়।[31]
দেৱ-দেৱীসকলে উপায় চৰ্চা কৰিবলৈ মেল পাতে। দেৱতা হেইমডাল্ৰে পৰামৰ্শ দিয়ে এনেদৰে- থৰকেই কইনা সাজি পঠিওৱা হওক। থৰ প্ৰথমে অমান্তি হৈছিল যদিও লকিয়ে বুজালে যে হাতুৰী উদ্ধাৰ কৰাৰ ই একমাত্ৰ উপায় আৰু হাতুৰী অবিহনে য়োটনাৰসকলে অতি সহজেই এচগাৰ্ড দখল কৰিব। থৰক কইনা ৰূপে সজোৱা হয় আৰু লকিয়ে দাসীৰ ৰূপ লয়।[32]
থৰৰ ছাগলীয়ে টনা ৰথত দুয়ো গৈ য়টোন্হেইম্ৰ্ পাই গৈ। ড্ৰাইম্ৰে সকলো য়োটনাৰক হললৈ আমন্ত্ৰণ কৰি নিজৰ সম্পদৰ বিৱৰণ দিয়ে- আৰু কয় যে তেওঁৰ সম্পদ হিচাপে নাছিল কেৱল ফ্ৰেইজাহে, আৰু ফ্ৰেইজাৰ অভাৱো সেই দিনা পূৰ্ণ হয়।[33]
আবেলী ফ্ৰেইজা ৰূপী থৰ আৰু দাসী ৰূপী লকিয়ে ড্ৰাইম্ৰ আৰু য়োটনাৰসকলক লগ কৰে। থৰে কেইবাটাও জন্তু গোটাই একেবাৰতে ভক্ষণ কৰে। অচম্বিত ড্ৰাইম্ৰক দাসী ৰূপী লকিয়ে বুজাই যে বিবাহৰ সুখত ফ্ৰেইজাই ৮ দিনৰ বাবে একোৱেই খোৱা নাছিল বাবেহে এনে ব্যৱহাৰ দেখা গৈছিল। ড্ৰাইম্ৰে যেতিয়া 'ফ্ৰেইজা'ক চুমা খাবলৈ ওৰণি দাঙিবলৈ ধৰিলে, থৰৰ অগ্নি-চক্ষু তেওঁৰ সন্মুখত পৰিল। লকিয়ে বুজালে- ফ্ৰেইজা বিবাহৰ সুখত ৮ দিনৰপৰা শোৱা নাছিল- সেয়ে তেওঁৰ চকু তেনে হৈ পৰিছিল।[33]
য়োটনাসকলে কইনাক পবিত্ৰ কৰিবলৈ ম্যলনিৰ হাতুৰী আগবঢ়ায়- "ফ্ৰেইজা"ৰ কোলাত ৰাখে। হাতুৰীটো পাই কইনাৰূপী থৰ সুখী হয় আৰু হাতুৰীৰে ড্ৰাইম্ৰৰ লগতে অন্য য়োটনাৰকো হত্যা কৰি পেলায়।[34]
প্ৰ্জ এডাত থৰক ট্ৰয়ৰ যুৱৰাজ আখ্যা দিয়া হৈছে। ৰজা মেম্ননৰ পুত্ৰ, মাতৃ প্ৰিয়াম। তেওঁ চিবিল (চিফ)ৰ পতি। থৰ থ্ৰে'চত ডাঙৰ হ'ল নেতা লৰিকাচৰ দ্বাৰা। লৰিকাচক হত্যা কৰি তেওঁ থ্ৰেচৰ ৰজা হ'ল। থৰৰ আছিল "সোণতকৈও সুন্দৰ চুলি" আৰু দহ ভালুকৰ ছাল দাঙিব পৰা শক্তি।
এচিৰৰ অৰ্থ "এছিয়াৰপৰা অহা মানুহ" আৰু এচগাৰ্ড "এছিয়াৰ মহানগৰ" (অৰ্থাৎ ট্ৰয়)। অন্য মতত ট্ৰয় টিৰ্কলেণ্ড (তুৰস্ক) আৰু এছিয়ালেণ্ড চাইথিয়া- য'ত থৰে নতুন মহানগৰ এচগাৰ্ড স্থাপন কৰিছিল। অডিন থৰৰ বংশধৰ- ১২ প্ৰজন্মৰ পাছৰ। তেওঁ জাৰ্মানী, ডেনমাৰ্ক আৰু ছুইডেন আক্ৰমণ কৰিছিল।
প্ৰ'জ এডাৰ চাৰিওখন গ্ৰন্থতে থৰৰ উল্লেখ আছে।
১৩ শতিকাৰ 'হেইমস্ক্ৰিংলা'ত থৰ বা থৰৰ মূৰ্ত্তিৰ উল্লেখ 'ইংলিঙা চাগা, হাকনাৰ চাগা গডা, অলাফছ চাগা, ট্ৰিগ্ভাচনাৰ' আৰু 'অলাফচ চাগা হেল্গা'ত আছে।[35]
আধুনিক কালতো থৰৰ কাহিনী আৰু থৰ সম্বন্ধীয় কাহিনীৰে প্ৰভাৱিত বিভিন্ন বস্তু দেখা যায়, বিশেষকৈ স্কেণ্ডিনেভিয়াত। নৰৱেজিয়ান 'থৰ্চ্ৱাৰ্মে' (থৰৰ উত্তাপ)- বিজুলী বুজাবলৈ, স্বেডিছ 'গডগুফেন' 'আফাৰ' (ভাল বৃদ্ধ পুৰুষজন যাত্ৰাত উলাইছে) আৰু 'টৰ্ডন' (থৰৰ গাজনি) বৰ্তমানেও ব্যৱহৃত শব্দ বা কথা। গ্ৰিমৰ মতে, এনে এক সময় আহিছিল যেতিয়া স্কেণ্ডিনেভিয়ানসকলে দেৱতাজনৰ নাম প্ৰত্যক্ষভাৱে ল'ব নিবিচৰা হৈছিল।[36]
থৰৰ ছবি এগৰাকী ৰঙা-দাঢ়ীৰ দেৱতা ৰূপেই বৰ্ত্তি থাকিল- ডেনিছ কবিতা এটাত "'থৰ মেড চিট লাংগে স্কেগ'" বুলি উল্লেখ কৰা হৈছে, যাৰ অৰ্থ "ৰঙা চুলি থকা গৰজনি তাক চোৱা।[36]
স্কেণ্ডিনেভিয়াৰ বিভিন্ন সাধু-কথাত ট্ৰল্স আৰু য়োটনাৰে বিজুলীৰপৰা ভয় খায়, বিজুলীৰ দেৱতা থৰৰ প্ৰভাৱতেই সম্ভৱতঃ পাছলৈ এনে কাহিনীৰ সৃষ্টি হ'ল। বৰ্তমানেও আধুনিক স্কেণ্ডিনেভিয়াত ট্ৰল্স আৰু এটিন্সৰ অভাৱক "বিজুলীৰ দক্ষতাৰ ফল" বুলি মনা হয়।[37]
আধুনিক কলা আৰু শিল্পত থৰক প্ৰায় ব্যৱহাৰ কৰা হয়। ১৭৭৬ত এফঃ জেঃ ক্লপ্ষ্টকে থৰ বিষয়ক 'ৱিৰ আণ্ড চিয়ে' লিখিছিল। ইলেন্স্ক্লেগাৰ, ৱিলহেল্ম হাৰ্ট্জ, ষ্টায়াৰ্ণষ্টল্প, গ্ৰুণ্ডৱিগ আদি বিভিন্ন লেখকে থৰৰ বিসয়ে লিখিছে।[38]
হেন্ৰি ফিউস্লি, ফ্ৰেউণ্ড, এস্কিল ৱিঞ্জ, এহ্ৰেন্বাৰ্ঘ, ডপলাৰ আদি বিভিন্ন চিত্ৰকাৰেও থৰক আকিছিল।[39] থৰিয়াম নামৰ ৰাসায়নিক মৌল থৰৰ নামত ৰখা হৈছে- স্বিডেনৰ ৰসায়ন বিজ্ঞানী জনছ জেকব বাৰ্জিলিয়াচৰ আগ্ৰহত।[40]
১৯৬২ত আমেৰিকী কমিক বুক লেখক ষ্টেন লিয়ে থৰ অডিনছন নামৰ এটি মহানায়ক সৃষ্টি কৰিছিল- যাৰ প্ৰেৰণা থৰ।[41] ৰঙা চুলিৰ ঠাইত হালধীয়া চুলিৰ ব্যৱহাৰ কৰা হৈছে। ২০১১ চনত মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চৰ অংশ হিচাপে থৰক প্ৰথম বাৰৰ বাবে দেখা গ'ল।
কংগ' গণতান্ত্ৰিক গণৰাজ্যত পোৱা থৰ্চ হিৰ' শ্ৰিউ ('স্কুটিচৰেক্স থৰি') শ্ৰিউৰ এক প্ৰজাতি।[42] গৱেষকৰ দলটোৱে থৰৰ শক্তিক সন্মান জনায় এই নাম ৰাখিছিল।[42]
ৰিক ৰায়ৰ্ডানৰ মেগ্নাচ চেজ এণ্ড দ্য গডছ অৱ এচগাৰ্ডত থৰৰ চৰিত্ৰক প্ৰস্তুত কৰা হৈছে।[43]
থৰ চৰিত্ৰ ২০১৮ চনৰ ভিডিঅ' গে'ম 'গড অৱ ৱাৰ'-তো প্ৰদৰ্শিত কৰা হৈছে।