দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা | |
---|---|
লেখক | মামণি ৰয়ছম গোস্বামী |
দেশ | ![]() |
ভাষা | অসমীয়া ভাষা |
পূৰ্বৱৰ্তী | মামৰে ধৰা তৰোৱাল |
পৰৱৰ্তী | বুদ্ধ সাগৰ ধূসৰ গাইসা আৰু মহম্মদ নুছা |
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা হৈছে মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ বাবে তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। এই উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন।[1] মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসখন কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। তেওঁ সত্ৰৰ অধিকাৰ গোসাঁইৰ ঘৰখনক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেওঁ নিজেই ইংৰাজীলৈও অনুবাদো কৰিছে।[1]
মামণি ৰয়ছম গোস্বামী (১৯৪১ – ২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।[2] তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা[3] আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা[4] লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।[5]
অসমত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।
উপন্যাসখনৰ কাহিনীভাগ হ’ল কুৰি শতিকাৰ মধ্যভাগ।[1] ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীঘল হোৱা উচ্চ বংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোড়ামীৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ এগৰাকী "গোসাঁনী" বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংষোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকন কৰিছে। সমাজ উৰ্ধ্বলৈ চেষ্টা কৰা গিৰিবালা নামৰ বিধৱাগৰাকীৰ পদে পদে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ঔপন্যাসিকে প্ৰকাশ কৰিছে। সমাজক প্ৰত্যাহ্বান জনাই গিৰিবালাই অৱশেষত আত্মহত্যা কৰে।
সংস্কাৰাচ্ছন্ন মানুহৰ হাতত পৰি লুণ্ঠিত হোৱা মানৱতাৰ কৰুণ ৰূপ প্ৰতিফলিত হৈছে। মানুহ আৰু মানৱীয় চেতনাকৈ সমাজৰ ৰীতিক অধিক মূল্যৱান হিচাপে মূল্যৱান কৰি কেনেকৈ অন্ধকাৰক নিমন্ত্ৰণ জনোৱা হয় তাৰ প্ৰতিচ্ছবি উপন্যাসখনত স্পষ্টকৈ প্ৰকাশ পাইছে। ব্ৰাহ্মণ বিধবাৰ সকৰুণ জীৱনবৃত্ত ইয়াত প্ৰকাশ পাইছে। ভাৰতৰ স্বাধীনতা আন্দোলন সম্পৰ্কীয় দুই এটি প্ৰসংগ ইয়াত উত্থাপন কৰা হৈছে।[1] উপন্যাসখনত বৈজ্ঞানিক ভিত্তিহীন বিশ্বাস আৰু পৰম্পৰাৰ বিৰুদ্ধে এক সবল অন্তঃসলিলা ফল্গুৰ দৰে নিহিত হৈ আছে। উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন The Moth Eaten Howdah of the Tusker নামেৰে ইংৰাজীলৈও অনুবাদ কৰা হৈছে। মামণি ৰয়ছম গোস্বামীয়ে নিজেই ইংৰাজীলৈ এই উপন্যাসখনৰ অনুবাদ কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে, “…লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ'লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিছুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ'ল।”[6]